শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Bhupen Hazarika Birth Centenary: কিদৰে স্বচক্ষুৰে উপভোগ কৰিব পাৰিব সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান? চাওক সমগ্ৰ প্ৰক্ৰিয়া…

অহা ৮ ছেপ্টেম্বৰৰ পৰা খানাপাৰাত অনুষ্ঠিত হ’বলগীয়া ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত উপস্থিত থকাৰ ইচ্ছা স্বাভাৱিকতেই ৰাজ্যৰ প্ৰতিগৰাকী লোকৰ মনতে থাকিব। কিন্তু নিৰ্বাচিত কিছুসংখ্যক লোকেহে সোঁশৰীৰে উপস্থিত থাকি সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান উপভোগ কৰিব পাৰিব। কিদৰে এই অনুষ্ঠানত উপস্থিত থাকিব পাৰিব, জানো আহক।

Bhupen Hazarika Birth Centenary: কিদৰে স্বচক্ষুৰে উপভোগ কৰিব পাৰিব সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান? চাওক সমগ্ৰ প্ৰক্ৰিয়া…
ভূপেন হাজৰিকাৰ জন্মবাৰ্ষিকী অনুষ্ঠানImage Credit source: bhupenda-centennial.in
monjit-dutta
Monjit Dutta | Published: 02 Sep 2025 17:00 PM

অসমীয়াৰ প্ৰাণৰ আপোন, ‘মানুহৰ শিল্পী’ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ বাবে ৰাজ্যজুৰি দেখা গৈছে প্ৰস্তুতি। বিশ্বৰ সমুখত অসমীয়া জাতিক মহীয়ান কৰি তোলা এই মনিষীজনৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত নানা পৰ্যায়ত নিশ্চিতভাৱে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। আনহাতে ৰাজ্য চৰকাৰৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হ’ব। ইতিমধ্যে এই অনুষ্ঠানৰ বাবে প্ৰস্তুতি প্ৰায় অন্তিম পৰ্যায়ত বুলিব পাৰি। অহা ৮ ছেপ্টেম্বৰৰ পৰা ১৩ ছেপ্টেম্বৰলৈ খানাপাৰাত এই কেন্দ্ৰীয় অনুষ্ঠান অনুষ্ঠিত হ’ব।

ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত উপস্থিত থাকিব বুলি নিশ্চিত হৈছে। অহা ১৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই মহান ক্ষণত সুধাকণ্ঠৰ প্ৰতি সন্মানাৰ্থে তেওঁৰ স্মৃতিত প্ৰধানমন্ত্ৰীগৰাকীয়ে এক বিশেষ মুদ্ৰা উন্মোচন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকিব। ভিন্ন কাৰ্যসূচীৰে মুখৰিত হ’ব সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান।

স্বাভাৱিকতেই ৰাজ্যৰ প্ৰতিগৰাকী লোকৰ মনতে এই অনুষ্ঠান উপভোগৰ প্ৰবল ইচ্ছা থাকিব। কিন্তু নিৰ্দিষ্টসংখ্যক লোকেহে সোঁশৰীৰে উপস্থিত থাকি সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান উপভোগ কৰিব পাৰিব। এইক্ষেত্ৰত ইচ্ছুক লোকসকলে আবেদন কৰিবলৈ ৰাজ্য চৰকাৰে এক বিশেষ পৰ্টেল মুকলি কৰিছিল। যোৱা ১ আগষ্টত ৰাজ্য চৰকাৰে মুকলি কৰিছিল এই bhupenda-centennial.in পৰ্টেল। অনুষ্ঠানত উপস্থিত থাকিব বিচৰা লোকসকলে এই পৰ্টেলযোগে আবেদন কৰিব লাগিব বুলি এক সংবাদমেল যোগে সদৰী কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আবেদনৰ বাবে অন্তিম তাৰিখ নিৰ্ধাৰণ কৰা হৈছিল ২০ আগষ্ট। অৰ্থাৎ ইতিমধ্যেই আবেদনৰ সময়সীমা উকলিছে। গতিকে এতিয়া কোনো লোকে অনুষ্ঠানত উপস্থিত থাকিব বিচাৰিলেও নতুনকৈ আবেদন কৰিব নোৱাৰিব। নিৰ্বাচিত আবেদনকাৰীলৈ সাংস্কৃতিক মন্ত্ৰালয়ৰ দ্বাৰা ই-আমন্ত্ৰণ কাৰ্ড প্ৰেৰণ কৰা হ’ব। এই পৰ্টেলটোত এক বিশেষ গাইডলাইনো জাৰি কৰা হৈছে। গাইডলাইন অনুসৰি পৰ্টেল যোগে আবেদন কৰা লোকৰ মাজৰ পৰা কেৱল নিৰ্বাচিত আবেদনকাৰীয়েহে চৰকাৰী ই-আমন্ত্ৰণ কাৰ্ড লাভ কৰিব। অৱশ্যে মূল অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰা আবেদনকাৰীসকলে সংশ্লিষ্ট জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ অনুষ্ঠান উপভোগ কৰিব পাৰিব।

এই ই-আমন্ত্ৰণ কাৰ্ডখন কেৱল এজন অতিথিৰ বাবেহে বৈধ হ’ব বুলিও নিশ্চিত কৰি দিয়া হৈছে। অৱশ্যে এই লোকসকলৰ বাবে চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ যাতায়ত আৰু থকাৰ ব্যৱস্থা কৰা নহ’ব বুলিও স্পষ্ট কৰি দিয়া হৈছে। অহা ৮ ছেপ্টেম্বৰৰ সন্ধিয়া ৫:০০ বজাৰ পৰা অনুষ্ঠানৰ আৰম্ভ হ’ব। অতিথিসকলে ৩:০০ বজাৰ ভিতৰত অনুষ্ঠানস্থলীত প্ৰৱেশ কৰিব লাগিব। প্ৰৱেশ গেটত আমন্ত্ৰণ পাছ (চফ্ট বা হাৰ্ড কপি) দেখুওৱাৰ পিছতহে প্ৰৱেশৰ অনুমতি দিয়া হ’ব। অতিথিসকলে প্ৰৱেশৰ বাবে আমন্ত্ৰণ পাছ (চফ্ট বা হাৰ্ড কপি)ৰ লগতে চৰকাৰে প্ৰদান কৰা বৈধ আইডিও দেখুৱাব লাগিব।

তদুপৰি দিনটোৰ অনুষ্ঠান সমাপ্ত নোহোৱালৈকে অতিথিসকল বাহিৰলৈ ওলাব নোৱাৰিব। গাইডলাইনত উল্লেখ কৰা মতে নিৰ্বাচিত আবেদনকাৰীৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰত নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হ’ব। এছ এম এছৰ জৰিয়তে নিশ্চিতি লাভ কৰাৰ লগে লগে আবেদনকাৰীয়ে ৱেবছাইটৰ পৰা ই-নিমন্ত্ৰণ পত্ৰ ডাউনলোড কৰিব পাৰিব।