Morning News: GMCH কাণ্ডৰ পৰা ট্ৰাম্প-জেলেনস্কিৰ বৈঠকলৈ, চাওক পুৱাৰ কেইটামান মুখ্য খবৰ
গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পতালৰ এই ঘটনাত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই ঘটনাত তেওঁ নিজেই লজ্জিত হোৱা বুলি উল্লেখ কৰি ঘটনাৰ তদন্তৰ বাবে এখন তিনিজনীয়া সমিত গঠন কৰিছে।

পুৱাৰ মুখ্য খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- সোমাবাৰে গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পতালত সংঘটিত হয় এক শোকাৱহ ঘটনা। চিকিৎসালয়ত সদ্যজাত কেঁচুৱাৰ বিশেষ যতন কক্ষত থকা এটি নৱজাতকৰ বিচনাৰ পৰা বাগৰি পৰাৰ ফলত কৰুণ মৃত্যু ঘটে। জানিব পৰা মতে, NICU ত একেখন বিচনাতে ৩-৪ টাকৈ নৱজাতকক ৰখা হৈছিল আৰু ইয়াৰ ফলতে এনে দুৰ্ঘটনা ঘটে।
- গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পতালৰ এই ঘটনাত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই ঘটনাত তেওঁ নিজেই লজ্জিত হোৱা বুলি উল্লেখ কৰি ঘটনাৰ তদন্তৰ বাবে এখন তিনিজনীয়া সমিত গঠন কৰিছে। আগন্তুক তিনি-চাৰি দিনৰ ভিতৰত প্রতিবেদন দাখিল কৰিব তদন্ত সমিতিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে নিশা চিকিৎসালয়ত উপস্থিত হৈ সদ্যজাত কেঁচুৱাৰ বিশেষ যতন কক্ষ পৰিদৰ্শন কৰে।
- ৰাজ্যৰ শিক্ষাখণ্ডৰ বাবে আহিছে এক সুখবৰ। সোমবাৰে লোকসভাত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট (IIM) গুৱাহাটীক ভাৰতীয় ইনষ্টিটিউট অৱ মেনেজমেণ্ট আইনৰ সূচীত অন্তৰ্ভুক্ত কৰি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাৰ বিধেয়ক উত্থাপন কৰা হয়। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই দ্য ইণ্ডিয়ান ইনষ্টিটিউটছ অৱ মেনেজমেণ্ট (সংশোধনী) বিধেয়ক ২০২৫ লোকসভাত উত্থাপন কৰে।
- সোমবাৰে দীঘলীপুখুৰী পাৰত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে উত্তৰ-পূব ছাত্ৰ সংগঠন, চমুকৈ নেছ’য়ে। উত্তৰ-পূৰ্বাঞ্চলৰ পৰা অবৈধ বাংলাদেশী নাগৰিকক চিনাক্ত কৰি বিতাড়ন কৰাৰ দাবীত নেছ’ৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে NRC উন্নীতকৰণ, অসম আৰু ত্ৰিপুৰাৰ খিলঞ্জীয়া মানুহক সংবিধানিক ৰক্ষাকৱচ প্ৰদান, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল কা’ৰ আওতাৰ বাহিৰত ৰখাৰ দাবী উত্থাপন কৰে নেছ’ৱে।
- যোৱা নিশা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ সৈতে এক বৈঠকত মিলিত হয় মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। ৰুছ-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত অনুষ্ঠিত হোৱা এই বৈঠকত বহুকেইজন ইউৰোপীয় নেতাই অংশ লয়। বৈঠকৰ পিছতে ট্ৰাম্পে এই বিষয়ত আলোচনাৰ বাবে জেলেনস্কি আৰু ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে এক ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰে।
- দেশৰ ৰাজধানী নতুন দিল্লীস্থিত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ঠিকনা সলনি হৈছে। চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰা মতে, বৰ্তমান দক্ষিণ ব্লকত অৱস্থিত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় (PMO) অহা মাহত প্ৰায় ১০০ মিটাৰ দূৰৈৰ এক্সিকিউটিভ এনক্লেভলৈ স্থানান্তৰিত কৰা হ’ব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ লগতে অন্যান্য শীৰ্ষ চৰকাৰী কাৰ্যালয়সমূহ চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ অধীনত স্থানান্তৰৰ পদক্ষেপ লোৱা হৈছে।
- আগন্তুক এছিয়া কাপ প্ৰতিযোগিতাৰ বাবে আজি ঘোষণা কৰা হ’ব ভাৰতীয় দল। আজি বিয়লি মুম্বাইস্থিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ কাৰ্যালয়ত মুখ্য নিৰ্বাচক অজিত আগৰকাৰে সংবাদমেল যোগে দল ঘোষণা কৰিব। এই দলত কোনকেইগৰাকী খেলুৱৈয়ে স্থান লাভ কৰে, সেয়া লক্ষণীয় হ’ব।