Assam Panchayat Elections: বঙাইগাঁৱত সৰ্বাধিক ভোটদানৰ হাৰ, শান্তিপূৰ্ণভাৱে অন্ত পৰিল পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

বুধবাৰে ৰাজ্য়ৰ পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় । নিৰ্বাচনটোৰ অন্তিম পৰ্যায়ত ৯১.৩১ লাখ ভোটাৰৰ ভিতৰত আনুমানিক ৫৬.৭১ শতাংশ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে বুলি বিষয়াসকলে জানিবলৈ দিছে ।

Assam Panchayat Elections: বঙাইগাঁৱত সৰ্বাধিক ভোটদানৰ হাৰ, শান্তিপূৰ্ণভাৱে অন্ত পৰিল পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

অসম পঞ্চায়ত নিৰ্বাচন ২০২৫

Edited By: 

Raj Saikia | Updated On: 08 May 2025 | 10:47 AM

বুধবাৰৰ নিশাৰ পৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অপাৰেচন সেন্দূৰ চলি থকাৰ মাজতে অসমত শান্তিপূৰ্ণভাৱে অন্ত পৰে পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ । আজি বুধবাৰে ৰাজ্য়ৰ পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় । নিৰ্বাচনটোৰ অন্তিম পৰ্যায়ত ৯১.৩১ লাখ ভোটাৰৰ ভিতৰত আনুমানিক ৫৬.৭১ শতাংশ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে বুলি বিষয়াসকলে জানিবলৈ দিছে ।

বুধবাৰে ৰাজ্যৰ ১৩ খন জিলাত পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া বিয়লি ৪.৩০ বজাত সমাপ্ত হয়। ভোটদানৰ হাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে যদিও ৫৬.৭১ শতাংশ ভোটাৰে বিয়লি ৩:৩০ বজালৈকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে । দ্বিতীয় পৰ্যায়ত ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ (মেট্ৰ’), হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হয়।

বঙাইগাঁও জিলাত সৰ্বাধিক ৬২.৭২ শতাংশ ভোটগ্ৰহণ হোৱাৰ বিপৰীতে কামৰূপ জিলাত সৰ্বনিম্ন ৫১.৩৩ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে । কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ আমিনগাঁও বেংগলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিয়লি ভোটদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

১১ মে’ত দুয়োটা পৰ্যায়ৰ ভোট গণনা কৰা হ’ব। দ্বিতীয় পৰ্যায়ৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ৯১,৩১,১২৭ জন, য’ত আছে ৪৬,৩০,৯২৪ জন পুৰুষ, ৪৪,৯৯,৯৫২ জন মহিলা আৰু ২৫১ জন। দ্বিতীয় পৰ্যায়ত জিলা পৰিষদ (জি পি) সংখ্যা ১৮১, আঞ্চলিক পৰিষদ (এ পি)ৰ আসন ৮৭ আৰু গাঁও পঞ্চায়ত (জি পি) ১০,৫৩০ খন। দ্বিতীয় পৰ্যায়ৰ বাবে মুঠ ২৯,৬০৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে।

প্ৰথম পৰ্যায়ত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমিৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় । প্ৰথম পৰ্যায়ত ১৪ খন জিলাত ৭০.১৯ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...