Assam Panchayat Polls 2025: পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ৪৩ টা ভোটকেন্দ্ৰত পুনৰ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ…

২ মে'ত অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণত ভোটদানৰ হাৰ হৈছে ৭০.১৯ শতাংশ । প্ৰথম পৰ্যায়ৰ ৪৩ টা ভোটকেন্দ্ৰত পুনৰ অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ।

Assam Panchayat Polls 2025: পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ৪৩ টা ভোটকেন্দ্ৰত পুনৰ অনুষ্ঠিত হব ভোটগ্ৰহণ...

ভোটদান

Updated On: 

08 May 2025 10:52 AM

শুকুৰবাৰে অন্ত পৰে ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ । ১৪ খন জিলাত পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্ৰহণ প্ৰক্ৰিয়া সন্ধিয়া ৪.৩০ বজাত সামৰণি পৰে । দেখা যায় যে, ভোটগ্ৰহণৰ দিনটোত ৰাজ্যৰ কেইটাও ভোটগ্ৰহণ কেন্দ্ৰত বিক্ষিপ্ত ঘটনা সংঘটিত হয় । ইয়াৰ লগতে ভোটদান প্ৰক্ৰিয়াত বিসংগতি আৰু বাধা সৃষ্টি হোৱাৰ বাবে ৰাজ্যৰ ৪৩ টাকৈ ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ’ব পুনৰ ভোটগ্ৰহণ ।

ৰাজ্যিক নিৰ্বাচন আয়োগৰ এক বিবৃতি কোৱা হৈছে যে, শুকুৰবাৰৰ দিনটোত জিলা উপায়ুক্তসকলৰ পৰা পোৱা তথ্য অনুসৰি আনুমানিক ভোটদানৰ হাৰ আছিল ৭০.১৯ শতাংশ । তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি, শ্ৰীভুমি জিলাত অনুষ্ঠিত হয় প্ৰথম পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ ।

কেইটামান ভোটকেন্দ্ৰত অশুভ ঘটনা সংঘটিত হোৱা বাহিৰে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হয় বুলি দাবী কৰিছে নিৰ্বাচন আয়োগে । বিক্ষিপ্ত ঘটনা আৰু বিসংগতিৰ বাবে প্ৰথম পৰ্যায়ৰ ৪৩ টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব বুলিও জানিবলৈ দিছে নিৰ্বাচন আয়োগে ।

নিৰ্বাচন আয়োগে সদৰী কৰা মতে, হাইলাকান্দিৰ ৩১ টা, শ্ৰীভূমি – ৮ টা, লখিমপুৰত ২ টা, গোলাঘাটত ১ টা আৰু মাজুলীৰ এটা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । উল্লেখ্য যে, এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ১২,৯১৬ টা ভোটগ্ৰহণ কেন্দ্ৰত ৪৪.৬৬ লাখ পুৰুষ আৰু ৪৪.৯৩ জন মহিলাকে ধৰি ৮৯.৫৯ লাখৰো অধিক লোকে ভোটদানৰ যোগ্যতা অৰ্জন কৰে।

লগতে পঢ়ক : পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

এই ৫ টা সহজ অভ্যাসে আপোনাৰ চুগাৰ নিয়ন্ত্ৰণত ৰাখিব...
বাৰীৰ নেমুটি আপোনাৰ স্বাস্থ্যৰ বাবে হৈ পৰে মহৌষধ, জানেনে এনে উপকাৰিতাৰ কথা
জীৱনলৈ বেয়া দিন অহাৰ পূৰ্বে ইশ্বৰে দিয়ে এই ৫ সংকেত! জানক...
শৰীৰত বেয়া কলেষ্টেৰল কম কৰে এই ৫ খাদ্যই! জানক সকলো...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা