গৌৰৱ গগৈৰ আদৰণি অনুষ্ঠানত অথন্তৰ ! কিয় স্থগিত ৰাখিবলগীয়া হৈছিল সম্বৰ্ধনা অনুষ্ঠান…?

অসম কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৱৰ গগৈৰ আদৰণি অনুষ্ঠানত লাগিল অথন্তৰ! কিছু সময়ৰ বাবে স্থগিত ৰাখিবলগীয়া হ'ল সভাপতিগৰাকীৰ সম্বৰ্ধনা কাৰ্যসূচী। প্ৰকৃততে হৈছিল কি ?

গৌৰৱ গগৈৰ আদৰণি অনুষ্ঠানত অথন্তৰ ! কিয় স্থগিত ৰাখিবলগীয়া হৈছিল সম্বৰ্ধনা অনুষ্ঠান...?

গৌৰৱ গগৈক সম্বৰ্ধনা

Published: 

03 Jun 2025 20:01 PM

অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৱৰ গগৈৰ আদৰণি অনুষ্ঠানত লাগিল অথন্তৰ! কিছু সময়ৰ বাবে স্থগিত ৰাখিবলগীয়া হ’ল সভাপতিগৰাকীৰ সম্বৰ্ধনা কাৰ্যসূচী। প্ৰকৃততে হৈছিল কি ? সূত্ৰ খবৰ অনুসৰি, নৱনিযুক্ত সভাপতিগৰাকীক সম্বৰ্ধনা জনোৱাৰ পূৰ্বে বহু সমৰ্থকে মঞ্চত ভিৰ কৰিছিল। ফলত বিশৃংখল পৰিৱেশে বিৰাজ কৰে।

উল্লেখ্য যে, এই আদৰণি অনুষ্ঠানৰ পূৰ্বে ৰাজীৱ ভৱনত সাংসদ গৌৰৱ গগৈয়ে বিদায়ী সভাপতি ভূপেন কুমাৰ বৰাৰ পৰা আনুষ্ঠানিকভাৱে দলৰ ৰাজ্যিক সভাপতি দায়িত্ব গ্ৰহণ কৰে। ইয়াৰ পাছতে নৱনিযুক্ত তিনিগৰাকী কাৰ্যকৰী সভাপতিৰ সৈতে গগৈয়ে দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আয়োজিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

অনুষ্ঠানত আনুমানিক প্ৰায় ২০০০ দলীয় সদস্য উপস্থিত আছিল । যেতিয়াই গৌৰৱ গগৈয়ে মঞ্চৰ ফালে খোজ দিয়ে, সেই সময়তে দলীয় সদস্য-সমৰ্থকে কৰি সম্ভাষণ জনায়। সেই সময়তো এক বিশৃংখল পৰিৱেশে বিৰাজ কৰিছিল।

পৰৱৰ্তী সময়ত দলৰ নেতা, কৰ্মীসকলে নতুন নেতৃত্বৰ লগতে মঞ্চত আন জ্যেষ্ঠ নেতাক সম্বৰ্ধনা জনোৱাৰ সময়ত আৰু অধিক বিশৃংখলতাই বিৰাজ কৰে । সীমিত ক্ষমতাৰ বাবে নিৰ্মিত কাঠৰ মঞ্চখনত ভিৰ কৰে প্ৰায় ৩০০ লোকে। ফলত কাঠৰ মঞ্চখন ভাঙি পৰিব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰে আয়োজকসকলে। ফলত মঞ্চত উপস্থিতসকলৰ সুৰক্ষাৰ স্বাৰ্থত নৱনিযুক্ত সভাপতিগৰাকীৰ সম্বৰ্ধনা কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখিবলগীয়া হৈছিল।

সেই সময়ত জ্যেষ্ঠ নেতাসকলে অতিৰিক্ত লোকসকলক মঞ্চৰ পৰা নামি যাবলৈ একাধিকবাৰ আহ্বান জনায় । পৰিস্থিতি শান্ত হোৱাৰ পিছত পুনৰ নিৰ্ধাৰিত কাৰ্যসূচী আৰম্ভ হয় । উল্লেখ্য যে, আজি আনুষ্ঠানিকভাৱে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে মা কামাখ্যাৰ আৰ্শীবাদ বিচাৰি প্ৰাৰ্থনা কৰে সাংসদ গৌৰৱ গগৈয়ে ।

মাছৰ মূৰ খাই ভাল পায় নে? পিছে জানেনে এয়া দেহৰ বাবে ভাল নে বেয়া!
ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে কি কৰিব ? তৎক্ষণাত এই ঘৰৱা উপায় গ্ৰহণ কৰক...
কেৱল শৰীৰটো শীতল কৰাই নহয়, তুলসী গুটি খোৱাৰ উপকাৰিতা কি? জানক
ভাইৰেল ফটো-ভিডিঅ' ইণ্টাৰনেটৰ পৰা নোহোৱা কৰাৰ উপায় কি ? বিপদত পৰা আগতে জানক...