হিমন্ত বিশ্ব শৰ্মাৰ ‘পাকিস্তানী এজেণ্ট’ৰ প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ, এয়া মুখ্যমন্ত্ৰীৰ “ক্ষমতা হেৰুৱাৰ ক্ৰমবৰ্ধমান ভয়” আখ্যা
নিজৰ মাজৰ যুঁজ-বাগৰ অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে। দুয়োৰে মাজত অব্যাহত আছে তীব্ৰ বাকযুদ্ধ।
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত, ৰৈ ৰৈ বিনালেৰ শুভ মুক্তি, জুবিনৰ মৃত্যুৰ ন্যায়ৰ দাবী আদি বিষয়বোৰে ৰাজ্যৰ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত তোলপাৰ লগাৰ থকাৰ মাজতেই নিজৰ মাজৰ যুঁজ-বাগৰ অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে। দুয়োৰে মাজত অব্যাহত আছে তীব্ৰ বাকযুদ্ধ।
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যৰ নেতৃত্ব দিবলৈ “অযোগ্য” বুলি অভিযোগ উত্থাপন কৰাৰ এদিন পিছতে মুখ্যমন্ত্ৰী তথা বিজেপিৰ বিভিন্ন নেতাই গৌৰৱক “এটা বিদেশী শক্তিৰ দ্বাৰা প্ৰতিষ্ঠা কৰা পাকিস্তানী এজেণ্ট” বুলি অভিযোগ উত্থাপন কৰিছিল। মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত কৈছিল যে গৌৰৱ গগৈ ১০০ শতাংশ পাকিস্তানী এজেণ্ট।
মুখ্যমন্ত্ৰী শৰ্মাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গগৈয়ে কয় যে এই মন্তব্যই মুখ্যমন্ত্ৰীৰ “ক্ষমতা হেৰুৱাৰ ক্ৰমবৰ্ধমান ভয়” উদঙাই দিছে। প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ মুক্তি পোৱাৰ দিনাই হত্যাৰ অভিযোগ উত্থাপন হোৱা বুলি আঙুলিয়াই দি তেওঁ অভিযোগৰ সময়ক লৈ প্ৰশ্নৰ অৱতাৰণা কৰে।
গগৈয়ে পোষ্টটোত কয়, “যোৱা কেইমাহমান ধৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ বিশ্বাসযোগ্যতা হেৰুৱাইছে। কালিৰ দিনটোত যেতিয়া সমগ্ৰ ৰাজ্যবাসীয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অভিনীত অন্তিম ছবি “ৰৈ ৰৈ বিনালে” চিনেমাগৃহত চোৱাত ব্যস্ত আছিল, সেইসময়ত মুখ্যমন্ত্ৰীয়ে দিয়া মন্তব্যত তেওঁৰ ক্ষমতা হেৰুৱাবলৈ ধৰাৰ ভয় আৰু উৎকণ্ঠা স্পষ্টকৈ প্ৰকাশ পাইছে। কিয় তেওঁ অসমবাসীৰ বাবে এজন মুখ্যমন্ত্ৰী হিচাপে অযোগ্য হৈ পৰিছে ই তাৰেই অন্য এটি উদাহৰণ।”
মুখ্যমন্ত্ৰী শৰ্মাই বাৰে বাৰে দাবী কৰি আহিছে যে গগৈৰ ব্ৰিটিছ পত্নীৰ জৰিয়তে পাকিস্তানৰ সৈতে সম্পৰ্ক আছে। এই অভিযোগৰ সমৰ্থনত তেওঁৰ হাতত প্ৰমাণ আছে বুলি জোৰ দি কয় মুখ্যমন্ত্ৰীয়ে। শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে এই অভিযোগ পুনৰবাৰ উল্লেখ কৰি কংগ্ৰেছৰ সাংসদগৰাকীক “পাকিস্তানী এজেণ্ট” বুলি অভিহিত কৰি তেওঁক “বিদেশী শক্তিয়ে প্ৰতিষ্ঠা কৰা” বুলি দৃঢ়তাৰে কয়।
লোকসভাৰ কংগ্ৰেছৰ উপ-দলপতি হিচাপে থকা গৌৰৱ গগৈয়ে এই অভিযোগক ভিত্তিহীন আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি উলাই কৰি কয় যে এই অভিযোগে মুখ্যমন্ত্ৰীৰ হতাশা প্ৰকাশ কৰিছে।
অসমৰ অন্যতম প্ৰিয় সাংস্কৃতিক ব্যক্তি জুবিন গাৰ্গৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সাগৰত সাঁতুৰি থকা অৱস্থাত মৃত্যু হয়। তেওঁৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ জোৱাৰ দেখা যায়, যাৰ ফলত ৰাজ্য চৰকাৰে মৃত্যুৰ তদন্তৰ বাবে চি আই ডিৰ অধীনত বিশেষ তদন্তকাৰী দল গঠন কৰে। শিল্পীগৰাকীৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ (Tears Still Flow) শুকুৰবাৰে সমগ্ৰ অসমৰ লগতে ভাৰতৰ অন্যান্য চহৰৰ চিনেমাগৃহতো মুক্তি দিয়া হয়।