খচৰা ভোটাৰ তালিকাৰ প্ৰকাশ, ভোটাৰৰ সংখ্যা ১.৩৫ শতাংশ বৃদ্ধি…

ৰাজ্যত এইবাৰ ভোটাৰৰ সংখ্যা হৈছে ২,৫২,০১,৬২৪। দেখা গৈছে যে, এইবাৰ ভোটাৰৰ সংখ্যা ১.৩৫ শতাংশ বৃদ্ধি পোৱা দেখা গৈছে। বিষয়াগৰাকীৰ মতে, খচৰাখনত মুঠ ১,২৫,৭২,৫৮৩জন পুৰুষ ভোটাৰ আৰু ১,২৬,২৮,৬৬২গৰাকী মহিলা ভোটাৰ।

খচৰা ভোটাৰ তালিকাৰ প্ৰকাশ, ভোটাৰৰ সংখ্যা ১.৩৫ শতাংশ বৃদ্ধি...
Published: 

31 Dec 2025 09:33 AM

প্ৰকাশ কৰা হ’ল খচৰা ভোটাৰ তালিকা। ইতিমধ্যে এক সংবাদমেলত এই কথা সদৰী কৰিছে অসমৰ মুখ্য নিৰ্বাচনী আয়ুক্ত অনুৰাগ গোৱেলে। তেওঁ কয় যে, বিশেষ পুনৰীক্ষণৰ পাছত যোৱা ২৭ ডিচেম্বৰত খচৰা ভোটাৰ তালিকাৰ প্ৰকাশ কৰা হয়। উল্লেখ্য যে, ৰাজ্যত ৬০ হাজাৰৰো অধিক বি এল অ’ৰ দ্বাৰা খচৰা ভোটাৰ তালিকা প্রস্তুত কৰা হৈছে।

খচৰা ভোটাৰ তালিকাৰ তথ্য অনুসৰি, ৰাজ্যত এইবাৰ ভোটাৰৰ সংখ্যা হৈছে ২,৫২,০১,৬২৪। দেখা গৈছে যে, এইবাৰ ভোটাৰৰ সংখ্যা ১.৩৫ শতাংশ বৃদ্ধি পোৱা দেখা গৈছে। বিষয়াগৰাকীৰ মতে, খচৰাখনত মুঠ ১,২৫,৭২,৫৮৩জন পুৰুষ ভোটাৰ আৰু ১,২৬,২৮,৬৬২গৰাকী মহিলা ভোটাৰ, প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে ১,০০৪গৰাকী মহিলাৰ লিংগ অনুপাত দেখুওৱা হৈছে। এই খচৰাত তৃতীয় লিংগৰ ৩৭৯ জন ভোটাৰ আছে। ভোটকেন্দ্ৰ ৩১,৪৮৬ টা।

মানকাচৰ বিধানসভা সমষ্টিত সৰ্বাধিক ৪০২টা ভোটকেন্দ্ৰ, দোটমাত সৰ্বনিম্ন ১৪৬টা ভোটকেন্দ্ৰ তথ্য ৰেকৰ্ড কৰা হৈছে। সৰ্বাধিক ভোটাৰ থকা সমষ্টিটো হৈছে দেৰগাঁও সমষ্টি, ভোটাৰৰ সংখ্যা ৩,১৮,৩২৬ জন আৰু সৰ্বনিম্ন ভোটাৰৰ সংখ্যা থকা সমষ্টিটো হৈছে আমৰি, য’ত ১,০০,৩১৯ জন ভোটাৰ।

এই খচৰাত ৬৩,৩১৪ জন চাৰ্ভিচ ভোটাৰ আৰু ২,০২,৪৩৩জন ন’ন-ৰেচিডেণ্ট (পিডব্লিউডি) ভোটাৰকো চিনাক্ত কৰা হৈছে। ১৮–১৯ বছৰ বয়সৰ যুৱ ভোটাৰৰ সংখ্যা ২,৪৫,০৮৪, আৰু ১,৩৬,৫৪৬ জন ভোটাৰ ৮৫ বছৰ আৰু তাৰ ওপৰৰ। বুথ পৰ্যায়ৰ বিষয়াসকলে ৬১,০৩,১০৩টা পৰিয়াললৈ প্ৰি-ৰিভিজন পৰ্যায়ৰ ভ্ৰমণৰ সময়ত ১০০ শতাংশ কভাৰেজ লাভ কৰে।

বিশেষ পুনৰীক্ষণৰ সময়ছোৱাত ৭.৮৬ লাখতকৈ অধিক ভোটাৰ সংযোজন কৰা হয় আৰু ৪.৪৭ লাখৰ নাম কৰ্তন কৰা হয়, যাৰ ফলত প্ৰায় ৩.৩ লাখ ভোটাৰৰ নিকা বৃদ্ধি হয়। ঘৰে ঘৰে পৰীক্ষণত প্ৰায় ৪.৭৯ লাখ মৃত আৰু ৫.২৩ লাখ স্থানান্তৰিত ভোটাৰ চিনাক্ত কৰা হৈছে, যাৰ নাম দাবী আৰু আপত্তিৰ সময়ত বিবেচনা কৰা হ’ব।

ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি কৰিব বিচাৰিলে ৬ নম্বৰ প্ৰ-পত্ৰৰ জৰিয়তে কৰিব লাগিব। ২০২৬ চনৰ ২২ জানুৱাৰীলৈকে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিব পাৰিব। একেদৰে ভোটাৰ তালিকাত নাম ভুল থাকিলে সংশোধন কৰিবলৈ ৮ নম্বৰ প্ৰ-পত্ৰৰ ব্যৱহাৰ কৰিব লাগিব। ৩, ৪, ১০ বা ১১ জানুৱাৰীত গাঁওসভাৰ জৰিয়তে খচৰা ভোটাৰ তালিকা সন্দৰ্ভত প্ৰতিখন গাঁৱৰ বাসিন্দাক অৱগত কৰা হ’ব। ১০ ফেব্ৰুৱাৰীত প্ৰকাশ পাব পূৰ্ণাংগ ভোটাৰ তালিকা৷

বুধবাৰে তুলসী ৰোপণ কৰিলে কি হয়? জানক...
তেজ পাতে কি কি ৰোগ দূৰ কৰে? ইয়াৰ ৫ টা বিশেষ উপকাৰিতা জানক
নতুন বছৰত সহজ হৈ পৰিব সফলতাৰ পথ, ত্যাগ কৰক এই ৬টা অভ্যাস!
কেতিয়াৰ পৰা মহিলাসকলে মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰা হ'ল?
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...