Bir Chilarai Divas 2025: আজি ৫১৫ সংখ্যক চিলাৰায় দিৱস, জানেনে মহাবীৰ চিলাৰায়ৰ প্ৰকৃত নাম কি
আজি বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখ্যাক দিৱস। পুৱাই ৰাজ্যৰ ভিন্ন প্ৰান্তত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু বিশ্ব মহাবীৰ গৰাকীৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণেৰে এই দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছে। আপুনি জানেনে মহাবীৰ চিলাৰায়ৰ প্ৰকৃত নাম কি?

আজি ৫১৫ সংখ্যক চিলাৰায় দিৱস
আজি সমগ্ৰ ৰাজ্যতে পালন কৰা হৈছে বীৰ চিলাৰায় দিৱস ৷ শৌৰ্য-বীৰ্যৰ প্ৰতীক মহাবীৰ চিলাৰায়ক শ্রদ্ধাৰে স্মৰণ ৰাজ্যবাসীৰ। সমগ্ৰ ৰাজ্যতে মাঘী পূৰ্ণিমাত চিলাৰায় দিৱস উদযাপন কৰা হয়। চিলাৰায়ৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ। আজি বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখ্যাক দিৱস। পুৱাই ৰাজ্যৰ ভিন্ন প্ৰান্তত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু বিশ্ব মহাবীৰ গৰাকীৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণেৰে এই দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ হৈছে । কোচ ৰাজবংশী ঐক্য মঞ্চ আৰু কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত বঙাইগাঁও জিলাৰ খোৰাগাঁৱত কেন্দ্ৰীয় ভাবে উদযাপন কৰে বিশ্ব মহাবীৰ চিলাৰায় দিৱস । ইফালে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে এই দিৱসৰ লগত সংগতি ৰাখি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছে।
শুক্লধ্বজ সিংহ কেনেকৈ হ’ল চিলাৰায়?
চিলাৰায়ৰ পিতৃ ষোলশ শতিকাৰ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ, মাতৃ পদ্মাৱতী আৰু ভ্ৰাতৃ ৰজা নৰনাৰায়ণ। তেওঁ নৰনাৰায়ণৰ সুদক্ষ সেনাপতি আছিল। তেওঁ চিলাৰ দৰে চোঁ মাৰি ৰণ কৰিছিল, সেয়ে তেওঁক চিলাৰায় বুলিও জনা যায়। চিলাৰায়ে দেৱান বা মন্ত্ৰীৰ কামো কৰিছিল, সেই কাৰণে তেওঁক লোকে চিলাৰায় দেৱান বুলিছিল। তেওঁৰ বীৰত্ব আৰু পাৰদৰ্শিতাৰ ফলতে কোঁচ সৈন্যই ভূটীয়া, কছাৰী আৰু আহোম সৈন্যক বহুকেইখন যুদ্ধত পৰাস্ত কৰিছিল।
নৰনাৰায়ণ আৰু চিলাৰায়ে বাল্য কালত বাৰানসী ক্ষেত্ৰলৈ গৈ তাৰ ব্ৰহ্মানন্দ বিশাৰদ নামৰ এজন সন্ন্যাসীৰ ওচৰত বিদ্যা গ্ৰহণ কৰিছিল। বাৰাণসীত এওঁলোকে হিন্দুৰ বেছিভাগ ধৰ্মগ্ৰন্থ আৰু যুদ্ধ শিক্ষা গ্ৰহণ কৰি সকলো বিষয়তে পৰিপক্ব হৈ উঠিছিল।
ইতিহাসত পোৱা যায়, কোঁচ ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্ব সিংহই ১৯ গৰাকী কুঁৱৰী বিবাহ কৰাইছিল। কুঁৱৰী সকলৰ ভিতৰত জ্যেষ্ঠ গৰাকী নেপালৰ আছিল আৰু তেওঁৰ পুত্ৰ নৰসিংহ। গৌড়ৰ দুগৰাকী কুঁৱৰী হেমপ্ৰভা আৰু পদ্মাৱতী দেৱী আছিল। নৰনাৰায়ণ হেমপ্ৰভাৰ পুত্ৰ আৰু শুক্লধ্বজ পদ্মাৱতীৰ পুত্ৰ আছিল। বিশ্ব সিংহৰ মুঠ ১৯ জন পুত্ৰ আছিল বুলি বুৰঞ্জীত পোৱা যায়।
কোঁচ ৰাজ্যৰ বিস্তাৰ
বিশ্ব সিংহই মৃত্যুৰ আগতেই পুত্ৰসকলৰ ভৱিষ্যত নিৰ্ধাৰণ কৰি ৰাখিছিল। সেই মতে, জ্যেষ্ঠ পুত্ৰ নৰ সিংহই বিদেশলৈ যাবলৈ, নৰ নাৰায়ণে নিজ দেশত ৰাজত্ব কৰিবলৈ আৰু চিলাৰায়ে ৰণধৰ্ম পালন কৰিবলৈ আদেশ পাইছিল।
১৫৩৩ চনত বিশ্ব সিংহৰ মৃত্যু হয়। সেই সময়ত, চিলাৰায় আৰু নৰ নাৰায়ণ দুয়ো বাৰানসীত আছিল। সেয়ে বিশ্ব সিংহৰ জ্যেষ্ঠ পুত্ৰ নৰ সিংহ ৰাজপাটত বহে। নৰনাৰায়ণ-চিলাৰায়ৰ “ৰতনী ধাই” নামৰ ধাইগৰাকী ৰাজ অন্তঃপুৰত আছিল। তেওঁ স্বৰ্গী মহাৰাজৰ আদেশ উলঙ্ঘা হোৱা দেখি “নাগভোগ” নামৰ এজন সন্ন্যাসীৰ হাতত চিঠি দি দুয়োকে ৰাজধানীলৈ মাতি পঠিয়ায়। নৰনাৰায়ণ-চিলাৰায় দুয়ো ৰাজধানীত উপস্থিত হৈ নৰসিংহক পৰাস্ত কৰে। তেতিয়া নৰ সিংহ নেপাললৈ পলাই যায়। ১৫৩৪ খ্ৰীষ্টাব্দত নৰনাৰায়ণ কোঁচ বংশৰ ৰাজপাটত উঠে আৰু চিলাৰায় যুৱৰাজ হয়। ৰাজ-অভিষেক হোৱাৰ সময়ত চিলাৰায়ক সংগ্ৰাম সিংহ নাম দিয়া হয়।
নৰ নাৰায়ণে সিংহাসনত উঠিয়েই পিতৃ ৰাজ্য বঢ়াবলৈ মন কৰে। শুক্লধ্বজৰ সহায়ত নৰ নাৰায়ণে কোঁচ ৰাজ্যৰ বিস্তাৰ কৰে। ১৫৬৩ চনৰ জুন মাহত চিলাৰায়ে আহোমৰ ৰাজধানী গড়গাঁও দখল কৰে। ইয়াৰ পিছত, তেওঁ কাছাৰ আক্ৰমণ কৰি আৰু তাৰ ৰাজধানী মাইবং দখল কৰে। ফলত কছাৰী ৰজাই কোঁচ ৰজাৰ বশ্যতা স্বীকাৰ কৰে। কাছাৰ জয় কৰি উঠিয়েই শুক্লধ্বজে মণিপুৰ, শ্ৰীহট্ট, খাইৰাম, চট্টগ্ৰাম, ডিমৰুৱা আদি ৰাজ্য জয় কৰি বশ্যতা স্বীকাৰ কৰোৱায়। জয়ন্তীয়া ৰজা, ত্ৰিপুৰাৰ ৰজা আৰু ছিলেটৰ ৰজাই তেওঁৰ সৈন্যৰ হাতত মৃত্যুবৰণ কৰিছিল।
দেশ শাসনৰ সকলো কাৰ্যত খৰ দৃষ্টি পৰিছিল আৰু ৰাজ্যৰ শাসন বান্ধ সুদৃঢ় কৰিবলৈ আলি, পুখুৰী, দেৱালয়, ৰাজ্যৰ প্ৰধান প্ৰধান লোকক বৃত্তি আদি দানৰ ব্যৱস্থা কৰাইছিল। নৰ নাৰায়ণৰ আদেশ মতে, চিলাৰায়ে কামাখ্যা মন্দিৰ আৰু হাজোৰ হয়গ্ৰীৱ মন্দিৰৰ সংস্কাৰ কৰিছিল।
চিলাৰায় এজন পণ্ডিত আছিল; তেওঁ পণ্ডিতক অশেষ আদৰ কৰিছিল। কোনো দূৰ দেশৰ পৰা পণ্ডিত আহিলে, চিলাৰায়ৰ সহায়তেই ৰজাৰ পৰা বৃত্তি বিধান লাভ কৰি জ্ঞানচৰ্চ্চা কৰিছিল। চিলাৰায়ৰ সহায়তেই শংকৰদেৱে কামৰূপৰ পশ্চিম খণ্ডত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰা হৈছিল। শংকৰদেৱ, ৰাম সৰস্বতী, অনিৰুদ্ধ, শ্ৰীধৰ, বকুল কায়স্থ, অনন্ত কন্দলী আদি পণ্ডিতসকলে নৰ নাৰায়ণৰ সভা উজ্জ্বলাই ৰাখিছিল। ইয়াত চিলাৰায়ৰ বিশেষস্বৰূপ সহায় আছিল।
বীৰ চিলাৰায় বঁটা
১৫৭১ খ্ৰীষ্টাব্দত চিলাৰায়ৰ গংগাতীৰত বসন্ত ৰোগত মৃত্যু হয়। বীৰ চিলাৰায়ৰ স্মৰণত, ২০০৫ চনৰে পৰা অসম চৰকাৰে তেওঁৰ জন্মদিনটো বীৰ চিলাৰায় দিৱস হিচাপে উদযাপন কৰিব বুলি আনুষ্ঠানিক ভাৱে ঘোষণা কৰে। চিলাৰায় দিৱসত অসম চৰকাৰে বন্ধ ঘোষনা কৰে। তদুপৰি, সাহসিকতাৰ পৰিচয় দিয়া লোকক বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছিল।
আজিৰ চিলাৰায় দিৱসৰ দিনটোত বীৰ চিলাৰায়ক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। বীৰ গৰাকীৰ দেশপ্ৰেম,বীৰত্ব আৰু বিচক্ষণতা প্ৰত্যেকজন অসমীয়াৰ বাবে চিৰকাল আদৰ্শ হৈ ৰ’ৱ।