সন্ত্ৰাসবাদীৰ সমৰ্থনত সামাজিক মাধম্যত পোষ্ট, ৰাজ্যত এতিয়ালৈকে ২১ জনক আটক…
বিভিন্ন প্লেটফৰ্মত প্ৰচাৰিত আপত্তিজনক পোষ্টৰ খবৰৰ ভিত্তিত কেইবাখনো জিলাত অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে। এই পৰ্যন্ত দিল্লী বিস্ফোৰণৰ সৈতে জড়িত অভিযুক্তক সমৰ্থন কৰাৰ অভিযোগত সমগ্ৰ ৰাজ্যৰ পৰা ২১ জন লোকক আটক কৰিছে বুলি জানিব পৰা গৈছে।

দিল্লী বিস্ফোৰণৰ পাছতে কঠোৰ হৈছে অসম চৰকাৰ। যিসকল লোকে আক্ৰমণকাৰীৰ সমৰ্থত সামাজিক মাধ্যমত পোষ্ট কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। চৰকাৰে একে প্ৰকাৰে স্পষ্ট কৰি দিছে যে,আক্ৰমণকাৰীৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট কৰা বুলি অভিযোগ উত্থাপন কৰা ব্যক্তিক কোনো কাৰণতে ৰেহাই দিয়া নহয়।
ইফালে, সন্ত্ৰাসবাদী কাৰ্যকলাপৰ প্ৰতি কোনো ধৰণৰ সমৰ্থন ৰাজ্য চৰকাৰে সহ্য নকৰে বুলি কঠোৰ সকীয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিভিন্ন প্লেটফৰ্মত প্ৰচাৰিত আপত্তিজনক পোষ্টৰ খবৰৰ ভিত্তিত কেইবাখনো জিলাত অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে। এই পৰ্যন্ত দিল্লী বিস্ফোৰণৰ সৈতে জড়িত অভিযুক্তক সমৰ্থন কৰাৰ অভিযোগত সমগ্ৰ ৰাজ্যৰ পৰা ২১ জন লোকক আটক কৰিছে বুলি জানিব পৰা গৈছে।
#UPDATE: Another anti-national have been arrested by @assampolice, taking the total count to 21. We will NOT tolerate anyone expressing support online for terrorists behind the #DelhiTerrorAttacks. Here are the names:
1) Mattiur Rahman (Darrang)
2) Hassan Ali Mondal (Goalpara)… pic.twitter.com/bHnV5NsWav— Himanta Biswa Sarma (@himantabiswa) November 15, 2025
উল্লেখ্য যে, দৰং, গোৱালপাৰা, নলবাৰী, চিৰাং, কামৰূপ, বঙাইগাঁও, হাইলাকান্দি, লখিমপুৰ, বৰপেটা, হোজাই, দক্ষিণ শালমাৰা, কোকৰাঝাৰ, বজালী, ধুবুৰী আদি জিলাৰ পৰা এই লোকসকলক আটক কৰিছে আৰক্ষীয়ে।
সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীয় কয়,”দিল্লীত সন্ত্রাসবাদীৰ আক্রমণৰ ঘটনাৰ পাছত অসমত সামাজিক মাধ্যমত ইয়াৰ প্রতি সমর্থন জনাই কিছু লোকে আপত্তিজনক মন্তব্য আগবঢ়াই আছে। কিন্তু আমাৰ অসম আৰক্ষীয়ে তীক্ষ্ণ পর্যবেক্ষণেৰে অভিযান চলাই এতিয়ালৈ মুঠ ২১জন ৰাষ্ট্ৰদ্ৰোহীক গ্ৰেপ্তাৰ কৰিছে। এই অভিযান অবিৰাম গতিৰে চলি থাকিব।”
মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়া অনুসৰি, এতিয়ালৈ আটক হোৱাকেইজন—
১) মতিউৰ ৰহমান (দৰং)
২) হাছান আলী মণ্ডল (গোৱালপাৰা)
৩) জয়ন্ত মোহন দাস (নলবাৰী)
৪) আব্দুল লতিফ (চিৰাং)
৫) ৱাজহুল কামাল (কামৰূপ)
৬) নুৰ আমিন আহমেদ (বঙাইগাঁও)
৭) ৰফিজুল আলী (বঙাইগাঁও)
৮) ফৰিদ উদ্দিন লস্কৰ (হাইলাকান্দি)
৯) ইনামূল ইছলাম (লখিমপুৰ)
১০) ফিৰুজ আহমেদ ওৰফে পাপন (লখিমপুৰ)
১১) শ্বাহিল শ্বোমান শিকদাৰ ওৰফে শ্বাহিদুল ইছলাম (বৰপেটা)
১২) ৰকিবুল চুলতান (বৰপেটা)
১৩) নাছিম আক্ৰাম (হোজাই)
১৪) তাছলিম আহমেদ (কামৰূপ)
১৫) আব্দুৰ ৰহিম মোল্লাহ ওৰফে বাপ্পী হুছেইন (দক্ষিণ শালমাৰা)
১৬) কৰিনুৰ হাছান (চিৰাং)
১৭) আবু হানিফ ওৰফে নিউ কালেকশ্যন (বঙাইগাঁও)
১৮) মনোৱাৰ হুছেইন (কামৰূপ)
১৯) ইনামূল হক (কোকৰাঝাৰ)
২০) নৱী হুছেইন (বজালী)
২১) আজিজুৰ হুছেইন (ধুবুৰী)