এদিন হঠাৎ অহাৰ দৰে আজি হঠাতেই বিজেপিৰ পৰা গ’লগৈ প্ৰাক্তন বিধায়ক মানচিং ৰংপী

বিনন্দ কুমাৰ শইকীয়াৰ পাছতেই বিজেপি দল ত্যাগ কৰিলে কাৰ্বি পাহাৰৰ অন্যতম নেতা ডাঃ মানচিং ৰংপীয়ে। ২০০৬ চনৰ পৰা ক্ৰমান্বয়ে চাৰিবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল ডাঃ ৰংপী। তিনিবাৰ কংগ্ৰেছৰ পৰা আৰু এবাৰ বিজেপিৰ পৰা। কিন্তু ২০২১ ত তেওঁ টিকট বঞ্চিত হয়।

এদিন হঠাৎ অহাৰ দৰে আজি হঠাতেই বিজেপিৰ পৰা গলগৈ প্ৰাক্তন বিধায়ক মানচিং ৰংপী

ডাঃ মানচিং ৰংপী

Updated On: 

04 Sep 2025 16:41 PM

দুদিনত দুগৰাকী প্ৰাক্তন বিধায়কে এৰিলে বিজেপি দল। বুধবাৰে বিজেপি দল এৰিছিল ছিপাঝাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াই। ২০১৬ চনত বিজেপিৰ টিকটত বিধানসভালৈ বিধায়ক নিৰ্বাচিত হৈ আহিছিল বিনন্দ কুমাৰ শইকীয়া। কিন্তু ২০২১ চনত তেওঁ টিকটৰ পৰা বঞ্চিত হয়। ইফালে আজি বিজেপি দল ত্যাগ কৰিলে আন এগৰাকী বিধায়ক ডাঃ মানচিং ৰংপীয়ে। এগৰাকী উল্লেখযোগ্য ৰাজনীতিক ডাঃ মানচিং ৰংপীৰ পদত্যাগৰ খবৰে কাৰ্বিপাহাৰৰ ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰিছে।

২০০৬ চনত বৈঠালংছ’ সমষ্টিৰ পৰা কংগ্ৰেছৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল মানচিং ৰংপী। তাৰ পিছত ক্ৰমে ২০১১ আৰু ২০১৬তো তেওঁ কংগ্ৰেছৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহে বিধানসভালৈ। কিন্তু ২০১৬ চনত বিধায়ক নিৰ্বাচিত হৈ অহাৰ ঠিক ছমাহৰ পিছতেই তেওঁ পদত্যাগ কৰে আৰু কংগ্ৰেছ দলৰ পৰা আহি বিজেপিত যোগ দিয়ে। তাৰ পাছতেই বিজেপিৰ টিকটত উপ-নিৰ্বাচনত জয়ী হৈ পুনৰ তেওঁ বিধানসভালৈ আহে।

কিন্তু ২০২১ চনত তেওঁ টিকটৰ পৰা বঞ্চিত হয়। চাৰিবাৰকৈ বিধায়ক নিৰ্বাচিত হোৱা নেতাগৰাকীক সেইবাৰ টিকট নিদিলে বিজেপিয়ে। চৰ্চা অনুসৰি সেইসময়ত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সৈ মনোমালিন্য আছিল ডাঃ ৰংপীৰ। যাৰবাবে হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বুলি নাম থকাৰ পাচতো তেওঁ টিকটৰ পৰা বঞ্চিত হ’বলগীয়া হয়।

কিন্তু ২০২১ চনৰ পাছৰ পৰা বৰ্তমান পদত্য়াগ কৰালৈকে অতি নীৰৱ দেখা গৈছিল ডাঃ মানচিং ৰংপীক। টিকট বঞ্চিত হোৱাৰ পাচত ক্ৰমান্বয়ে যেন দলৰ মজিয়াতো তেওঁ গুৰুত্ব হেৰুৱাবলৈ ধৰে। অৱশেষত বিজেপিৰ সংগ ত্যাগ কৰিলে প্ৰাক্তন বিধায়কগৰাকীয়ে। এতিয়া তেওঁ পুনৰ কংগ্ৰেছলৈ উভতি যাব বুলি চৰ্চা চলিছে যদিও এই সন্দৰ্ভত তেওঁ কোনো মন্তব্য কৰা নাই। সংবাদ মাধ্যমৰ আগত ৰংপীয়ে অৱশ্যে বিজেপি দলৰ বিৰুদ্ধে কেতবোৰ ক্ষোভ প্ৰকাশ কৰিছে।

ইফালে কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতায়ো ত্যাগ কৰিলে অগপ। মাত্ৰ এষাৰি বাক্যৰে পদত্যাগ পত্ৰ লিখি দল ত্যাগ কৰে নেতাগৰাকীয়ে। দলীয় নেতৃত্বৰ বিৰুদ্ধে অসন্তুষ্টিৰ বাবেই তেওঁ দল ত্যাগ কৰা বুলি চৰ্চা চলিছে। ৰাজনৈতিক মহলত চৰ্চিত খবৰ অনুসৰি এই তিনিওগৰাকী নেতাই কংগ্ৰেছত যোগ দিয়াৰ সম্ভাৱনা আছে।

নকৰিব আওকাণ! ব্ৰেইন টিউমাৰৰ ৬টা প্ৰাৰম্ভিক লক্ষণ, জানক...
নৱী মুম্বাইত জেমিমা-হৰমনৰ গৰ্জন, ভাৰত-অষ্ট্ৰেলিয়াৰ ছেমিত গঢ়ি উঠিল এইসমূহ অভিলেখ
মহিলাসকলৰ যকৃতৰ সমস্যা হোৱাৰ ৫ টা কাৰণ, জানক বিশেষজ্ঞৰ পৰা...
ফুলকবিৰ উপকাৰিতাৰ কথা জানেনে? এনে ৰোগৰ ‘ৰক্ষাকৱচ’ বুলি জানিলে আপুনিও হ’ব আচৰিত