লিভাৰৰ সমস্যাৰ পৰা উপশম পাবলৈ আদাৰ লগত আৰু কি কি খাব ?

December 3, 2025

TV9 ASSAM

আদা কেৱল চৰ্বিযুক্ত যকৃতৰ বাবেই নহয়, পেটৰ সমস্যা, যকৃতৰ যিকোনো ৰোগ, চিৰ’ছিছৰ দৰে জটিল যকৃতৰ ৰোগৰ বাবেও উপকাৰী হ’ব পাৰে।

আদা উপকাৰী

আদাৰ বহুতো গুণ আছে। বহু লোকে ঘৰুৱা ঔষধ হিচাপে আদাৰ ওপৰত নিৰ্ভৰ কৰে। আদাত এনে উপাদান থাকে যিয়ে যকৃতত জমা হোৱা চৰ্বি গলাব পাৰে।

ফেটি লিভাৰ

আদাত এন্টি-ইনফ্লেমেটৰী গুণ আছে। আদাত থকা এই উপাদানটোৱে চৰ্বিৰ বিপাকীয় ক্ৰিয়াত সহায় কৰে। লিভাৰৰ সমস্যাৰ পৰা উপশম পাবলৈ আদাৰ লগত আৰু কি কি খাব ?

আদাৰ লগত কি কি খাব?

থেতেলিয়াই থোৱা আদাৰ লগত এগিলাচ কুহুমীয়া পানী উতলাই লওক। অলপ ঠাণ্ডা হ’লে তাত নেমুৰ ৰস মিহলাই ৰাতিপুৱা খালী পেটত খাব লাগে।

আদা-নেমুৰ পানী

কেঁচা হালধি একাপ পানীত মিহলাই লওক। ইয়াত  আদা থেতেলিয়াই দিব লাগে। পানী উতলাই চেকি লওক আৰু পান কৰিলে যকৃতৰ প্ৰদাহ কম হয়।

আদা-হালধি চাহ

এগিলাচ গৰম পানীত চফ গুটি আৰু থেতেলিয়াই লোৱা আদা উতলাই চাহৰ দৰে খাব পাৰে। খাদ্য খোৱাৰ পিছত এই পানীয় সেৱন কৰিলেও হজম শক্তি ক্ষিপ্ৰ হ’ব।

আদা আৰু চফ 

গৰমৰ দিনত এই পানীয় খালে পেটটো ঠাণ্ডা হৈ থাকিব। আপোনাৰ লিভাৰৰ সমস্যা নহয়। এগিলাচ পানীত থেতেলিয়াই লোৱা আদা আৰু এমুঠি পদিনা উতলাই ভালদৰে খাব লাগে। 

আদা-পদিনা ডিটক্স

পঢ়িবলৈ ক্লিক কৰক

বগা নে ব্ৰাউন ৰঙৰ কণী বেছি উপকাৰী ?