তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিৰ নামত লাখ লাখ টকা সংগ্ৰহৰ অভিযোগ, এটা সংগঠনৰ সভাপতি-সম্পাদকক গ্ৰেপ্তাৰ

অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ নামত দুই নেতাই লাখ লাখ টকা সংগ্ৰহ কৰা ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। ধৃত দুই হৈছে দিব্যাংগ মঞ্চ অসমৰ নেতা ছেমিম আহমেদ আৰু নৱজিত বৰ্মন। ভাইৰেল হৈছিল ধন বিছাৰি ফোন কৰা কল ৰেকৰ্ডিং।

তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিৰ নামত লাখ লাখ টকা সংগ্ৰহৰ অভিযোগ, এটা সংগঠনৰ সভাপতি-সম্পাদকক গ্ৰেপ্তাৰ

দিব্যাংগ মঞ্চ অসমৰ নেতা নৱজিত বৰ্মন, ছেমিম আহমেদ

Edited By: 

Raj Saikia | Updated On: 10 Feb 2025 | 07:53 PM

ৰাজ্যৰ নিবুনুৱা সমস্যা সমাধানৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছিল এডিআৰই অৰ্থাৎ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা পদ্ধতি । ইয়াৰ দ্বাৰা ইতিমধ্যে যথেষ্ট সংখ্যক যুৱক-যুৱতীয়ে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত লাভ কৰিছে নিযুক্তি । এটকাও উৎকোচ নোলোৱাকৈ চৰকাৰে নিকা আৰু স্বচ্ছ ব্যৱস্থাৰে এই চাকৰি প্ৰদান কৰা বুলি দাবী কৰি আহিছে । কিন্তু তাৰ মাজতে পোহৰলৈ অহা এক ঘটনাই এতিয়া আচৰিত কৰিছে সকলোকে ।

চৰকাৰে পৰীক্ষাৰ দ্বাৰা প্ৰদান কৰা চাকৰিৰ নামত এখন বৃহৎ বজাৰ চলোৱাৰ অভিযোগ এটা সংগঠনৰ দুই সভাপতি-সম্পাদকৰ বিৰুদ্ধে । দিব্যাংগ প্ৰাৰ্থীক চাকৰি প্ৰদানৰ নামত দুইৰ পৰা চাৰি লাখলৈকে ধন লৈ বিলাসী জীৱন কটোৱাৰ অভিযোগ এই দুই নেতাৰ বিৰুদ্ধে । দিব্যাংগৰ বাবে সংৰক্ষিত পদত চাকৰি দিয়াৰ প্ৰলোভন দি লাখ লাখ টকা সৰকাইছিল এই দুই ভণ্ড নেতাই । অৱশেষত আৰক্ষীৰ জালত পৰিল দুই নেতা ।

অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ নামত চাকৰিৰ বেহা মেলা এই ধৃত দুই নেতা হৈছে দিব্যাংগ মঞ্চ অসমৰ ছেমিম আহমেদ আৰু নৱজিত বৰ্মন । ভাইৰেল হৈছিল ধন বিচাৰি প্ৰাৰ্থীক ফোন কৰা  কল ৰেকৰ্ডিং।

এই ঘটনা সন্দৰ্ভত সোমবাৰে পানবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ড° শংকৰ জ্যোতি  নাথে সংবাদ মাধ্যমক কয়, “দিব্যাংগ মঞ্চ অসম নামৰ সংগঠনটোৰ মুৰব্বীয়ে চৰকাৰী চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ তুলি ৮ ফেব্ৰুৱাৰীত এজাহাৰ দাখিল কৰিছিল নিপু কলিতা নামৰ এজন লোকে । সেই এজাহাৰৰ ভিত্তিত তদন্ত কৰি বহু তথ্য পোৱাত ৰুজু কৰা হয় এটা গোচৰ । এই গোচৰৰ ভিত্তিত দেওবাৰে নিশা বৰাগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ছেমিম আহমেদ আৰু নৱজিত বৰ্মনক । লগতে জব্দ কৰা হৈছে এখন নতুন স্ক’ৰপি বাহন।  ঘটনাটোৰ সন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ তদন্ত।”

আনহাতে পাণবজাৰ থানাৰ পৰা স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়াৰ সময়ত ধৃত ছেমিম আহমেদ আৰু নৱজিত বৰ্মনে সংবাদ মাধ্যমক কয়, ” আমাক ফচোৱা হৈছে । ওপৰত ডাঙৰ ডাঙৰ মাছৰ আছে । যিবোৰ অডিঅ’ ভাইৰেল হৈছে সেইবোৰ সকলো মিছা ।  আমাৰ ওপৰত বহুত মানুহ আছে, ডাঙৰ ডাঙৰ নেতা আছে ।”

উল্লেখ্য যে,  চাকৰিৰ নিযুক্তি দিয়াৰ নামত দিব্যাংগ মঞ্চ, অসমৰ নেতা ছেমিম আহমেদ আৰু নৱজিৎ বৰ্মনে প্ৰাৰ্থীৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰা বুলি  দিব্যাংগ সমাজৰ হৈ অভিযোগ উত্থাপন কৰিছে কেইবাগৰাকীও প্রার্থীয়ে । সামাজিক মাধ্যমত এনে ফোন কলৰ অডিঅ’ ভাইৰেল হোৱাৰ পিছতে ছেমিম আহমেদ আৰু নৱজিৎ বৰ্মনৰ বিৰুদ্ধে পাণবজাৰ থানাত এজাহাৰ দাখিল কৰা হয় ।

পাণবজাৰ থানাত গোচৰ ৰুজু কৰি দুই অভিযুক্তৰ বিৰুদ্ধে উচিত তদন্ত বাবে দাবী জনায় দিব্যাংগ সমাজে । ক্ষুব্ধ প্রার্থীসকলৰ অভিযোগ মতে, দিব্যাংগৰ নামত সংগঠন কৰি চাকৰিৰ বজাৰ পাতিছে দিব্যাংগ মঞ্চ, অসমৰ তথাকথিত নেতা ছেমিম আহমেদ আৰু নৱজিৎ বৰ্মনে । নলবাৰী, ধুবুৰী, কোকৰাঝাৰ আদি স্থানৰ পৰা দিব্যাংগ প্রার্থীক চাকৰি দিয়াৰ প্ৰলোভনেৰে লাখ লাখ টকা সংগ্ৰহ কৰিছিল এই দুই নেতাই ।  একোটা পদৰ বিপৰীতে চাৰে চাৰি লাখ টকা পৰ্যন্ত সংগ্ৰহ কৰা হৈছিল ধন ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...