আহমেদাবাদত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু! প্ৰেমিকৰ ওপৰত ডাঙৰ অভিযোগ…

পুনৰ বহিঃৰাজ্যত মৃত্যুক সাৱতি ল'লে অসমৰ যুৱতীয়ে। শিৱালী কাশ্যপ নামৰ যুৱতীগৰাকীৰ মাতৃয়ে কৰা অভিযোগ অনুসৰি এয়া কোনো দুৰ্ঘটনা নহয়। ইয়াত তেওঁৰ প্ৰেমিক জড়িত আছে।

আহমেদাবাদত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু! প্ৰেমিকৰ ওপৰত ডাঙৰ অভিযোগ...

শিৱালী আৰু সৌৰভ

Published: 

11 Jun 2025 18:04 PM

পুনৰ বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনত মৃত্যু। গুজৰাটৰ আহমেদাবাদত মৃত্যু হোৱা যুৱতীগৰাকী অসমৰ নাজিৰাৰ শিৱালী কাশ্যপ বুলি চিনাক্ত হৈছে। অতি ৰহস্যজনক অৱস্থাত ২৪ বছৰীয়া যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। যাৰ বাবে এয়া হত্যা হ’ব পাৰে বুলি সন্দেহ কৰিছে একাংশই। অভিযোগ অনুসৰি, ১০ জুনৰ নিশা অট্টালিকাৰ ছাদৰ পৰা পৰি মৃত্যুক সাৱতি লয় যুৱতীগৰাকীয়ে। ইফালে ঘটনা সন্দৰ্ভত পৰিয়ালে অভিযোগ কৰিছে যে, শিৱালীৰ প্ৰেমিকে সৌৰভ পুৰোহিতে এই কাণ্ডত জড়িত আছে।

পৰিয়ালৰ মতে, ঘটনাৰ নিশা প্ৰায় ১২.৩০ বজালৈকে শিৱালীয়ে মাতৃৰ সৈতে ফোনত কথা পাতি আছিল। তাৰ মাত্ৰ আধা ঘন্টা পাছত, ১.০০ মান বজাত পৰিয়ালে শিৱালীৰ মৃত্যুৰ খবৰ লাভ কৰে। পৰিয়ালে কয় যে, কথা পাতি উঠাৰ আধা ঘন্টামান পাছত আমাৰ ওচৰলৈ পুনৰ ফোন আহিছিল আৰু জানিব পাৰিছিলো যে শিৱালীৰ মৃত্যু হৈছে। এনে পৰিস্থিতিত পৰিয়ালে অভিযোগ কৰিছে যে, শিৱালীক সম্ভৱতঃ প্ৰেমিক সৌৰভে হত্যা কৰিছে।

পৰিয়ালৰ লোকে জনোৱা অনুসৰি, বিগত ৩ বছৰ ধৰি শিৱালী সৌৰভৰ সৈতে লিভ-ইন-ৰিলেশ্যনশ্বিপত আছিল। প্ৰায়ে দুয়োৰে মাজত কাজিয়া লাগিছিল। আনকি মাজে মাজে সৌৰভে শিৱালীক মাৰপিটো কৰিছিল। গতিকে এয়া শিৱালীৰ চৰম সিদ্ধান্ত বা দুৰ্ঘটনা হ’ব নোৱাৰে। সৌৰভে  পৰিকল্পিতভাৱে এই  কাণ্ড সংঘটিত কৰিছে।

শিৱালীৰ মাতৃয়ে কয় যে, “মাত্ৰ ২০ মিনিটমানৰ ভিতৰত তাইক মাৰি পেলাইছে। আধা ঘন্টামান আগত মই কথা পাতিছিলো। সকলো নৰ্মেল আছিল। মোক সুধিছিল ভাত কিহেৰে খাইছো। মই কাইলৈ যোৱা কথা আছিল আৰু শনিবাৰে তাই মোৰ অহা কথা আছিল”। তাই ইয়ালৈ আহিলেও সৌৰভ আৰু তাৰ মাতৃয়ে ফোন কৰি আছিল। ইয়াৰোপৰি প্ৰথমতে শিৱালী অকলে বাস কৰিছিল আৰু পাছলৈ সৌৰভে তেওঁৰ ঘৰলৈ লৈ গৈছিল বুলি মাকে কয়।

ইফালে শিৱালীৰ ভাতৃয়ে কয় যে, “বা নৰ্মেল আছিল। ভালকৈ কথা পাতিছিল। কিন্তু হঠাতে তাইৰ মৃত্যুৰ খবৰ দিয়ে সৌৰভে। প্ৰথম অৱস্থাত সি ধেমালি কৰি থকা বুলি ভাবিছিলো। সি আৰক্ষীকো খবৰ দিয়া নাছিল। পাছত আমি গুজৰাট আৰক্ষীক খবৰ দিছিলো, তেতিয়া আৰক্ষী উপস্থিত হৈ গ’ম পাইছিল তাইৰ মৃত্যু হোৱা বুলি”।

এয়া হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰি ভাতৃয়ে কয় যে, “শিৱালীক পূৰ্বতেও সৌৰভ আৰু তেওঁৰ মাতৃয়ে শাৰীৰিক-মানসিক অত্যাচাৰ কৰিছিল। এবাৰ শিৱালীৰ মূৰ ফটাই দিছিল আৰু তেতিয়া আমি আৰক্ষীৰ ওচৰত এজাহাৰ দিছিল। বাৰে বাৰে তাইক বিয়াৰ বাবে হেঁচা দি আছিল। গতিকে এয়া দুৰ্ঘটনা হ’বই নোৱাৰে”।

জানিব পৰা মতে, উচ্চ শিক্ষা লাভৰ বাবে শিৱালী যোৱা কেইবাবছৰ ধৰি আহমেদাবাদত আছিল। এই খবৰ লাভ কৰাৰ পাছতে শিৱালীৰ ভাতৃয়ে স্থানীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি আহমেদাবাদলৈ ৰাওনা হয়।

এতিয়ালৈকে শিৱালীৰ মৃত্যুৰ কাৰণ জানিব পৰা নাই। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। লগতে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। গতিকে তদন্তৰ অন্ততহে জানিব পৰা যাৱ শিৱালীৰ কেনেকৈ মৃত্যু হ’ল।

 

অন্য খবৰ পঢ়কঃ ৰাজা ৰঘুবংশী কাণ্ডঃ কিলাৰৰ সৈতে বন্ধুত্ব, সোণমৰ ইংগিত…কি কি হৈছিল সেইদিনা…

 

কিন্নৰসকলক কি দান দিলে অধিক পুণ্য হয়? এইদৰে লাভ কৰিব পাৰিব আশীৰ্বাদ
ওজন হ্ৰাস কৰাত সহায় কৰে তেতেলীয়ে, জানক উপকাৰিতাৰ বিষয়ে
সপোনত সূৰ্যাস্তৰ দৃশ্য দেখিছে নেকি? জানেনে এনে সপোনে কিহৰ ইঙ্গিত দিয়ে?
জীৱনত সমস্যাই লগ নেৰে নেকি? কেতিয়াও আনক শ্বেয়াৰ নকৰিব এই ৫টা কথা...