জুবিন গাৰ্গক ন্যায় দিয়ক: GMCHৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গ্ৰহণ নকৰিলে গৰিমাই

আৱেগিক হৈ গৰিমাই কয় যে, "মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ব্যক্তিগত সম্পত্তি নহয়, আইনী নথি। মই মোৰ মানুহজনক হেৰুৱালোঁ। মই কেতিয়াও তেওঁক ঘূৰাই পাব নোৱাৰো।কিন্তু তেওঁ প্ৰাপ্য ন্যায় পাব লাগিব। জুবিন গাৰ্গক ন্যায় দিয়ক। তাত কোনোধৰণৰ গাফিলতি হ'ব নালাগে।"

জুবিন গাৰ্গক ন্যায় দিয়ক: GMCHৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গ্ৰহণ নকৰিলে গৰিমাই

GMCHৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গ্ৰহণ নকৰিলে গৰিমাই

Updated On: 

04 Oct 2025 19:31 PM

পূৰ্ণগতিত অব্যাহত আছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। আজি গৰিমা গাৰ্গক প্ৰদান GMCHত কৰা জুবিন গাৰ্গৰ পোষ্টম’ৰ্টেম ৰিপ’ৰ্ট।  তদন্তকাৰী বিষয়াৰ হাতত গৰিমাই ওভতাই দিলে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। SITৰ তদন্তৰ ওপৰত সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে গৰিমা শইকীয়া গাৰ্গৰ। SITৰ বিষয়া মৰমী দাসে অৰ্পণ কৰিছিল প্ৰতিবেদন।

পষ্ট’মৰ্টেম ৰিপৰ্ট ঘূৰাই দি কান্দোনত ভাগি পৰিল গৰিমা শইকীয়া গাৰ্গ। সংবাদ মাধ্যমক আগত গৰিমাই কয়, ‘যিহেতু এতিয়াও তদন্ত চলি আছে, গতিকে এই মুহূৰ্তত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰিলে এই প্ৰক্ৰিয়াত বাধা আহিব পাৰে বুলি অনুভৱ কৰিলোঁ।সেইবাবেই মই প্ৰতিবেদনখন গ্ৰহণ কৰা নাই। সেয়া তেওঁলোকৰ হাততে থাকক।’

লগতে পঢ়ক: জুবিনৰ গীতৰ নামত প্ৰযোজকৰ পৰা ধন লৈছিল শেখৰজ্যোতিয়ে: দাবী প্ৰসেনজিৎ লাহনৰ

ন্যায়িক প্ৰক্ৰিয়াৰ ওপৰত থকা আস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰি গৰিমাই কয়, “মোৰ আইনৰ ওপৰত বিশ্বাস আছে। আইনী বিষয়ৰ কথা মই বিশেষ নাজানো। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আদালত আৰু তদন্তকাৰী বিষয়াসকলৰ হাতত থাকিব লাগে। মোৰ বিশ্বাস তদন্ত সঠিকভাৱে আগবাঢ়িছে। শীঘ্ৰে ভাল ফলাফল পাম বুলি আশা কৰিলো।”

ক্ষিপ্ৰ আৰু স্বচ্ছ তদন্তৰ আহ্বান জনাই তেওঁ অতি সোনকালে সত্য পোহৰলৈ আনিবলৈ প্ৰশাসনক আহ্বান জনায়। গৰিমাই কয়, ‘আমি অতি সোনকালে জানিব লাগিব যে প্ৰকৃততে কি হৈছিল।তদন্ত তীব্ৰতৰ কৰিব লাগিব। যিজন দোষী তেওঁ কঠোৰতম শাস্তিৰ সন্মুখীন হ’ব লাগে।’

আৱেগিক হৈ গৰিমাই কয় যে, “মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ব্যক্তিগত সম্পত্তি নহয়, আইনী নথি। মই মোৰ মানুহজনক হেৰুৱালোঁ। মই কেতিয়াও তেওঁক ঘূৰাই পাব নোৱাৰো।কিন্তু তেওঁ প্ৰাপ্য ন্যায় পাব লাগিব। জুবিন গাৰ্গক ন্যায় দিয়ক। তাত কোনোধৰণৰ গাফিলতি হ’ব নালাগে।”

লগতে তেওঁ আৰু নিশ্চিত কৰে যে তেওঁ আৰু ভগ্নী দুয়োৰে বক্তব্য ইতিমধ্যে এছ আই টিয়ে ৰেকৰ্ড কৰিছিল।জুবিন গাৰ্গক বিহ দিয়া বুলি প্ৰকাশ পোৱা অভিযোগ সন্দৰ্ভত গৰিমাই এনে দাবীৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয়,  “যদি জুবিনক বিহ খুৱাইছে বুলি  শেখৰ গোস্বামীয়ে জানিছিল , তেন্তে ইমান দিনে কিয় লুকুৱাই ৰাখিলে? এই ক্ষেত্ৰত দোষীয়ে সম্ভৱপৰ কঠোৰতম শাস্তি পাব লাগিব। মোৰ স্বামীয়ে সকলোকে ইমান ভাল পাইছিল; সকলোকে ইমান মৰম কৰিছিল। তাৰ পিছতো তেওঁৰ লগত কিয় এনেকুৱা হ’ল? যদি কোনোবাই যদি এনে কৰিছে কঠোৰতম শাস্তি হওক”।

গুপ্তাংগৰ অত্যধিক দুৰ্গন্ধ ওলায় নেকি? এই ঘৰুৱা উপায়েৰে কৰক দূৰ
ডেংগুৰ কোনটো তিনিটা লক্ষণক আওকাণ কৰা উচিত নহয়?
দেৱী লক্ষ্মীৰ বাহন, সপোনত ফেঁচা দেখাটো কিহৰ ইংগিত জানেনে?
হঠাতে ৰক্তচাপ বৃদ্ধি, এই তিনিটা লক্ষণে দেখা দিলে সাৱধান হওক