কাছাৰত প্ৰায় ৬ কোটি টকাৰ নিষিদ্ধ দ্ৰব্য জব্দ, আটক ৩ সৰবৰাহকাৰী…

ৰাজ্যত প্ৰায় প্ৰতিদিনে আৰক্ষীয়ে জব্দ কৰে নিষিদ্ধ দ্ৰব্য। কিন্তু তাৰ পাছতো নিতৌ নিষিদ্ধ দ্ৰব্যৰ সৰবৰাহ হৈয়ে আছে। শেহতীয়াকৈ কাছাৰ আৰক্ষীয়ে এই ক্ষেত্ৰত ডাঙৰ সফলতা লাভ কৰি ৩ জনক আটক কৰে।

কাছাৰত প্ৰায় ৬ কোটি টকাৰ নিষিদ্ধ দ্ৰব্য জব্দ, আটক ৩ সৰবৰাহকাৰী...

৩ জনক আটক

Published: 

09 Nov 2025 | 08:14 PM

ৰাজ্যত প্ৰায় প্ৰতিদিনে নিচাযুক্ত দ্ৰব্য জব্দ হয়। বিভিন্ন প্ৰান্তৰ লগতে কাছাৰ জিলা আৰক্ষীয়েও ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। ৰাজ্যৰ বাহিৰৰ পৰা কাছাৰ জিলালৈ যাতে কোনো ধৰণৰ নিষিদ্ধ দ্ৰব্য সৰবৰাহ নহয় তাৰ বাবে আৰক্ষীয়ে দিনে-নিশাই অভিযান চলাই আছে।

কিন্তু তাৰ পাছতো মণিপুৰৰ পৰা মিজোৰামলৈ আৰু মিজোৰামৰ পৰা লাইলাপুৰ আৰু আন্তঃৰাজ্যিক সীমান্তৰ অন্যান্য অঞ্চললৈ অহৰহ অবৈধ ড্ৰাগছ সৰবৰাহৰ ঘটনা সংঘটিত হৈ আহিছে। এই ক্ষেত্ৰত শেহতীয়াকৈ কাছাৰ আৰক্ষীয়ে ডাঙৰ সফলতা লাভ কৰে। বহিঃ ৰাজ্যৰ পৰা কাছাৰত প্ৰৱেশ কৰাৰ সময়তে আৰক্ষীৰ হাতত ধৰা পৰে ৩ সৰবৰাহকাৰী। শুকুৰবাৰে কাছাৰ আৰক্ষীয়ে অভিযান চলাই ৩ সৰবৰাহকাৰীৰ পৰা প্ৰায় ৬ কোটি টকাৰ হেৰ’ইন জব্দ কৰে। ইয়াৰ সমান্তৰালকৈ আৰক্ষীয়ে ৩ জন সৰবৰাহকাৰীক আটক কৰে। শনিবাৰে শিলচৰত এক সংবাদমেলত সম্বোধন কৰি এই কথা জনায় কাছাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰ পলে।

তেওঁ কয় যে, মণিপুৰৰ পৰা মিজোৰাম হৈ শিলচৰ অভিমুখে আহি থকা এখন বগা ৰঙৰ বলেৰ’ পিকআপ ট্ৰাক লাইলাপুৰত ধৰা হয়। ধলাই থানাৰ লাইলাপুৰ আৰক্ষী চেক পোষ্টত কাছাৰ আৰক্ষীয়ে আটক কৰে গাড়ীখন। গাড়ীখনৰ তালাচীৰ সময়ত মুঠ ৯৪টা প্লাষ্টিকৰ চাবোনৰ বাকচ উদ্ধাৰ কৰা হয়। এই বাকচৰ পৰা আৰক্ষীয়ে ১১৭৮.১৫ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে।

ইয়াৰ সমান্তৰালকৈ ৩ জন সৰবৰাহকাৰীক আৰক্ষীৰ জিম্মাত লোৱা হয়। ইয়াৰ লগতে আৰক্ষীয়ে তেওঁলোকৰ পৰা ৩টা মোবাইল হেণ্ডছেট আৰু এখন বলেৰো পিকআপ বাহন জব্দ কৰে। ধৃত আটাইকেইজন মণিপুৰৰ বাসিন্দা। তেওঁলোক হ’ল বাইলহিং কুকি, কিমনাইলহাই ডংগেল, আৰু হেনখ’লুন ডংগেল। তিনিওজনেই মণিপুৰৰ টামেংলং জিলাৰ গুলাৰথাল থানা অঞ্চলৰ বাসিন্দা। ধৃত ব্যক্তিসকলৰ স্বতন্ত্ৰ সাক্ষীৰ উপস্থিতিত সকলো তালাচী আৰু জব্দকৰণৰ ভিডিঅ’গ্ৰাফী কৰা হয়। তেওঁলোকৰ বিৰুদ্ধে এন ডি পি এছ আইনৰ অধীনত ধলাই থানাত গোচৰ ৰুজু কৰা হৈছে। ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

 

 

অন্য খবৰ পঢ়কঃ ৰাফেলৰ গৰ্জন, তেজছৰ বেগ, সূৰ্যকিৰণৰ উৰণ…গুৱাহাটীত বায়ুসেনাৰ বিশেষ এয়াৰ শ্ব’…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...