বাজপেয়ী ভৱনত ইখনৰ পিছত সিখন বৈঠক ! বি এল সন্তোষৰ মন্ত্ৰণা লৈ ২০২৬ ৰ ৰণনীতি প্ৰস্তুত ৰাজ্যিক বিজেপিৰ

২৬ ৰ ৰণনীতি প্ৰস্তুত ৰাজ্যিক বিজেপিৰ। এইবাৰ এন ডি এ মিত্ৰজোঁটে অসমৰ ১২৬ খন বিধানসভা আসন ভিতৰত ১০৩ খন আসনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। শুকুৰবাৰে অনুষ্ঠিত এক বৈঠকত এই সিদ্ধান্ত লয় অসম বিজেপিয়ে।

বাজপেয়ী ভৱনত ইখনৰ পিছত সিখন বৈঠক ! বি এল সন্তোষৰ মন্ত্ৰণা লৈ ২০২৬ ৰ ৰণনীতি প্ৰস্তুত ৰাজ্যিক বিজেপিৰ
Updated On: 

21 Nov 2025 22:18 PM

মিত্ৰ দলক লগত লৈ অসম বিধানসভা নিৰ্বাচন ২০২৬ ত প্ৰতিদ্বন্দ্বিতাৰ বাবে সাজু ৰাজ্যিক বিজেপি। এইবাৰ এন ডি এ মিত্ৰজোঁটে অসমৰ ১২৬ খন বিধানসভা আসন ভিতৰত ১০৩ খন আসনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। শুকুৰবাৰে অনুষ্ঠিত এক বৈঠকত এই সিদ্ধান্ত লয় অসম বিজেপিয়ে। এক বিবৃতিত কোৱা হৈছে যে, উন্নয়ন আৰু মূল প্ৰতিশ্ৰুতিসমূহক লৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দলটোৱে।

ৰাজ্যিক সমিতিৰ বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, ৰাষ্ট্ৰীয় সম্পাদক তথা সাংসদ কামাখ্যা প্ৰসাদ তাছা, ভাৰপ্ৰাপ্ত ৰাজ্যিক হৰিশ দ্বিবেদী, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুকে ধৰি জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে। বৈঠকৰ পূর্বে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ১২৬টা বিধানসভা সমষ্টিৰ নৱনিযুক্ত সমন্বয়ক আৰু ভাৰপ্রাপ্তৰ বৈঠকৰ সামৰণি অধিৱেশনত অংশগ্রহণ কৰে।

বৈঠকত চৰকাৰী পদক্ষেপ আৰু সাফল্যৰ তথ্য জনসাধাৰণৰ মাজত প্রচাৰৰ কৌশল সম্পর্কে আলোচনা কৰে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ৰাজ্য চৰকাৰে আগন্তুক দিনত ‘বহুবিবাহ’, ‘লাভ জেহাদ’, ‘লেণ্ড জেহাদ’ আদি বিষয়সমূহত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। চৰকাৰী ভূমি, বনাঞ্চল, পিজিআৰ আৰু ভিজিআৰৰ মাটি, জনজাতীয় এলেকা, সত্ৰৰ ভূমি দখল কৰি থকা অবৈধ বেদখলকাৰীৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী শৰ্মাই।

লগতে তেওঁ দলীয় কৰ্মীসকলক অৱগত কৰে যে, চৰকাৰে সকলো অংশীদাৰক আস্থাত লৈ আগন্তুক বিধানসভা অধিৱেশনত ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত ন্যায্য আৰু গ্ৰহণযোগ্য সিদ্ধান্তত উপনীত হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

বৃহস্পতিবাৰে সন্ধিয়া দুদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্য বিধানসভা নিৰ্বাচনৰ কৌশল সম্পৰ্কে আলোচনাৰ বাবে উপস্থিত হোৱা বি এল সন্তোষে কেইবাখনো দলীয় বৈঠকত অংশগ্ৰহণ কৰে। তেওঁ সাংগঠনিক পৰিকল্পনা, ভোট লাভৰ কৌশলৰ ৰূপৰেখা দাঙি ধৰে আৰু ৰাজ্যৰ প্ৰতিটো বুথতে জয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰে। ৰাষ্ট্ৰীয় সাংগঠিক সাধাৰণ সম্পাদকগৰাকীয়ে অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰি বিভিন্ন পৰামৰ্শ আগবঢ়ায়।

ৰাজ্যৰ সভাপতি দিলীপ শইকীয়া, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু আৰু ৰাজ্য সাধাৰণ সম্পাদকসকলৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়। সভাত অসমত দলটোৰ সাংগঠনিক স্থিতি, বুথ পৰ্যায়ৰ শক্তি পৰ্যালোচনা কৰে। সভাৰ অন্তত দলৰ মূল ১০৩টা সমষ্টিক অগ্ৰাধিকাৰ দি ১০০ শতাংশ বিজয় নিশ্চিত কৰাৰ কৌশল প্ৰস্তুত কৰা হয় বুলি জনাইছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই।

একে সময়তে বি এল সন্তোষে প্ৰতিটো বিধানসভা সমষ্টিৰ নৱনিযুক্ত সমন্বয়ক আৰু ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতেও বৈঠকত মিলিত হয় আৰু প্ৰতিটো বিধানসভা খণ্ডৰ প্ৰস্তুতি আৰু কাৰ্যসূচী সম্পৰ্কে আলোচনা কৰে। বৰ্তমান অসম বিধানসভাত শাসকীয় বিজেপিৰ ৬৪ জন বিধায়ক থকাৰ বিপৰীতে মিত্ৰ দল অসম গণ পৰিষদৰ ৯ জন, ইউনাইটেড পিপলছ পাৰ্টি, লিবাৰেল (ইউ পি পি এল)ৰ ৭ জন আৰু বড়ো পিপলছ ফ্ৰণ্টৰ ৩ জন বিধায়ক আছে।

পত্নীক সুখী কৰিব বিচাৰিলে খাওক এই ৫ বিধ খাদ্য, সুন্দৰ হ'ব আপোনাৰ সম্পৰ্ক!
ফাষ্ট ফুড খোৱাৰ পিছত পানীৰ পিয়াহ লাগে নেকি? ই কোনো ৰোগৰ সংকেত নেকি?
এই ভুলবোৰ নকৰিব ! বৰ্তমান সময়ত কিডনী দুৰ্বল হোৱাৰ ৫ টা ডাঙৰ কাৰণ কি কি জানেনে ?
জিভাতো হ’ব পাৰে চিন্তনীয় কৰ্কট ৰোগ, এই ৭টা প্ৰাৰম্ভিক লক্ষণক নকৰিব আওকাণ