Zubeen Garg: ‘ৰৈ ৰৈ বিনালে’ৰ টিকটৰ মূল্য বৃদ্ধিৰ অভিযোগ খণ্ডন চিনেমা হল মালিক সন্থাৰ

Roi Roi Binale: গুৱাহাটীৰ হোটেল এপ’ল’ গ্ৰেণ্ডত সংবাদমেল সম্বোধন কৰি ACHOAৰ প্ৰতিনিধিয়ে স্পষ্ট কৰি দিয়ে যে. ছ’চিয়েল মিডিয়াত প্ৰচাৰিত দাবীৰ দৰে সংস্থাটোৱে টিকটৰ মূল্য বৃদ্ধি কৰা নাই। আচিঅ’এৰ এগৰাকী মুখপাত্ৰই কয় যে, ‘আমি জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি ব্যৱসায় কৰিবলৈ চেষ্টা কৰা নাই। টিকটৰ দাম অপৰিৱৰ্তিত হৈ আছে।’ 

Zubeen Garg: ‘ৰৈ ৰৈ বিনালে’ৰ টিকটৰ মূল্য বৃদ্ধিৰ অভিযোগ খণ্ডন চিনেমা হল মালিক সন্থাৰ

ৰৈ ৰৈ বিনালে

Published: 

28 Oct 2025 13:25 PM

৩১ অক্টোবৰত অসমৰ ছবিগৃহলৈ আহিব জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’।  ছবিখনৰ অগ্ৰিম টিকট বুকিং  মুকলি কৰাৰ পিছতে গঢ়িলে অভিলেখ। তাৰ পিছতে হঠাৎ একাংশ ছবিগৃহত টিকটৰ দাম বৃদ্ধিৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত সদৌ অসম চিনেমা হল মালিক সন্থাই (ACHOA) টিকটৰ মূল্যবৃদ্ধিৰ অভিযোগ অস্বীকাৰ কৰে। লগতে  সাময়িকভাৱে হিন্দী ছবি প্ৰদৰ্শন বন্ধ কৰাৰ কথা ঘোষণা কৰে।

গুৱাহাটীৰ হোটেল এপ’ল’ গ্ৰেণ্ডত সংবাদমেল সম্বোধন কৰি ACHOAৰ প্ৰতিনিধিয়ে স্পষ্ট কৰি দিয়ে যে. ছ’চিয়েল মিডিয়াত প্ৰচাৰিত দাবীৰ দৰে সংস্থাটোৱে টিকটৰ মূল্য বৃদ্ধি কৰা নাই। আচিঅ’এৰ এগৰাকী মুখপাত্ৰই কয় যে, ‘আমি জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি ব্যৱসায় কৰিবলৈ চেষ্টা কৰা নাই। টিকটৰ দাম অপৰিৱৰ্তিত হৈ আছে।’

তেওঁ কয়, ‘আমি যি সালসলনি কৰিছো সেয়া কেৱল শ্ব’ৰ সংখ্যাহে , টিকটৰ দাম নহয়। যদি কোনো হলে স্বতন্ত্ৰভাৱে দাম বৃদ্ধি কৰিছে, তেন্তে সেয়া তেওঁলোকৰ সিদ্ধান্ত। ইয়াৰ দায়িত্ব সন্থাই নলয়।’ ইফালে অসমৰ ছবিগৃহত হিন্দী ছবিৰ ক্ৰমবৰ্ধমান আধিপত্যৰ বিৰুদ্ধে দৃঢ় স্থিতি গ্ৰহণ কৰি ACHOA-এ ঘোষণা কৰে যে:“যেতিয়ালৈকে ৰৈ ৰৈ বিনালে চলি থাকিব, অসমৰ চিনেমা হলত কোনো হিন্দী ছবি প্ৰদৰ্শিত নহয়।”

ইয়াৰ মাজতে ৰাজ্যৰ চলচ্চিত্ৰ বিতৰণ আৰু ৰাজহ ভাগ-বতৰাৰ ব্যৱস্থাত দীৰ্ঘদিনীয়া বৈষম্যৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি “অনা-অসমীয়া লবী”-এ অসমৰ চিনেমা ব্যৱসায় নিয়ন্ত্ৰিত কৰি স্থানীয় চলচ্চিত্ৰ নিৰ্মাতাসকলৰ ক্ষতিসাধন কৰিছে বুলি অভিযোগ উত্থাপন কৰে সন্থাই।

তেওঁলোকে কয়, ‘অসমীয়া প্ৰযোজকৰ মাজত সঠিক বুজাবুজিৰ অভাৱৰ বাবে হিন্দী আৰু অসমীয়া চিনেমাৰ মাজত লাভৰ ভাগ-বতৰা ব্যৱস্থাত অন্যায় হৈ আছে। আমি অসমীয়া চিনেমাৰ উন্নতি বিচাৰিলে এই কথা সলনি হ’ব লাগিব।’

ছবিখনৰ সফলতাৰ ওপৰত আস্থা প্ৰকাশ কৰি সংস্থাটোৱে কয় যে, ৰৈ ৰৈ বিনালে কেৱল মনোৰঞ্জনতে সীমাবদ্ধ  নহয়। অসমৰ আৱেগিক পৰিচয়ৰ প্ৰতীক। তেওঁলোকে লগতে কয়, ‘জুবিনৰ পূৰ্বৰ ছবিসমূহ অনুৰাগীয়ে দুবাৰকৈ চাইছিল; এইখন চাৰিবাৰ চাব। ছবিখনে এনে এক ইতিহাসৰ সৃষ্টি কৰিব—।যাক কোনো অভিলেখে ইয়াক অতিক্ৰম কৰিব নোৱাৰে।’

সংস্থাটোৱে পুনৰ কয় যে, তেওঁলোকৰ উদ্দেশ্য চলচ্চিত্ৰ ব্যৱসায়ত ব্যাঘাত জন্মোৱা নহয় বৰঞ্চ অসমীয়া চিনেমাক নিজৰ ৰাজ্যত ব্যৱসায়িক অৱনতিৰ পৰা ৰক্ষা কৰাহে। আঞ্চলিক চলচ্চিত্ৰ নীতি শক্তিশালী কৰাৰ লগতে উদ্যোগটোত ন্যায্য প্ৰতিযোগিতা নিশ্চিত কৰাৰ বাবে প্ৰযোজক আৰু বিতৰকৰ সৈতে অধিক আলোচনাৰ পৰিকল্পনাৰ কথা ঘোষণা কৰে ACHOA-এ।

চুলি চিঙি চিঙি যায় নেকি? কেনেকৈ দূৰ কৰিব সমস্যা জানক
অষ্ট্ৰেলিয়াৰ বিপক্ষে টি-২০ শৃংখলাত নিশ্চিত ভাৰতৰ জয়! এই কাৰণে আপোনাকো কৰিব ‘আত্মবিশ্বাসী’
শীতকালত উচ্চ ৰক্তচাপ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি?
দেহ-মন সুস্থ ৰাখিবলৈ কিমান খাদ্য খাব লাগে? প্ৰেমানন্দ মহাৰাজৰ মতে...