তদন্তৰ দায়িত্ব লোৱাৰ পাছতে যোষিতা দাসৰ মৃত্যুৰ গোচৰত তিনিজনক গ্ৰেপ্তাৰ চিবিআইৰ

কনিষ্ঠ অভিযন্তা যোষিতা দাসৰ চৰম সিদ্ধান্তৰ গোচৰ তদন্ত কৰিব চিবিআইয়ে। ইতিমধ্যে এই গোচৰত তিনিজনক গ্ৰেপ্তাৰ কৰিছে চিবিআইয়ে।

তদন্তৰ দায়িত্ব লোৱাৰ পাছতে যোষিতা দাসৰ মৃত্যুৰ গোচৰত তিনিজনক গ্ৰেপ্তাৰ চিবিআইৰ
Published: 

15 Oct 2025 08:06 AM

বঙাইগাঁৱৰ লোক নিৰ্মাণ বিভাগ (গৃহ)ৰ কনিষ্ঠ অভিযন্তা যোষিতা দাসে চৰম সিদ্ধান্ত লোৱা গোচৰৰ তদন্ত এতিয়া চিবিআইৰ হাতত। খবৰ অনুসৰি, যোষিতা দাসৰ আত্মহননৰ এই গোচৰৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে। ইতিমধ্যে গোচৰ ৰুজু কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে। চিবিআইয়ে প্ৰথমে বঙাইগাঁও থানাত দাখিল কৰা এফআইআৰ পুনৰ পঞ্জীয়ন কৰে।

তদন্তৰ দায়িত্ব লোৱাৰ পাছতে বঙাইগাঁৱৰ নিৰ্মাণ বিভাগ (গৃহ)ৰ দুজন জ্যেষ্ঠ বিষয়া আৰু এজন স্থপতিবিদক গ্ৰেপ্তাৰ কৰিছে চিবিআইয়ে। এই তিনিওগৰাকী বিষয়াৰ বিৰুদ্ধে অভিযন্তাগৰাকীক আত্মহননৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগ উত্থাপন হৈছে। চিবিআইয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্তসকল হৈছে-দেৱজিৎ শৰ্মা(বঙাইগাঁওৰ মেছাৰ্ছ এষ্টেটিক ক্ৰিয়েচনৰ স্থপতি), আমিনুল ইছলাম (এছ ডি অ’, পি ডব্লিউ ডি, বঙাইগাঁও) দীনেশ মেধি শৰ্মা (কাৰ্যবাহী অভিযন্তা, পি ডব্লিউ ডি, বঙাইগাঁও)।

উল্লেখ্য যে, বিগত জুলাই মাহত সংঘটিত বঙাইগাঁও লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা যোষিতা দাসৰ আত্মহননৰ ঘটনাই সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল। কাৰণ চৰম সিদ্ধান্ত লোৱাৰ পূৰ্বে ভয়ংকৰ অভিযোগ উত্থাপন কৰি এটা নোট লিখি গৈছিল যোষিতাই। জ্যেষ্ঠ বিষয়াৰ পৰা দুৰ্নীতিমূলক কাম–কাজত জড়িত হোৱাৰ ভাবুকিৰে মানসিক হেঁচা লাভৰ অভিযোগ উত্থাপন কৰিছিল যোষিতা দাসে।

দুৰ্নীতিপৰায়ণ বিষয়া আৰু কৰ্মচাৰীৰ লগতে ঠিকাদাৰৰ মানসিক হেঁচা সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হোৱা বুলি স্পষ্টকৈ লিখি গৈছিল যোষিতাই। এই ঘটনাৰ মূল অভিযুক্তসকলৰ ভিতৰত আছিল দেৱজিৎ শৰ্মা,আমিনুল ইছলাম আৰু দীনেশ মেধি শৰ্মা। ইয়াৰ পূৰ্বে অসম চৰকাৰে এই গোচৰৰ তদন্তৰ বাবে গঠন কৰা সাতজনীয়া বিশেষ তদন্তকাৰী দল (SIT)য়ে এই তিনিওজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল।

হ'ব অমংগল! আনৰ পৰা ধাৰ লৈ এইসমূহ বস্তু নথ'ব ঘৰত, জানক...
ম্যাদ উকলি যোৱা কণ্ডম ব্যৱহাৰৰ ফলত কি হ'ব পাৰে? জানক
শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধিৰ লক্ষণবোৰ কি কি? ই কি কি ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে?
আপোনাৰ মনলৈও বেয়া চিন্তা আহি থাকে নেকি, মুক্তি পাবলৈ কি কৰিব? প্ৰেমানন্দ মহাৰাজে বুজালে...