জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদানৰ দাবী অসম জাতীয় পৰিষদৰ, প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ

দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি ইমেইলযোগে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। স্মাৰকপত্ৰখনত কোৱা হয় যে, জুবিন গাৰ্গ কেৱল অসমৰে নহয়, সমগ্ৰ ভাৰতৰে একক আৰু অনন্য সম্পদ আছিল।

জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদানৰ দাবী অসম জাতীয় পৰিষদৰ, প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ

জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদানৰ দাবী

Updated On: 

21 Sep 2025 | 08:26 PM

অসমীয়াই হেৰুৱালে হিয়াৰ আমঠু জুবিন গাৰ্গক। আজি অসম আহি পালেহি জুবিনৰ নশ্বহ দেহ। আজি নিঠৰুৱা অসমীয়া জাতি। নিস্তব্ধ সকলো, ক’বলৈ যেন একো নাই। মাথোঁ গাইছে মায়াবিনী ৰাতিৰ বুকুত। শেষ যাত্ৰাত সংগ দিছে শত-সহস্ৰজনে। ইয়াৰ মাজতে জুবিন গাৰ্গক ভাৰত ৰত্ন সন্মানেৰে বিভূষিত কৰাৰ দাবী উত্থাপন কৰিছে অসম জাতীয় পৰিষদে ।

ইয়াকে লৈ দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি ইমেইলযোগে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। স্মাৰকপত্ৰখনত কোৱা হয় যে, জুবিন গাৰ্গ কেৱল অসমৰে নহয়, সমগ্ৰ ভাৰতৰে একক আৰু অনন্য সম্পদ আছিল। জুবিনৰ কণ্ঠ সমগ্ৰ ভাৰতৰ ভিতৰত আছিল অদ্বিতীয়।

৪০ টা ভাষাত ৩৪ হেজাৰ গান গোৱা কণ্ঠশিল্পী গোটেই ভাৰতে কম আছে। তেওঁ মানৱতাৰ গান গাইছিল, ভালপোৱাৰ কথা কৈছিল, সমন্বয়ৰ সেঁতু গঢ়িছিল। সেয়ে জুবিন গাৰ্গক মৰণোত্তভাৱে ভাৰত ৰত্ন বঁটা আগবঢ়াবঢ়োৱা উচিত।

আজি পুৱা প্ৰায় ৭ বজাত বৰঝাৰ বিমান বন্দৰত অৱতৰণ জুবিনৰ নশ্বৰ দেহ কঢ়িয়াই অনা বিমানৰ। তাৰ পিছতে অপেক্ষাৰ অন্ত পৰিল ।  অগণন জনতাৰ মাজেৰে পুষ্পসজ্জিত বাহনত বিমান বন্দৰৰ পৰা প্ৰথমে কাহিলীপাৰালৈ নিয়া হয় প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ। তাৰ পিছত সৰুসজাইত আজি জনতাই জুবিনক শ্ৰদ্ধাঞ্জলি জনায়। হিয়াৰ আমঠুক শেষ যাত্ৰাত সংগ দিবলৈ মিলিত হয় সকলো। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা গুৱাহাটীত উপস্থিত হৈছে লাখ লাখ অনুৰাগী।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...