বিহাৰৰ দৰে গতি অসমত নহয় কংগ্ৰেছৰ, উৎখাত হ’ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ…আশাবাদী গৌৰৱ গগৈ

বিহাৰৰ নিৰ্বাচত ভোট চুৰিৰ প্ৰসংগ তুলিলে গৌৰৱ গগৈয়ে। অসমৰ নিৰ্বাচনত বিহাৰৰ ফলাফলে প্ৰভাৱ নেপেলায় বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক উৎখাত কৰিব বুলিও আশা প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে।

বিহাৰৰ দৰে গতি অসমত নহয় কংগ্ৰেছৰ, উৎখাত হব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ...আশাবাদী গৌৰৱ গগৈ

গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

Published: 

15 Nov 2025 | 05:15 PM

বিহাৰ নিৰ্বাচনৰ ফলাফলক লৈ ব্যাপক চৰ্চা দেখা গৈছে ৰাজনৈতিক মহলত। কংগ্ৰেছৰ শোচনীয় প্ৰদৰ্শনৰ বাবে অসমতো দলটোক তীব্ৰ সমালোচনা কৰা দেখা গৈছে। ক্ৰমাগতভাৱে নিৰ্বাচনত পৰাজয়ৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে দলটোৰ নেতা ৰাহুল গান্ধী।

যোৰহাটৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে শেহতীয়া বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ উদ্বেগ প্ৰকাশ কৰি এগজিট প’লৰ ভৱিষ্যদ্বাণী আৰু চূড়ান্ত ফলাফলৰ মাজত অমিলৰ কথা প্ৰকাশ কৰে।

এক বিবৃতিত গগৈয়ে কয়, “বিহাৰৰ ৰাইজে ভোট দিছে, তাত কোনো সন্দেহ নাই, কিন্তু তেওঁলোকেও এনে একপক্ষীয় বিধানসভাৰ বাবে ভোট দিয়া নাছিল। নিৰ্বাচন আয়োগ আৰু জ্ঞানেশ জীলৈ অভিনন্দন, শ্ৰেষ্ঠ এগজিট প’লষ্টাৰকো পৰাস্ত কৰাৰ বাবে।”

তেওঁ উল্লেখ কৰে যে এগজিট প’লত কিছুমান ভোটৰ অংশীদাৰিত্ব দেখা গৈছে যদিও চূড়ান্ত ফলাফলত দলসমূহৰ মাজত সৰু সৰু পাৰ্থক্যহে প্ৰতিফলিত হৈছে। ইয়াৰ দ্বাৰা “নিৰ্বাচিত আসনত লক্ষ্য কৰি ভোট চুৰি” কৰা ঘটনাই সামগ্ৰিক ফলাফলত যথেষ্ট প্ৰভাৱ পেলোৱাৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰিছে গগৈয়ে।

তেওঁ লগতে কয় যে সংবাদ মাধ্যমে বিৰোধী দলসমূহক প্ৰশ্ন কৰি থাকিব পাৰে যদিও নিৰ্বাচন আয়োগক নিজেই চোকা দৃষ্টি ৰখাৰ পৰা প্ৰায়ে বিৰত থাকে। ভাৰতীয় গণতন্ত্ৰ ৰক্ষা আৰু সংবিধান ৰক্ষাৰ বাবে বিৰোধী দলসমূহে সত্যৰ বিচাৰি উলিওৱাত অটল থাকিব বুলি তেওঁ পুনৰ দৃঢ়তাৰে কয়।

ইয়াৰ পূৰ্বে ১৪ নৱেম্বৰত বিহাৰত এন ডি এৰ ব্যাপক বিজয়ৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে বিহাৰৰ ফলাফলে অসমক প্ৰভাৱিত নকৰে।

‘‘বিহাৰৰ ৰাইজে বিহাৰত ভোট দিব, আৰু অসমৰ ৰাইজে অসমত ভোট দিব। ইয়াত ডিমাছা, বড়ো, কাৰ্বি, ৰাভা, মৰাণ, মটক, গোৰ্খা আৰু বঙালী জনগোষ্ঠীয়ে হিমন্ত বিশ্ব শৰ্মাৰ একনায়কত্ববাদৰ অন্ত পেলাবলৈ ভোট দিব।’’

যুগ্ম জীৱনৰ আৰম্ভণি কিন্তু পত্নীৰ সৈতে সুখী নহয়, তেন্তে ডাৰ্ক চকলেটে কৰিব আপোনাক সহায়!
নহৰুৱে দূৰ কৰিব আপোনাৰ সংসাৰৰ সমস্যা! জানি হ'ব আচৰিত
শীতকালত কল খোৱা মানেই সমস্যা ভয়াৱহ! এইসকল লোকে সম্বৰণ কৰক কলৰ লোভ
শৰীৰত ইউৰিক এচিড বৃদ্ধি পালে প্ৰথমে দেখা দিয়ে এইবোৰ লক্ষণে? জানক
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি