আজি অম্বুবাচী মহাযোগৰ নিবৃত্তি! ভক্তৰ সমাগমেৰে উখল-মাখল নীলাচলৰ বুকু
আজি নিশা ৯বাজি ৭ মিনিটত অম্বুবাচীৰ নিবৃত্তি। কাইলৈ পুৱা খোল খাব কামাখ্যা মন্দিৰৰ মূল দুৱাৰ। মা কামাখ্যাৰ আশিস বিচাৰি পুৱাৰে পৰা নিশালৈ বৈছে দেশী বিদেশী ভক্তৰ সোঁত।

২২ জুনৰ পৰা নীলাচলৰ বুকুত চলিছে অম্বুবাচী মহাযোগ। ২২ জুন, শনিবাৰে পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত হৈছিল অম্বুবাচীৰ প্ৰবৃত্তি। অম্বুবাচী উপলক্ষে ভক্ত সমাগমেৰে উখল-মাখল হৈ পৰিছে নীলাচলৰ বুকু। দেশ-বিদেশৰ পৰা আহিছে অগণন সাধু-সন্ন্যাসী। ভাৰতৰ লগতে বিদেশৰ পৰা আহিছে অসংখ্য ভক্ত। লক্ষ লক্ষ ভক্তৰ আগমনত প্ৰাণৱন্ত কামাখ্যা ধাম।
চৌদিশে মা-কামাখ্যাৰ জয়ধ্বনি। মায়াময় হৈ পৰিছে শক্তিপীঠ মা-কামাখ্যা ধাম। দেশ-বিদেশৰ সাধু-সন্তই ভিৰ কৰিছে দেৱালয়ত। শক্তিপীঠ কামাখ্যাত সমাগম লাখ লাখ সাধু-সন্ন্যাসী, ভক্তৰ। নীতি-নিয়ম মানি অগণন ভক্তৰ ভিৰ কৰিছে নীলাচল পাহাৰত। শংখ, ঢাক-ঢোলৰ শব্দত ভক্তিৰসত বুৰ গৈছে ভক্ত। ভিন্ন ৰূপৰ ভক্তৰ ভিন্ন ৰূপত আৰাধনা লগতে অম্বুবাচীত দেখা গৈছে সাধু-সন্ন্যাসীৰ ‘অলৌকিক’ কাৰ্য।
দেশ-বিদেশৰ পৰা অহা ভক্তৰ বাবে বিনামূলীয়াকৈ আহাৰৰ ব্যৱস্থা বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ। দিনে-নিশাই ভক্ত সকলক প্ৰদান কৰিছে খাদ্য। অম্বুবাচীৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনকে ধৰি বিভিন্ন বিভাগীয় কৰ্তৃপক্ষসমূহেও ভক্তৰ বাবে কৰিছে বিশেষ ব্যৱস্থা । ভক্তসকলে যাতে কোনো অসুবিধা নাপাই তাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে।
আজি অম্বুবাচী মহাযোগৰ অন্তিম দিন। নিশা ৯ বাজি ৭ মিনিট ১৯ ছেকেণ্ডত হ’ব অম্বুবাচীৰ নিবৃত্তি। আজি অম্বুবাচীৰ নিবৃত্তি হ’লেও কাইলৈ পুৱা খোল খাব মন্দিৰৰ দুৱাৰ। চকুলো টুকি মা কামাখ্যাৰ আশিস লৈ বিদাই ল’ব ভক্তই। আজি পুৱাৰে পৰা নীলাচল পাহাৰলৈ অগণন ভক্তৰ লানি নিছিগা সোঁত। কাইলৈ পুৱতি নিশাৰে পৰা কামাখ্যাৰ দুৱাৰত ভিৰ কৰিব অজস্ৰজনে। অম্বুবাচী উপলক্ষে কামাখ্যা ধামত অভিনেতা যতীন বৰা। মা’ৰ আশীৰ্বাদ ল’বলৈ পত্নীসহ পুৱাই উপস্থিত হয় কামাখ্যা দেৱালয়ত।
ইফালে কামাখ্যাত অনলাইন পূজাৰ নামত একাংশ দুষ্টচক্ৰই মেলিছে প্ৰৱঞ্চনাৰ জাল। এনেধৰণৰ ৱেব পেজ , এপ’ৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ মন্দিৰ কৰ্তৃপক্ষৰ। এনে দুষ্টচক্ৰৰ কথাত পতিয়ন নাযাবলৈ ভক্তক আহ্বান দলৈসকলৰ ।
ইয়াৰ মাজতে অম্বুবাচীলৈ অহা ভক্তক চোৰৰ টাৰ্গেট । মালিগাঁও কামাখ্যা ৰে’ল জংচনৰ ভক্তৰ শিবিৰত সংঘটিত হ’ল চুৰিকাণ্ড । ভক্তৰ পৰা মোবাইল ফোন চুৰি কৰি গ্ৰেপ্তাৰ এক দম্পতী।