Morning News: দিল্লী বিস্ফোৰণৰ পৰা তিতাবৰ কাণ্ডলৈ, পলকতে চাওক পুৱাৰ কিছু গুৰুত্বপূৰ্ণ খবৰ

সোমবাৰে সন্ধিয়া দেশৰ ৰাজধানী দিল্লীত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। লাল কিল্লাৰ সমীপত সংঘটিত হোৱা এই বিস্ফোৰণত ৯ জন লোক নিহত হোৱাৰ লগতে ২৮ জন লোক আহত হয়। এখন বাহনত এই বোমা ৰখা হৈছিল বুলি ইতিমধ্যে নিশ্চিত কৰিছে প্ৰশাসনে।

Morning News: দিল্লী বিস্ফোৰণৰ পৰা তিতাবৰ কাণ্ডলৈ, পলকতে চাওক পুৱাৰ কিছু গুৰুত্বপূৰ্ণ খবৰ

পুৱাৰ মুখ্য খবৰ

Updated On: 

11 Nov 2025 08:39 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. সোমবাৰে সন্ধিয়া দেশৰ ৰাজধানী দিল্লীত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। লাল কিল্লাৰ সমীপত সংঘটিত হোৱা এই বিস্ফোৰণত ৯ জন লোক নিহত হোৱাৰ লগতে ২৮ জন লোক আহত হয়। এখন বাহনত এই বোমা ৰখা হৈছিল বুলি ইতিমধ্যে নিশ্চিত কৰিছে প্ৰশাসনে।
  2. আজি অনুষ্ঠিত হ’ব বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। মুঠ ১২২খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। মুঠ ১৩০২ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৩.৭ কোটি ভোটাৰে। এই দ্বিতীয় পৰ্যায়ত বৰ্তমানৰ নীতিশ কুমাৰ চৰকাৰৰ কেইবাজনো মন্ত্ৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
  3. দিল্লী বিস্ফোৰণৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ এল এন জে পি হাস্পতালত উপস্থিত হয় আৰু চিকিৎসাধীন হৈ থকা বিস্ফোৰণত আহত লোকসকলক সাক্ষাৎ কৰে। এই বিস্ফোৰণৰ তদন্ত আৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰি অমিত শ্বাহে তদন্তৰ ফলাফল জনসাধাৰণৰ আগত দাঙি ধৰা হ’ব বুলি উল্লেখ কৰে।
  4. হাৰিয়ানাৰ ফৰিদাবাদত জম্মু আৰক্ষীয়ে এগৰাকী চিকিৎসকৰ ঘৰৰ পৰা প্ৰায় ৩৫০ কিলোগ্ৰাম এমোনিয়াম নাইট্ৰেট, এটা পিষ্টল, এটা ৱাকি-টকি, আৰু ৰাসায়নিক পদাৰ্থ উদ্ধাৰ কৰে। এই সংক্ৰান্তত ছাহাৰানপুৰ আৰু ফৰিদাবাদৰ পৰা আদেল আহমেদ ৰাথেৰ (অনন্তনাগৰ বাসিন্দা) আৰু মুজাম্মিল শ্বাকিল (পুলৱামাৰ বাসিন্দা)ক গ্ৰেপ্তাৰ কৰা হয়।
  5. ভাঙি পেলোৱা হ’ব দিল্লীৰ বিখ্যাত জৱাহৰলাল নেহৰু ষ্টেডিয়াম। এই বিখ্যাত ষ্টেডিয়ামখনৰ স্থানত এতিয়া ১০২ একৰ মাটিত এখন আধুনিক স্প’ৰ্ট চিটি নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। এই পৰিকল্পনাই ভাৰতক ২০৩৬ চনত অলিম্পিক আয়োজনৰ লক্ষ্যত সহায় কৰিব বুলি আশা কৰা হৈছে।
  6. জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্তৰ বাবে গঠন কৰা ন্যায়াধীশ সৌমিত্ৰ শইকীয়া আয়োগত সোমবাৰে সাক্ষ্য প্ৰধান কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই। লিখিত আকাৰে আয়োগৰ ওচৰত সাক্ষ্য প্ৰদান কৰা বুলি দুয়ো উল্লেখ কৰে।
  7. জনজাতিকৰণৰ দাবীত ৬ জনগোষ্ঠীৰ আন্দোলন অব্যাহত আছে। কিন্তু ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা কৰিছে ১৪ টাকৈ জনজাতীয় সংগঠনে। সোমবাৰে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে সোণাপুৰত এক বৃহৎ গণ সমাৱেশ আয়োজন কৰে।
  8. যোৰহাট জিলাৰ তিতাবৰত সোমবাৰে উদ্ধাৰ হয় যোৱা চাৰিদিনে নিৰুদ্দিষ্ট এগৰাকী যুৱতীৰ মৃতদেহ। চেপ্টিক টেংকৰ পৰা উদ্ধাৰ হোৱা যুৱতীগৰাকীক ধৰ্ষণ আৰু হত্যাৰ অভিযোগত আৰক্ষীয়ে মূল অভিযুক্ত জগত সিঙৰ লগতে তেওঁৰ দুই পুত্ৰ আৰু এজন সহযোগীক গ্ৰেপ্তাৰ কৰিছে।
  9. মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত চিকিৎসাধীন বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰছলমান খান, শ্বাহৰুখ খানৰ দৰে অভিনেতাই চিকিৎসালয়ত উপস্থিত হৈ ধৰ্মেন্দ্ৰৰ স্বাস্থ্যৰ বুজ লয় তেওঁৰ স্বাস্থ্য সন্দৰ্ভত কিছু খবৰ প্ৰকাশ পাইছিল যদিও অভিনেতা পুত্ৰ ছানী দেউলে এনে খবৰ নাকচ কৰি উৰাবাতৰি প্ৰচাৰ নকৰিবলৈ আহ্বান জনাইছে
আজি ১১:১১ সংযোগ! মনৰ কামনা পূৰণ কৰিবলৈ কৰক এই কাম...
কিডনী ষ্টোন হ'লে কি কৰিব ? কম সময়ত উপশম পোৱাৰ উপায় জানক
জীৱনৰ ২৪তম জন্মদিন উদযাপন ৰিয়ানৰ, জানেনে তেওঁৰ নামত থকা অভিলেখসমূহৰ বিষয়ে
মা লক্ষ্মীৰ আগমনৰ পূৰ্বে দেখা দিয়ে এইসমূহ সংকেত! জানক সকলো...