গোৱালপাৰাত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ, বেদখলকাৰীক ঘৰ খালী কৰাৰ নিৰ্দেশ
বিগত দিনত নামনি অসমৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বনবিভাগ আৰু প্ৰশাসনৰ উচ্ছেদ অভিযান। এইবাৰ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলাব বন বিভাগ আৰু জিলা প্ৰশাসনে। এলেকাটোৰ বিদ্যাপাৰা আৰু বেতবাৰীত চলোৱা হ'ব উচ্ছেদ।

গোৱালপাৰাত উচ্ছেদ চলাবলৈ সাজু হৈছে বনবিভাগ
কিছুদিন পূৰ্বে গোৱালপাৰাৰ হাচিলা বিলত চলিছিল প্ৰশাসনৰ উচ্ছেদ অভিযান। সেই সময়ত সৃষ্টি হৈছিল উত্তেজনাময় পৰিস্থিতিৰ। তাৰ পিছতে হাচিলা বিল পৰিদৰ্শন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়া হাচিলা বিলৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ গোৱালপাৰাত উচ্ছেদ চলাবলৈ সাজু হৈছে বনবিভাগ আৰু জিলা প্ৰশাসন ।
বিগত দিনত নামনি অসমৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বনবিভাগ আৰু প্ৰশাসনৰ উচ্ছেদ অভিযান। এইবাৰ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলাব বন বিভাগ আৰু জিলা প্ৰশাসনে। এলেকাটোৰ বিদ্যাপাৰা আৰু বেতবাৰীত চলোৱা হ’ব উচ্ছেদ। ইতিমধ্যে কৃষ্ণাই অঞ্চলৰ বিদ্যাপাৰা, বেতবাৰী অঞ্চলত টহল দিয়া আৰম্ভ কৰিছে বন বিভাগ আৰু আৰক্ষীয়ে। ১০ জুলাইৰ পূৰ্বে বনাঞ্চলৰ ভূমি খালি কৰিবলৈ মাইকযোগে ঘোষণা কৰে। পাইকান সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰি দীৰ্ঘদিন ধৰি অবৈধভাৱে বসবাস কৰাৰ লোকসকলৰ বিৰুদ্ধে এই পদক্ষেপ হাতত লৈছে চৰকাৰে ৷
জানিব পৰা মতে পাইকান সংৰক্ষিত বনাঞ্চলৰ ১৩৮ হেক্টৰ বেদখলীকৃত ভূমিত প্ৰশাসনৰ উচ্ছেদ চলাব। এই সন্দৰ্ভত গোৱালপাৰা জিলা বন বিষয়া তেজছ মৰিস্বামীয়ে সংবাদ মাধ্যমৰ আগত যে,”অহা ১১ জুলাইৰ পৰা পাইকান সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বসবাস কৰা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলিব । পাইকান সংৰক্ষিত বনাঞ্চলৰ ভূমি উচ্ছেদৰ বাবে ইতিমধ্যে বন বিভাগ আৰু জিলা প্ৰশাসন সাজু হৈছে ৷ যুটিয়াভাৱে বিদ্যাপাৰা, বেতবাৰীত টহল দিছে বৃহৎ সংখ্যক বন বিভাগৰ বেটেলিয়ন দল, বন বিষয়া, কৰ্মচাৰী দল আৰু আৰক্ষীয়ে ।”
জিলা বন সংমণ্ডল বিষয়াগৰাকীয়ে লগতে কয় যে,” পাইকান সংৰক্ষিত বনাঞ্চলত মুঠ ৭১১ হেক্টৰ ভূমি এলেকা আছে । ইয়াৰে ১৩৮ হেক্টৰ সংৰক্ষিত বনাঞ্চলৰ মাটিত অবৈধ ভাৱে একাংশ লোকে দীৰ্ঘদিন ধৰি বসবাস কৰি আছে । এই সকল লোকক উচ্ছেদ কৰিবলৈ জাননী জাৰী কৰাৰ সমান্তৰালকৈ মাইযোগে যোগে ১০ জুলাইৰ পূৰ্বে ভূমি খালি কৰিবলৈ ঘোষণা কৰা হৈছে ।” উল্লেখ্যে যে, উচ্ছেদ হ’বলগীয়া বিদ্যাপাৰা আৰু বেতবাৰী অঞ্চলৰ বাস কৰি থকাসকলে ইতিমধ্যে নিজে নিজে ঘৰ-বাৰী ভাঙি নিজৰ নিজৰ গন্তব্য স্থানলৈ যোৱা আৰম্ভ কৰিছে ৷
লগতে পঢ়ক: কংগ্ৰেছে অকলে নিৰ্বাচন খেলিব নোৱাৰে, ৰাইজৰ সৈতে মিত্ৰতা কৰিব লাগিব: গৌৰৱ গগৈ