Morning Headline: নৌ সেনা দিৱসৰ পৰা আৰম্ভ কৰি বিটিচিৰ খবৰলৈ… ১ মিনিটতে পঢ়ক পুৱাৰ বহুকেইটা খবৰ

আজি ৪ ডিচেম্বৰ বৃহস্পতিবাৰ, ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

Morning Headline: নৌ সেনা দিৱসৰ পৰা আৰম্ভ কৰি বিটিচিৰ খবৰলৈ... ১ মিনিটতে পঢ়ক পুৱাৰ বহুকেইটা খবৰ
Updated On: 

04 Dec 2025 06:39 AM

আজি ৪ ডিচেম্বৰ, প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই শনিবাৰৰ দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. আজি নৌ সেনা দিৱস। প্ৰতি বছৰে ৪ ডিচেম্বৰত পালন কৰা হয় ভাৰতীয় নৌ সেনা দিৱস। এই দিৱসত স্মৰণ কৰা হয় ভাৰতীয় নৌ সেনাৰ শ্বহীদ বীৰসকলক।
  2. পুনৰ সৰ্বভাৰতীয় পৰ্যায়ত উজলিল অসম সন্তান। ডেৰাডুনত অনুষ্ঠিত সদৌ ভাৰত ফুল কণ্টেক কাৰাটেত পদক লাভ কৰে অভিজিৎ বিশ্বাসে।
  3. বুধবাৰে গৃহ বিভাগত ৫ হাজাৰ ৮১৮গৰাকী নৱ নিৰ্বাচিত প্ৰাৰ্থীক সৰুসজাইত নিযুক্তিপত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ। ২লাখ নিযুক্তিৰ দিশে ৰাজ্য চৰকাৰৰ আৰু এটা সবল খোজ ।
  4. সংসদ পালে গৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ বিষয়টো। ইফালে, তেজপুৰ বিশ্ববিদ্যালয়ৰ শেহতীয়া পৰিস্থিতিক লৈ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে সাংসদ তথা প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে।
  5. প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বুধবাৰে প্রাকৃতিক খেতিৰ ভাৰতৰ কৃষি ভৱিষ্যতৰ বাবে এক শক্তিশালী ভেটি বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে Natural Farming ৰ ওপৰত LinkedIn ত শ্বেয়াৰ কৰিছে পোষ্ট।
  6. ভুৱা বাতৰি আৰু এ আইৰ দ্বাৰা প্ৰস্তুত কৰা ডিপফেক ভিডিঅ’ সন্দৰ্ভত লোকসভাত বিশেষ মন্তব্য কৰে মন্ত্ৰী অশ্বিনীয় বৈষ্ণৱে। তেওঁ এই ক্ষেত্ৰত আইনী কাঠামো শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে।
  7. বুধবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কোহলীয়ে অৰ্জন কৰিলে ৭ নম্বৰটো শতক। এয়া ছিৰিজৰ একেৰাহে দ্বিতীয়টো শতক। ইয়াৰ লগে লগে কোহলীয়ে কেইবাটাও অভিলেখ গঢ়ে। ইমানেই নহয় ভংগ কৰে শচীনৰ অভিলেখ।
  8. ভাৰতীয় সেনাৰ এটা বিশেষ দলে বুধবাৰে শ্ৰীলংকাত উপস্থিত হয়। দেশখনক সাহায্য আৰু সাহায্য প্ৰদানৰ বাবে এইচ এ ডি আৰ অভিযান, উদ্ধাৰ, আৰু সাহায্য প্ৰচেষ্টাত নিজৰ প্ৰতিবেশী দেশক সহায় কৰিবলৈ আগবাঢ়ি গৈছে ভাৰত।
  9. সদ্য সমাপ্ত বিটিচি নিৰ্বাচনত BPF দলৰ সাফল্যত উৎফুল্লিত দলৰ নেতা কৰ্মী। এইবাৰ লক্ষ্য ২০২৬ ৰ বিধানসভা নিৰ্বাচন। পূৰ্বতে ১২ টা সমষ্টি আছিল কিন্তু সমষ্টি পুণৰ নিৰ্ধাৰণৰ পিছত ১৫ টা সমষ্টি বিটিচি অন্তৰ্ভুক্ত হৈছে।
গুপ্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? জানক ঘৰতে কেনেকৈ দূৰ কৰিব এই সমস্যা
মাহেকীয়াৰ পূৰ্বে পেট ফুলা যেন অনুভৱ হয় নেকি? জানক কেনেকৈ দূৰ কৰিব এই সমসা
দৈনিক বিটৰ ৰস কিয় খাব লাগে? ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা ওজন নিয়ন্ত্ৰণলৈকে ইয়াৰ উপকাৰিতা জানক
ফেটি লিভাৰৰ পৰা উপশম পাব, আদা দিয়া এই পানীয় দৈনিক সেৱন কৰক...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...
প্ৰেয়সীক আনিবলৈ দৰা সাজি ৰথেৰে যাত্ৰা দৰাৰ...
লুৰিণজ্যোতি গগৈৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ...
নিশা ৰাজ্যিক চিৰিয়াখানাৰ পৰা ওলাই আহিল হৰিণ