Assam Earthquake: ভূমিকম্পৰ সময়ত প্ৰাণৰক্ষাৰ দৌৰ, মৰিগাঁৱত আহত দুগৰাকী…

ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই জাৰি কৰা এক চৰকাৰী বুলেটিন অনুসৰি ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ মৰিগাঁও জিলা হৈছে এই ভূমিকম্পৰ অভিকেন্দ্ৰ, পুৱা ৪.১৭ বজাত এই ভূমিকম্পৰ তথ্য পোৱা গৈছে। ৫০ কিলোমিটাৰ গভীৰতা, ২৬.৩৭° উত্তৰ অক্ষাংশ আৰু ৯২.২৯° পূব দ্ৰাঘিমাংশত এই কম্পনৰ উৎপত্তি হয়।

Assam Earthquake: ভূমিকম্পৰ সময়ত প্ৰাণৰক্ষাৰ দৌৰ, মৰিগাঁৱত আহত দুগৰাকী...

ভূমিকম্পত আহত মহিলা

Published: 

05 Jan 2026 | 01:18 PM

৫ জানুৱাৰী সোমবাৰে পুৱতি নিশা মধ্য অসমত ৫.১ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। উত্তৰ-পূৰ্বাঞ্চলৰ বৃহৎ অঞ্চলৰ বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি কৰে এই ভূমিকম্পই। ভূমিকম্পৰ সময়ত লোকসকলে আত্মৰক্ষাৰ বাবে ঘৰৰ পৰা লৰালৰিকৈ ওলাই অহাত কেবাজনো লোক আহত হোৱাৰ খবৰ পোৱা গৈছে, যদিও সা-সম্পত্তিৰ কোনো ডাঙৰ ক্ষতিৰ খবৰ পোৱা নাই বৰ্তমানলৈকে।

ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই জাৰি কৰা এক চৰকাৰী বুলেটিন অনুসৰি ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ মৰিগাঁও জিলা হৈছে এই ভূমিকম্পৰ অভিকেন্দ্ৰ, পুৱা ৪.১৭ বজাত এই ভূমিকম্পৰ তথ্য পোৱা গৈছে। ৫০ কিলোমিটাৰ গভীৰতা, ২৬.৩৭° উত্তৰ অক্ষাংশ আৰু ৯২.২৯° পূব দ্ৰাঘিমাংশত এই কম্পনৰ উৎপত্তি হয়।

ইফালে মৰিগাঁও জিলাত ভূমিকম্পৰ ফলত দুজন লোক আতংকিত হৈ ঘৰৰ পৰা লৰালৰিকৈ ওলাই অহাৰ সময়ত গুৰুতৰভাৱে আহত হোৱাৰ খবৰ পোৱা গৈছে। আহত দুজনৰ নাম নীৰজ কুমাৰ আৰু জয়মতী দেউৰী। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, কম্পন অনুভৱ কৰাৰ লগে লগে ঘৰৰ ভিতৰৰ পৰা পলাবলৈ চেষ্টা কৰা অৱস্থাত দুয়োৱে মূৰত আঘাত পায়।

প্ৰথমে স্থানীয় ৰাইজে উদ্ধাৰ দুয়োকে উদ্ধাৰ কৰে আৰু চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসালয়ৰ সূত্ৰই জনোৱা মতে, দুয়োজন আহত ব্যক্তিৰ অৱস্থা সুস্থিৰ যদিও আঘাতৰ প্ৰকৃতিৰ বাবে তেওঁলোকক পৰ্যবেক্ষণত ৰখা হৈছে।

ভূমিকম্পৰ ফলত আতংকিত হৈ বহু লোকে পুৱাৰ ভাগত ঘৰৰ পৰা দৌৰি বাহিৰলৈ ওলাই গৈছিল, যাৰ ফলত এই দুয়োগৰাকী লোক আঘাতপ্ৰাপ্ত হৈছিল। ভূমিকম্পৰ সময়ত মানুহক শান্ত হৈ থাকিবলৈ আৰু সুৰক্ষাৰ প্ৰট’কল মানি চলিবলৈ কৰ্তৃপক্ষই আহ্বান জনাইছে।

কামৰূপ মহানগৰ, নগাঁও, হোজাই, গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, কাৰ্বি আংলং, ডিমা হাচাও আৰু বৰাক উপত্যকা জিলাকে ধৰি অসমৰ কেইবাখনো জিলাত প্ৰবল কঁপনি অনুভূত হোৱাত মানুহে আতংকিত হৈ ঘৰৰ পৰা ওলাই আহিবলৈ বাধ্য হয়। অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, পশ্চিম বংগ, ভূটান আৰু বাংলাদেশৰ কিছু অংশতো কঁপনিৰ সৃষ্টি হয়।

বিষয়াসকলে জনোৱা মতে, কোনো লোকৰ মৃত্যু বা বৃহৎ পৰিসৰৰ ক্ষতিৰ কোনো খবৰ পোৱা নাই। উত্তৰ-পূৰ্বাঞ্চল উচ্চ ভূমিকম্প প্ৰৱণ অঞ্চলত অৱস্থিত আৰু সঘনাই ভূমিকম্পৰ প্ৰৱণতা থকাটো লক্ষ্য কৰি দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই সতৰ্ক হৈ আছে। আফটাৰ শ্বকৰ ক্ষেত্ৰত বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আৰু সুৰক্ষাৰ প্ৰট’কল মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে।

লগতে পঢ়ক: আজিৰে পৰা ৰাজ্যজুৰি বিজেপিৰ দেৱাল লিখন অভিযান, শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...