উত্তৰ গুৱাহাটীলৈ উচ্চ ন্যায়ালয় স্থানান্তৰৰ বিৰোধিতা, আধাৰশিলা অনুষ্ঠান বৰ্জন ঘোষণা অধিবক্তা সন্থাৰ

এক জাননীযোগে অধিবক্তা সন্থাই সকলো সদস্যকে এই সামূহিক সিদ্ধান্ত মানি চলিবলৈ আৰু কোনো ধৰণৰ চৰকাৰী কাৰ্যসূচীত অংশ নল’বলৈ আহ্বান জনোৱা হৈছে। এই নিৰ্দেশ অমান্য কৰিলে সন্থাৰ নিয়ম অনুসৰি অনুশাসনমূলক ব্যৱস্থা লোৱা হ'ব বুলিও সকীয়াই দিয়া হৈছে।

উত্তৰ গুৱাহাটীলৈ উচ্চ ন্যায়ালয় স্থানান্তৰৰ বিৰোধিতা, আধাৰশিলা অনুষ্ঠান বৰ্জন ঘোষণা অধিবক্তা সন্থাৰ

অধিবক্তা সন্থাৰ প্ৰতিবাদ

Updated On: 

08 Jan 2026 | 07:29 PM

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মূল ভৱন উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰ কৰাৰ চৰকাৰী সিদ্ধান্তক লৈ চলি থকা বিতৰ্কই এতিয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে। এই প্ৰস্তাৱিত স্থানান্তৰকৰণৰ বিৰোধিতা কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সন্থাই অহা ১১ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া আধাৰশিলা স্থাপন অনুষ্ঠান সম্পূৰ্ণৰূপে বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে। যোৱা ৬ জানুৱাৰীত অনুষ্ঠিত এক জৰুৰীকালীন সাধাৰণ সভাত অধিবক্তা সন্থাই সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

কেৱল অনুষ্ঠান বৰ্জনেই নহয়, সন্থাই উচ্চ ন্যায়ালয় স্থানান্তৰৰ প্ৰতিবাদত আজিৰ পৰা অনশন কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি অৰ্থাৎ ৮ জানুৱাৰীৰ লগতে ৯ আৰু ১১ জানুৱাৰীত পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ উচ্চ ন্যায়ালয়ৰ ৪ নম্বৰ গেটৰ সমুখত শান্তিপূৰ্ণ অনশন কাৰ্যসূচীও ৰূপায়ণ কৰিব অধিবক্তা সন্থাই।

এক জাননীযোগে অধিবক্তা সন্থাই সকলো সদস্যকে এই সামূহিক সিদ্ধান্ত মানি চলিবলৈ আৰু কোনো ধৰণৰ চৰকাৰী কাৰ্যসূচীত অংশ নল’বলৈ আহ্বান জনোৱা হৈছে। এই নিৰ্দেশ অমান্য কৰিলে সন্থাৰ নিয়ম অনুসৰি অনুশাসনমূলক ব্যৱস্থা লোৱা হ’ব বুলিও সকীয়াই দিয়া হৈছে।

উল্লেখ্য যে, বৰ্তমানৰ উচ্চ ন্যায়ালয় চৌহদৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰৈৰ উত্তৰ গুৱাহাটীলৈ ন্যায়ালয়খন স্থানান্তৰ কৰাৰ চৰকাৰী ঘোষণাৰ পাছৰে পৰাই অধিবক্তাসকলৰ মাজত তীব্ৰ অসন্তুষ্টিয়ে বিৰাজ কৰিছে। অধিবক্তাসকলৰ মতে, নদীৰ সিপাৰে ন্যায়ালয় স্থানান্তৰ কৰিলে সাধাৰণ বিচাৰপ্ৰাৰ্থী আৰু অধিবক্তাসকল যাতায়াতৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হ’ব।

ইয়াৰ পূৰ্বেও সন্থাই কেইবাৰো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু চৰকাৰক এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছিল। অধিবক্তা সন্থাই অভিযোগ কৰি আহিছে যে তেওঁলোকৰ সৈতে কোনো আলোচনা নকৰাকৈয়ে চৰকাৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত জাপি দিছে। আনহাতে চৰকাৰে এই আধুনিক ‘জুডিচিয়েল চিটী’ৰ জৰিয়তে আন্তঃগাঁথনি উন্নত হ’ব বুলি দাবী কৰি আহিছে।

কি কি কাৰণত চুগাৰৰ মাত্ৰা বৃদ্ধি পাব পাৰে ? জানেনে
ডায়েবেটিছ ৰোগীৰ শৰীৰত প্ৰথম অৱস্থাত কি কি লক্ষণে দেখা দিয়ে, জানক...
শীতকালত কিয় বেছিকৈ চুলি সৰে ? প্ৰতিৰোধ কৰাৰ উপায় জানক
এই ৬টা সাধাৰণ অভ্যাসে নষ্ট কৰিব পাৰে কিডনী! জানক...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ