থাকিব একাধিক নাগৰিককেন্দ্ৰিক কাৰ্যসূচী ! “সেৱা সপ্তাহ”ৰ প্ৰস্তুতি পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ
এই সময়ছোৱাত অসম চৰকাৰে ভূমি অধিকাৰৰ নথি বিতৰণৰ পৰা আৰম্ভ কৰি যুৱ সাহিত্যিকক সম্বৰ্ধনা, স্বাস্থ্যসেৱাৰ পদক্ষেপলৈকে একাধিক কাৰ্যসূচী গ্ৰহণ কৰিব। এই কথা শনিবাৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰে।

হিমন্ত বিশ্ব শৰ্মাৰ পৰ্যালোচনা বৈঠক
অহা ১৭ ছেপ্টেম্বৰৰ পৰা ‘সেৱা সপ্তাহ’ পালন কৰিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ। এই সময়ছোৱাত অসম চৰকাৰে ভূমি অধিকাৰৰ নথি বিতৰণৰ পৰা আৰম্ভ কৰি যুৱ সাহিত্যিকক সম্বৰ্ধনা, স্বাস্থ্যসেৱাৰ পদক্ষেপলৈকে একাধিক কাৰ্যসূচী গ্ৰহণ কৰিব। এই কথা শনিবাৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰে। ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সপ্তাহজোৰা এই কাৰ্যসূচীৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে।
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সদৰী কৰা মতে, ১৭ ছেপ্টেম্বৰৰ পৰা ২৩ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া আগন্তুক ‘সেৱা সপ্তাহ’ৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে শনিবাৰে মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত মন্ত্ৰী, বিধায়ক আৰু সকলো উপ-আয়ুক্তৰ সৈতে এখন ভিডিঅ’ কনফাৰেন্স অনুষ্ঠিত হয়।
২২ ছেপ্টেম্বৰত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হোৱাৰ বাবে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’ন (বিটিআৰ) জিলাসমূহ এই কাৰ্যসূচীৰ পৰা বাদ দিয়া হৈছে। এই সময়ছোৱাত সমগ্ৰ ৰাজ্যতে ধাৰাবাহিকভাৱে নাগৰিককেন্দ্ৰিক কাৰ্যসূচী অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্ৰী কাৰ্যালয়ে জানিবলৈ দিয়ে।
Hon’ble CM Dr. @himantabiswa today chaired a VC with DCs & SDOs to review preparations for Sewa Saptah (17–23 Sept).
Key highlights:
✅ Launch of Orunodoi 3.0
✅ Mega health camps
✅ ₹25k aid to 1,000 authors
✅ 75 blood donation camps
✅ 15 lakh saplings to schools
✅ TB-free… pic.twitter.com/z8z9cvIHk8— Rupesh Gowala (@rupeshgowala) September 13, 2025
‘সেৱা সপ্তাহ’ৰ কিছুমান মূল আকৰ্ষণ হ’ল সপ্তাহজোৰা কাৰ্যসূচীৰ প্ৰথম দিনাই ৰাজ্যজুৰি ৭৫টা ডাঙৰ শিবিৰক লৈ ‘সেৱা-হি-সমৰ্পন’ বিষয়বস্তুৰ অধীনত এক মেগা ৰক্তদান অভিযান আৰম্ভ কৰা হ’ব। ১১টা বিধানসভা সমষ্টিত আৰম্ভ হ’ব মেগা স্বাস্থ্য শিবিৰ, যিটো ৩১ অক্টোবৰলৈকে চলিব আৰু ১৮ ছেপ্টেম্বৰৰ পৰা সকলো সমষ্টিকে সামৰি ল’ব।
ৰাজ্যজুৰি বিদ্যালয়সমূহত ১৫ লাখৰো অধিক গছপুলি ৰোপণৰ লক্ষ্যৰে ৰাজ্যজুৰি বাগিচা অভিযান অহা ১৯ ছেপ্টেম্বৰত গ্ৰহণ কৰা হ’ব। ২১ ছেপ্টেম্বৰত সাহিত্যিক অৱদানৰ বাবে এহাজাৰ যুৱ লেখকক সম্বৰ্ধনা জনোৱা হ’ব আৰু পিছদিনা প্ৰায় ৭৫০০ ‘নিক্ষয় মিত্ৰ’ই টিবি ৰোগীক পুষ্টিৰ টোপোলা বিতৰণ কৰিব।
২৩ ছেপ্টেম্বৰত ২৪,৬৮৮ টা চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানলৈ আবণ্টনৰ প্ৰমাণ পত্ৰ, বিশেষ ম্যাদী পট্টা, আবণ্টনৰ প্ৰস্তাৱ আৰু ভূমি হস্তান্তৰৰ নথি-পত্ৰ বিতৰণ কৰা হ’ব।
ইয়াৰ লগতে মুখ্যমন্ত্ৰী শৰ্মাই ২৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া অৰুণোদয় ৩.০ হিতাধিকাৰীৰ প্ৰমাণপত্ৰ বিতৰণ কাৰ্যসূচীৰ প্ৰস্তুতিও পৰ্যালোচনা কৰে। ইয়াত লগতে কোৱা হৈছে যে,সেৱা সপ্তাহৰ সময়ত প্ৰতিটো পৰিকল্পিত পদক্ষেপৰ মসৃণ ৰূপায়ণ নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সকলো বিষয়াক নিৰ্দেশ দিয়ে।