ৰাজ্যৰ পৰিবহণ ব্যৱস্থাত নতুন সংযোজনঃ প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে দুই অমৃত ভাৰত ৰে’ল, কংগ্ৰেছক তুলাধুনা

ৰাজ্যৰ পৰিবহণ ব্যৱস্থাৰ নতুন সংযোজন এই দুই ৰে’ল মুকলি কৰি বিশাল জনসভা সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। নিজ ভাষণত তেওঁ ৰাজ্যত ৰে’ল যোগাযোগৰ ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰৰ মনোভাৱক তীক্ষ্ণ আক্ৰমণ কৰে।

ৰাজ্যৰ পৰিবহণ ব্যৱস্থাত নতুন সংযোজনঃ প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে দুই অমৃত ভাৰত ৰে’ল, কংগ্ৰেছক তুলাধুনা

দুই নতুন ৰে’ল মুকলি প্ৰধানমন্ত্ৰীৰ

Updated On: 

18 Jan 2026 | 01:33 PM

অসমৰ সংযোগ-যাতায়াত ব্যৱস্থাক অধিক শক্তিশালী আৰু গতিশীল কৰি তুলি আজি ৰাজ্যবাসীক দুখনকৈ নতুন অমৃত ভাৰত ৰে’ল উপহাৰ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত থকা প্ৰধানমন্ত্ৰী মোদীয়ে কলিয়াবৰৰ পৰা আজি এই নতুন ৰে’ল দুখন ভাৰ্চুৱলি মুকলি কৰে। এই নতুন ৰে’ল দুখন হৈছে ক্ৰমে কামাখ্যা–ৰোহটক অমৃত ভাৰত এক্সপ্ৰেছ আৰু ডিব্ৰুগড়–গোমতী নগৰ (লক্ষ্ণৌ) অমৃত ভাৰত এক্সপ্ৰেছ। নতুন এই ৰে’ল দুখনে নিশ্চিতভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে দেশৰ আন প্ৰান্তৰ সংযোগ ব্যৱস্থাক এক নতুন মাত্ৰা প্ৰদান কৰিব।

কামাখ্যা–ৰোহটক অমৃত ভাৰত এক্সপ্ৰেছ

প্ৰধানমন্ত্ৰী মোদীয়ে আজি মুকলি কৰা এই ৰে’লখনে কেইবাখনো ৰাজ্যক অসমৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰিব। কামাখ্যাৰ পৰা হাৰিয়ানাৰ ৰোহটকলৈ চলিবলগীয়া এই ৰে’লখনে অসমৰ লগতে পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ আৰু দিল্লীৰ যাত্ৰীসকলকো উপকৃত কৰিব।

ডিব্ৰুগড়–গোমতী নগৰ অমৃত ভাৰত এক্সপ্ৰেছ

ডিব্ৰুগড়ৰ পৰা উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ চহৰৰ গোমতী নগৰলৈ চলিবলগীয়া ৰে’লখনে অসমক উত্তৰ ভাৰতৰ সৈতে সংযোজিত কৰিব। এই ৰে’লখনে অসম, নাগালেণ্ড, পশ্চিমবংগ, বিহাৰ আৰু উত্তৰ প্ৰদেশৰ মাজত সংযোগ স্থাপন কৰিব।

এই ৰে’ল দুখনে শিক্ষা, স্বাস্থ্য, বেপাৰ-বাণিজ্য, নিয়োগৰ সুবিধাৰ লগতে সাংস্কৃতিক বান্ধোনৰ বাট মুকলি কৰিব বুলি আশা কৰা হৈছে। আত্মনিৰ্ভৰ ভাৰতৰ চিন স্বৰূপে এই দ্ৰুত আৰু কম খৰচী অত্যাধুনিক ৰে’ল দুখনত আৰামদায়ক ছিটৰ লগতে অত্যাধুনিক সা-সুবিধা উপলব্ধ হ’ব।

কংগ্ৰেছক আক্ৰমণ প্ৰধানমন্ত্ৰীৰ

ৰাজ্যৰ পৰিবহণ ব্যৱস্থাৰ নতুন সংযোজন এই দুই ৰে’ল মুকলি কৰি বিশাল জনসভা সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। নিজ ভাষণত তেওঁ ৰাজ্যত ৰে’ল যোগাযোগৰ ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰৰ মনোভাৱক তীক্ষ্ণ আক্ৰমণ কৰে। ৰে’লৱে সংযোগে সামাজিক আৰু আৰ্থিক দুয়ো ক্ষেত্ৰতে প্ৰভাৱ পেলায় বুলি তেওঁ দোহাৰে।

কিন্তু কংগ্ৰেছে কেতিয়াও এই বিষয়ত গুৰুত্ব দিয়া নাছিল বুলি তেওঁ অভিযোগ কৰে। প্ৰধানমন্ত্ৰী মোদীৰ ভাষ্য মতে, কংগ্ৰেছ চৰকাৰ থকাৰ সময়ত অসমে অত্যন্ত কম ৰে’ল বাজেট লাভ কৰিছিল। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ ২০০০ কোটিৰ ৰে’ল বাজেটৰ বিপৰীতে বিজেপিয়ে এতিয়া ১০ হাজাৰ কোটি টকাৰ ৰে’ল বাজেট আগবঢ়ায় বুলি তেওঁ উল্লেখ কৰে।

ইয়াৰ দ্বাৰা অসমত ৰে’লৱেৰ আন্তঃগাঁথনি উন্নত হোৱা বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। এইদৰে ৰে’লৱেৰ ক্ষমতাৰ সমান্তৰালকৈ জনসাধাৰণৰ সুবিধা বৃদ্ধি পোৱা বুলি তেওঁ দোহাৰে। কালি মুকলি কৰা কলকাতা-গুৱাহাটী বন্দে ভাৰত শ্লীপাৰ এক্সপ্ৰেছৰ লগতে আজি মুকলি কৰা এই দুই ৰে’লে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূবক দিল্লীৰ কাষ চপাই নিয়া বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

জীৱনলৈ বেয়া দিন অহাৰ পূৰ্বে তুলসী গছে দিয়ে এই সংকেত...
হৃদৰোগৰ শংকা দূৰ কৰে নেকি নিৰামিষ খাদ্যই? জানিবলৈ চাওক এতিয়াই
কোনে খাব নালাগে অমিতা? কাৰ বাবে বেয়া, জানক...
যুগ্ম জীৱনৰ আৰম্ভণি কিন্তু পত্নীৰ সৈতে সুখী নহয়, তেন্তে ডাৰ্ক চকলেটে কৰিব আপোনাক সহায়!
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি