পাকিস্তানপন্থী নেতাই নেতৃত্ব দিছে কংগ্ৰেছক! খিলঞ্জীয়া নেতাক কংগ্ৰেছ ত্যাগৰ আহ্বান ৰাজ্যিক বিজেপিৰ

আজি গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে একেলগে পূৰ্বৰ মুছলিম লীগৰ অসমাপ্ত এজেণ্ডা পূৰণৰ প্ৰয়াস কৰিছে বুলি দাবী কৰি মেধিয়ে তেওঁলোকৰ নেতৃত্বত কংগ্ৰেছে এতিয়া অসম বা খিলঞ্জীয়াৰ স্বাৰ্থক অগ্ৰাধিকাৰ নিদিয়ে বুলি উল্লেখ কৰে।

পাকিস্তানপন্থী নেতাই নেতৃত্ব দিছে কংগ্ৰেছক! খিলঞ্জীয়া নেতাক কংগ্ৰেছ ত্যাগৰ আহ্বান ৰাজ্যিক বিজেপিৰ

অসম বিজেপিৰ সংবাদমেল

Published: 

29 Jan 2026 | 05:50 PM

সমাগত অসম বিধানসভা নিৰ্বাচন ২০২৬। নিৰ্বাচনৰ পূৰ্বে এতিয়া দেখা গৈছে ৰাজনৈতিক দলসমূহৰ মাজত বোকা চটিওৱাৰ ৰাজনীতি। কি শাসক, কি বিৰোধী সকলোৱেই নামি পৰিছে এটা দলে আন এটা দলক সমালোচনা কৰাত। অসম বিজেপিয়ে বৃহস্পতিবাৰে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে “পাকিস্তান সমৰ্থক উপাদান” বুলি অভিহিত কৰা ব্যক্তিয়ে দলটোক পৰিচালনা কৰি অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ স্বাৰ্থৰ পৰা আঁতৰি গৈছে।

অসম প্ৰদেশ বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে পাকিস্তান সমৰ্থক ঢালক আশ্ৰয় দিয়া আৰু নিৰ্বাচনী লাভৰ বাবে খিলঞ্জীয়া অসমীয়া জনগোষ্ঠীক প্ৰান্তীয়কৰণৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰে।

মেধিয়ে গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰে, আনহাতে স্বাধীনতাৰ পূৰ্বৰ সময়ছোৱাত মুছলিম লীগৰ স্বেচ্ছাসেৱক বুলি অভিযোগ কৰা পিতৃ নুৰুল হুছেইনৰ পৰা ৰকিবুল হুছেইনে পাকিস্তান সমৰ্থক আৱেগ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা বুলি দাবী কৰে। মেধিৰ মতে, নুৰুল হুছেইনে মহম্মদ আলী জিন্নাৰ হৈ প্ৰচাৰ চলাইছিল আৰু তেওঁৰ বাসগৃহত পাকিস্তানৰ পতাকা উত্তোলন কৰিছিল বুলি অভিযোগ আছে।

আজি গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে একেলগে পূৰ্বৰ মুছলিম লীগৰ অসমাপ্ত এজেণ্ডা পূৰণৰ প্ৰয়াস কৰিছে বুলি দাবী কৰি মেধিয়ে তেওঁলোকৰ নেতৃত্বত কংগ্ৰেছে এতিয়া অসম বা খিলঞ্জীয়াৰ স্বাৰ্থক অগ্ৰাধিকাৰ নিদিয়ে বুলি উল্লেখ কৰে।

বিজেপিৰ মুখপাত্ৰগৰাকীয়ে আৰু অভিযোগ কৰে যে কংগ্ৰেছ নেতা দুগৰাকীয়ে “আগ্ৰাসী প্ৰব্ৰজিত মিঞা মুছলমান”ৰ সৈতে মিলি গৈছে আৰু দীৰ্ঘম্যাদী ৰাজনৈতিক ষড়যন্ত্ৰৰ পৰিকল্পনা কৰিছে। মেধিয়ে দাবী কৰিছিল যে মিঞা বসতিপ্ৰধান সমষ্টিত নিৰ্বাচনক কেৱল এজেণ্ডা ৰূপায়ণৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে, যাৰ ফলত কংগ্ৰেছক “মিয়াকেন্দ্ৰিক দল”লৈ ৰূপান্তৰিত কৰা হৈছে।

তেওঁ আৰু কয় যে এই ৰাজনৈতিক সংহতিয়ে খিলঞ্জীয়া জনগোষ্ঠী আৰু ভাৰতীয় মূলৰ লোকসকলৰ বাবে ভাবুকি কঢ়িয়াই আনিছে। কংগ্ৰেছ নেতৃত্বই সাম্প্ৰদায়িক মেৰুকৰণ আৰু লক্ষ্যভিত্তিক সংগঠনৰ জৰিয়তে তেওঁলোকক দমন কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে।

প্ৰত্যক্ষ অভিযোগ উত্থাপন কৰি মেধিয়ে কংগ্ৰেছৰ ভিতৰৰ সকলো খিলঞ্জীয়া, দেশপ্ৰেমিক, অসমপ্ৰেমী ব্যক্তিক দলৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিবলৈ আহ্বান জনায়। অসম আৰু ইয়াৰ জনসাধাৰণক সঁচা অৰ্থত ভালপোৱা কোনো ব্যক্তিয়ে আৰু কংগ্ৰেছৰ সৈতে জড়িত হৈ থাকিব নালাগে বুলি মন্তব্য কৰি এনে নেতা-কৰ্মীক “অসম মাতৃ”ৰ সুৰক্ষাৰ বাবে নিজকে উৎসৰ্গা কৰিবলৈ আহ্বান জনায়।

দলৰ আভ্যন্তৰীণ গতিশীলতাক আলোকপাত কৰি মেধিয়ে দাবী কৰে যে আগন্তুক অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছে টিকটৰ বাবে লাভ কৰা ৭২০ খন আৱেদনৰ ভিতৰত ৬০০ৰো অধিক আবেদন একক, নাম নথকা সম্প্ৰদায়ৰ প্ৰাৰ্থীয়ে দাখিল কৰিছে। তেওঁ আৰু দৃঢ়তাৰে কয় যে যদি বৰ্তমানৰ ধাৰা অব্যাহত থাকে তেন্তে পৰৱৰ্তী অসম বিধানসভাত খিলঞ্জীয়া বা ভাৰতীয় মূলৰ জনগোষ্ঠীৰ এজনো কংগ্ৰেছ বিধায়ক নাথাকিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...