১০০ গৰাকী বিশেষ ব্যক্তিৰ লেখাৰে…. পিতৃয়ে উন্মোচন কৰিলে ‘জুবিন গাৰ্গ… ইত্যাদি’ৰ পৰিবৰ্ধিত সংকলন

গ্ৰন্থখনিত সন্নিৱিষ্ট কৰা হৈছে জুবিন গাৰ্গৰ জীৱনৰ বহু উল্লেখযোগ্য ব্যক্তিৰ কথা-কাহিনী, উল্লেখনীয় সময়ৰ ঘটনা-পৰিঘটনা। পত্নী গৰিমা শ‌ইকীয়া গাৰ্গৰ লগতে সৰ্বমুঠ ১০০ গৰাকী বিশিষ্ট ব্যক্তি আৰু নৱপ্ৰজন্মৰ লেখকৰ কলমত প্ৰকাশ পাইছে জুবিন গাৰ্গৰ জীৱন দৰ্শন।

১০০ গৰাকী বিশেষ ব্যক্তিৰ লেখাৰে.... পিতৃয়ে উন্মোচন কৰিলে জুবিন গাৰ্গ... ইত্যাদিৰ পৰিবৰ্ধিত সংকলন

'জুবিন গাৰ্গ... ইত্যাদি'

Updated On: 

09 Nov 2025 | 04:36 PM

জোনাক যুগান্তৰ বৰাৰ সম্পাদনাৰে “জুবিন গাৰ্গ…ইত্যাদি”ৰ পৰিবৰ্ধিত সংস্কৰণৰ আজি শুভ উন্মোচন কৰা হয়।   জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত উন্মোচন কৰা হয় ‘জুবিন গাৰ্গ…ইত্যাদি’ শীৰ্ষক গ্ৰন্থখনৰ পৰিবৰ্ধিত সংকলন। জুবিন গাৰ্গৰ পিতৃ মোহিনী মোহন বৰঠাকুৰ (কপিল ঠাকুৰ)-এ উন্মোচন কৰে গ্ৰন্থখন। উল্লেখ্য যে, ২০১৫ চনত জুবিন গাৰ্গৰ জন্মদিনত জোনাক যুগান্তৰ বৰাৰ সম্পাদনাত প্ৰকাশ পাইছিল ‘জুবিন গাৰ্গ…ইত্যাদি’ গ্ৰন্থখনৰ প্ৰথম সংকলন। ১০ বছৰৰ অন্তত উন্মোচন কৰা হয় গ্ৰন্থখনৰ পৰিবৰ্ধিত সংকলন।

গ্ৰন্থখনিত সন্নিৱিষ্ট কৰা হৈছে জুবিন গাৰ্গৰ জীৱনৰ বহু উল্লেখযোগ্য ব্যক্তিৰ কথা-কাহিনী, উল্লেখনীয় সময়ৰ ঘটনা-পৰিঘটনা। পত্নী গৰিমা শ‌ইকীয়া গাৰ্গৰ লগতে সৰ্বমুঠ ১০০ গৰাকী বিশিষ্ট ব্যক্তি আৰু নৱপ্ৰজন্মৰ লেখকৰ কলমত প্ৰকাশ পাইছে জুবিন গাৰ্গৰ জীৱন দৰ্শন। ২০০৬ চনতে জুবিন গাৰ্গে দিয়া এটি বিশেষ সাক্ষাৎকাৰো সন্নিবিষ্ট হৈ আছে গ্ৰন্থখনৰ এই সংকলনত।

পৰিবৰ্ধিত সংকলনটিৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে সংকলনটিৰ সম্পাদক জোনাক যুগান্তৰ বৰা, প্ৰকাশক গোকুল দাস, সংগীতশিল্পী ভদ্ৰকান্ত দাস, সংগীত পৰিচালক আলাপ দুদুল শ‌ইকীয়া, জুবিন গাৰ্গৰ সহপাঠী তথা ছবি পৰিচালক জয়ন্ত বৰদলৈ, সাংস্কৃতিক সাংবাদিক অনুপম হাজৰিকা, সাংস্কৃতিক সাংবাদিক শিবাণু বৰা, ফেশ্যন ফটোগ্ৰাফাৰ বিক্ৰম বৰপাত্ৰ, সাংস্কৃতিক সাংবাদিক হেমন্ত শৰ্মা, সংবাদকৰ্মী নিপম চুতীয়া, চাণক্য বৰুৱা, অংকুমান বৰদলৈকে ধৰি বহুকেইজন গণমান্য ব্যক্তি।

ইফালে অসমৰ সকলো গ্ৰন্থ বিপনী, গ্ৰন্থমেলাৰ লগতে অনলাইনতো গ্ৰন্থখন উপলব্ধ হ’ব বুলি জানিবলৈ দিয়ে প্ৰকাশকে। গ্ৰন্থখন পাবলৈ ইচ্ছুক ব্যক্তিয়ে ৮০১১৭৮৮৯৫৫, ৮৪৮৬৮২২৯৪৪ নম্বৰত ফোন কৰিব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...