বোকাখাতত নিশা এনকাউণ্টাৰঃ আহত CRPF কেম্পত গ্ৰেণেড বিস্ফোৰণত জড়িত দুই লিংকমেন

বোকাখাতৰ CRPF কেম্পত সংঘটিত হোৱা গ্ৰেণেড বিস্ফোৰণ ঘটনাৰ তদন্ত অব্যাহত থকাৰ সময়তে যোৱা নিশা বোকাখাতত সংঘটিত হৈছে এক এনকাউণ্টাৰৰ ঘটনা। এই এনকাউণ্টাৰত CRPF কেম্পত গ্ৰেণেড বিস্ফোৰণত জড়িত দুই লিংকমেন আহত হোৱা বুলি বুলি জানিব পৰা গৈছে।

বোকাখাতত নিশা এনকাউণ্টাৰঃ আহত CRPF কেম্পত গ্ৰেণেড বিস্ফোৰণত জড়িত দুই লিংকমেন

বোকাখাতত আৰক্ষীৰ এনকাউণ্টাৰ

Updated On: 

30 Jun 2025 11:14 AM

বোকাখাতৰ CRPF কেম্পত সংঘটিত হোৱা গ্ৰেণেড বিস্ফোৰণ কাণ্ডই ৰাজ্যজুৰি সৃষ্টি কৰিছিল তীব্ৰ চাঞ্চল্যৰ। এই ঘটনাৰ পিছতে প্ৰশাসনে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰি ঘটনাৰ সৈতে জড়িত লোকসকলক গ্ৰেপ্তাৰ কৰিছিল। ঘটনাৰ মূল অভিযুক্তকো আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এই ঘটনাৰ তদন্ত অব্যাহত থকাৰ সময়তে যোৱা নিশা বোকাখাতত সংঘটিত হৈছে এক এনকাউণ্টাৰৰ ঘটনা। এই এনকাউণ্টাৰত CRPF কেম্পত গ্ৰেণেড বিস্ফোৰণত জড়িত দুই লিংকমেন আহত হোৱা বুলি বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ গুলীত গ্ৰেণেড বিস্ফোৰণত সহায় কৰা দুই লিংকমেন ভৱেশ কলিতা আৰু সঞ্জীৱ বৰুৱা আহত হৈছে৷ দেওবাৰে নিশা গ্ৰেণেড বিস্ফোৰণ ঘটনাৰ তদন্তৰ বাবে আৰক্ষীয়ে দুয়োগৰাকীকে এক স্থানলৈ লৈ যোৱাৰ সময়তে এই এনকাউণ্টাৰৰ ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। উল্লেখ্য যে যোৱা ২৪ জুনত বোকাখাতৰ সাপজুৰিৰ পানবাৰী কৃষিপামৰ CRPF কেম্পত সংঘটিত হৈছিল এই গ্ৰেণেড বিস্ফোৰণ ঘটনা ৷

এই গ্ৰেণেড বিস্ফোৰণ কাণ্ডৰ লিংকমেন আছিল ভৱেশ কলিতা আৰু সঞ্জীৱ বৰুৱা ৷ দুয়োগৰাকীয়ে এই বিস্ফোৰণৰ বাবে অংকুৰ দাস আৰু ৰূপজ্যোতি দাসক গ্ৰেণেড যোগান ধৰিছিল ৷ এই ঘটনাৰ পিছতে ২৬ জুনৰ নিশা আৰক্ষীয়ে দুয়োকে তেজপুৰ আৰু লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীৰ জেৰাত দুয়ো পানবাৰী কৃষিপামৰ সমীপত দুটা পিষ্টল লুকুৱাই থোৱাৰ তথ্য প্ৰকাশ কৰে ৷

জেৰাত এই বিষয়ে স্বীকাৰ কৰাৰ পিছতে দেওবাৰে নিশা আৰক্ষীয়ে দুয়োকে লগত লৈ পিষ্টল দুটাৰ সন্ধান চলাইছিল বুলি প্ৰকাশ পাইছে ৷ কিন্তু ঘটনাস্থলীত দুই অভিযুক্তই আৰক্ষীক গতিয়াই লুকুৱাই থোৱা পিষ্টলেৰে আৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে ৷ এই আক্ৰমণৰ প্ৰত্যুত্তৰত আৰক্ষীয়ে কৰা গুলীচালনাত ভৱেশ কলিতাৰ বাওঁ ভৰিত আৰু সঞ্জীৱ বৰুৱাৰ সোঁভৰিত গুলী লাগে বুলি প্ৰকাশ পাইছে ৷

ইয়াৰ পিছতে দুয়োকে বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত JMCH লৈ প্ৰেৰণ কৰা হয়। ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা দুটা পিষ্টল উদ্ধাৰ কৰা বুলি প্ৰকাশ পাইছে ৷ অৱশ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমানলৈকে সংবাদ মাধ্যমৰ আগত কোনোধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত আছে।

বিচনাৰ কাষতে এইসমূহ বস্তু ৰাখে যদি আঁতৰাওক এতিয়াই, অন্যথা বিপদেৰে ভৰিব জীৱন...
ৰাতিপুৱাৰ এই অভ্যাসে ওজন বৃদ্ধি কৰে, শৰীৰৰ চৰ্বি বৃদ্ধিৰ আঁৰৰ মূল কাৰণ জানক...
চুলি ফণিয়াবলৈ লেতেৰা ফণি ব্যৱহাৰ কৰে নেকি? হ’ব পাৰে এনে সমস্যা
হঠাতে বৃদ্ধি পাব পাৰে ৰক্তচাপ...এই তিনিটা লক্ষণ কেতিয়াও আওকাণ নকৰিব