পাকিস্তানৰ বানপানীক লৈ মুখ্যমন্ত্ৰী-গৌৰৱ গগৈৰ বাকযুদ্ধ! উভতি ধৰিলে পীযূষ হাজৰিকাই…

মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ গগৈয়ে পাকিস্তানৰ বানপানী সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পোষ্টৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি  শোক প্ৰকাশ কৰে। লগতে তেওঁ প্ৰশ্ন কৰে যে, "অসমৰ মুখ্যমন্ত্ৰীক লৈ মই চিন্তিত। তেওঁৰ হতাশাত ২০২২ চনত প্ৰধানমন্ত্ৰী মোদীয়ে লোৱা এই পদক্ষেপক বিশ্বাসঘাতকতা বুলি অভিহিত কৰিছে। তেওঁ মুখ্যমন্ত্ৰী পদৰ বাবে তেওঁ উপযুক্ত ব্যক্তি নেকি?"

পাকিস্তানৰ বানপানীক লৈ মুখ্যমন্ত্ৰী-গৌৰৱ গগৈৰ বাকযুদ্ধ! উভতি ধৰিলে পীযূষ হাজৰিকাই...

মুখ্যমন্ত্ৰী-গৌৰৱ গগৈৰ বাকযুদ্ধ!

Published: 

21 May 2025 10:41 AM

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ মাজত এটা বা আন এটা বিষয়ক লৈ চলিছে তীব্ৰ বাক বিতণ্ডা। আকৌ এবাৰ পাকিস্তানৰ বিষয়ত ইজনে আনজনক লক্ষ্য কৰি ল’লে দুয়োজন নেতাই । ২০২২ চনত পাকিস্তানত হোৱা ভয়াৱহ বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি যোৰহাটৰ সাংসদগৰাকীয়ে দিয়া পোষ্টক লৈ ছ’চিয়েল মিডিয়াত মুখ্যমন্ত্ৰী শৰ্মা আৰু গগৈৰ মাজত মতানৈক্য দেখা গৈছে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই সাংসদ গগৈৰ ওপৰত পাকিস্তানৰ সৈতে তেওঁৰ পৰিয়ালৰ সম্পৰ্ক আছে বুলি অভিযোগ কৰি সাংসদ গগৈৰ ওপৰত অহৰহ আক্ৰমণ চলোৱাৰ মাজতে ৰাজ্যৰ তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযূষ হাজৰিকাই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পুৰণি পোষ্ট উন্মোচন কৰে।এই পোষ্টৰ জৰিয়তে নেতা কেইজনৰ মাজত বাকযুদ্ধ আৰম্ভ হয়।

২০২২ চনৰ পোষ্টটোত কি কৈছিল গগৈয়ে?

ডুবাইত অনুষ্ঠিত এছিয়া কাপত টি-২০ মেচত পাকিস্তানৰ বিৰুদ্ধে টীম ইণ্ডিয়াই জয়লাভ কৰাৰ কথা উল্লেখ কৰি যোৰহাটৰ সাংসদ গগৈয়ে ২০২২ চনৰ ২৯ আগষ্টত এক্সত এক পোষ্টত কয় যে, “পাকিস্তানৰ বিৰুদ্ধে আমাৰ টীম ইণ্ডিয়াৰ জয় উদযাপন কৰাৰ সময়ত আমি চুবুৰীয়া দেশত ১০০০ লোকৰ প্ৰাণ কাঢ়ি নিয়া মানৱীয় দুৰ্যোগক আমি পাহৰিব নালাগে। ভয়াৱহ বানপানীয়ে বহু চহৰ আৰু ঘৰ ধ্বংস কৰিছে। পাকিস্তানী লোকক তাৎক্ষণিক সকাহ আৰু সহায়ৰ প্ৰয়োজন।”

মন্ত্ৰী পীযূষ  হাজৰিকাই এই পোষ্টটোৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি কয়, “যেতিয়া সমগ্ৰ দেশখনে সুখী হৈ আছিল আৰু পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয়ৰ উদযাপন কৰিছিল, তেতিয়া একাংশ লোকে এনে এখন দেশৰ প্ৰতি মনোযোগ আৰু সহানুভূতি আছিল, যিয়ে ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদৰ প্ৰচাৰ কৰে।”

ইফালে সেই পোষ্টটো শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী কয়, ‘এয়া কেৱল ভুল স্থানত থকা সহানুভূতি নহয় বৰঞ্চ ই এক আৰ্হি। ছাত্ৰ-ছাত্ৰীক পাকিস্তান উচ্চায়ুক্তলৈ নিয়াৰ পৰা আৰম্ভ কৰি ভাৰতীয় মনোভাৱক দুৰ্বল কৰাসকলৰ সৈতে থিয় দিয়ালৈকে, গৌৰৱ গগৈয়ে বাৰে বাৰে দেশপ্ৰেমৰ আৱেগৰ তুলনাত পাকিস্তানক নিজৰ ওচৰত ৰাখিছে।আহক আমি স্পষ্ট কৰি দিওঁ যে ভাৰত প্ৰথম। সদায়।”

ইয়াক অত্যন্ত দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি মুখ্যমন্ত্ৰী শৰ্মাই তেওঁৰ কেবিনেট সহকৰ্মীৰ পদটো শ্বেয়াৰ কৰি কয় যে , “কিছুমান মানুহে ভাৰতে দিয়া প্ৰতিটো বিশেষাধিকাৰ অৰ্থাৎ দৰমহা, ক্ষমতা আৰু পদ উপভোগ কৰে, তথাপিও তেওঁলোকৰ আনুগত্য সীমান্তৰ সিপাৰে।” তেওঁ কয়, “তেওঁলোকে ভাৰতৰ পৰা সকলো লয় কিন্তু কেৱল পাকিস্তানৰ স্বাৰ্থৰ বাবে কাম কৰে। এয়া বিশ্বাসঘাতকতা।”

মুখ্যমন্ত্ৰী শৰ্মাৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ গগৈয়ে পাকিস্তানৰ বানপানী সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পোষ্টৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি  শোক প্ৰকাশ কৰে। লগতে তেওঁ প্ৰশ্ন কৰে যে, “অসমৰ মুখ্যমন্ত্ৰীক লৈ মই চিন্তিত। তেওঁৰ হতাশাত ২০২২ চনত প্ৰধানমন্ত্ৰী মোদীয়ে লোৱা এই পদক্ষেপক বিশ্বাসঘাতকতা বুলি অভিহিত কৰিছে। তেওঁ মুখ্যমন্ত্ৰী পদৰ বাবে তেওঁ উপযুক্ত ব্যক্তি নে?”

২০২২ চনৰ ২৯ আগষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত দিয়া পোষ্টত কৈছিল, ‘পাকিস্তানৰ বানপানীৰ ফলত যি বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া দেখি দুখ লাগিছে।এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত নিহতসকলৰ পৰিয়াল, আহতসকলৰ লগতে ক্ষতিগ্ৰস্ত সকলোকে আমি আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো।আমাৰ লগতে আশা কৰিছো যে অতি সোনকালে স্বাভাৱিক অৱস্থা পুনৰ ঘূৰি আহিব।”

তাৰ পাছত কিছু সময়ৰ পাছতে মুখ্যমন্ত্ৰী শৰ্মাই গগৈৰ নাম নোলোৱাকৈ এটা স্বতন্ত্ৰ পোষ্ট কৰি কয়, “যেতিয়াই দেশখনে ক্ৰিকেটত পাকিস্তানক পৰাস্ত কৰে তেতিয়াই ভাৰতীয়ৰ এটা নিৰ্দিষ্ট শ্ৰেণী অস্থিৰ আৰু হতাশ হৈ পৰে। পাকিস্তানৰ অভ্যন্তৰীণ মন্ত্ৰালয়ৰ পৰা আনুষ্ঠানিক অনুমতি বিচাৰি তালৈ যোৱাৰ সাহস মাত্ৰ দুই এজনৰহে আছে। তাতোকৈ কম সেইসকল যিসকলক পাকিস্তানৰ পুঁজিৰে চলি থকা এন জি অ’ৰ দ্বাৰা দৰমহা দিয়া হয়।আৰু আটাইতকৈ বিৰল আৰু লজ্জাজনক হৈছে সেইসকল যিয়ে নিজৰ নাবালক সন্তানৰ ভাৰতীয় পাছপ’ৰ্ট জমা দিয়াৰ পৰিসৰলৈকে যায়।”

মুখ্যমন্ত্ৰীয়ে কয়, “দুৰ্ভাগ্যজনকভাৱে আমাৰ অসমৰ এজন সাংসদ আছে যি এই সকলোবোৰ স্তৰৰ লগত খাপ খাই পৰে। কিন্তু স্পষ্ট হওক যে আমাৰ আইনে এনে ব্যক্তিৰ লগত কেনে ব্যৱহাৰ কৰিব জানে। জাতিটোৱে বিশ্বাসঘাতকতা সহ্য নকৰে।” দুয়োগৰাকী নেতাৰ মাজত চলি থকা মৌখিক যুদ্ধৰ মাজত সক্ৰিয় হৈ পৰে একাংশ নেটিজেন। মোডীৰ স্ক্ৰীণশ্বট থকা গগৈৰ পোষ্ট সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাৰ পৰা উত্তৰ বিচৰাত শৰ্মাই কয় যে প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে সাহসী আৰু নিৰ্ণায়ক ‘অপাৰেচশ্যন সেন্দূৰ’ৰ জৰিয়তে উত্তৰ দিছে।

তাৰ পাছত মন্ত্ৰী হাজৰিকাই গগৈৰ পোষ্টৰ প্ৰতি সঁহাৰি জনাই কয়, :কংগ্ৰেছৰ সাংসদ আৰু প্ৰধানমন্ত্ৰীৰ বক্তব্য সম্পূৰ্ণ বেলেগ।” মন্ত্ৰীগৰাকীয়ে লগতে প্ৰশ্ন কৰে, “শেহতীয়াকৈ চেম্পিয়নছ ট্ৰফীত পাকিস্তানৰ বিৰুদ্ধে ভাৰতক জয়লাভ কৰাৰ পিছত ভাৰতক কিয় অভিনন্দন নিদিলে। এই মুহূৰ্তত আপোনাক হতাশ যেন লাগিছে।”

দৰমহা ৩০ কোটি, পাছে কিয় বহুতে নিবিচাৰে এই চাকৰি? কাৰণ শুনিলে হ'ব আচৰিত...
পুনৰ কোৰোনা! ক'ভিড-১৯ ৰ JN.1 ভেৰিয়েন্টৰ লক্ষণসমূহ জানেনে? জানক...
আমেৰিকা নে ৰাছিয়া ? কাৰ পাৰমাণৱিক শক্তি বেছি ? ভাৰতৰ শক্তি কিমান ?
শত্ৰুক কি কৰা উচিত ? ক্ষমা নে প্ৰতিশোধ ! এই ক্ষেত্ৰত চাণক্যই কি পৰামৰ্শ দিছে জানক...