টাই আহোমৰ ৰীতি-নীতিৰে হোলোঙাপাৰত ৪০৩ সংখ্যক লাচিত দিৱস উদযাপন

হোলোঙাপাৰস্থিত লাচিত মৈদামতো ৪০৩ সংখ্যক লাচিত দিৱসটি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তথা যোৰহাট জিলা প্ৰশাসনৰ সহযোগত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় ৷

টাই আহোমৰ ৰীতি-নীতিৰে হোলোঙাপাৰত ৪০৩ সংখ্যক লাচিত দিৱস উদযাপন
Published: 

24 Nov 2025 16:41 PM

আজি অসমীয়াৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ ৪০৩ সংখ্যক জন্মজয়ন্তী। এই উপলক্ষে সমগ্ৰ অসমবাসীয়ে আজি উদযাপন কৰে লাচিত দিৱস। যোৰহাট জিলাৰ হোলোঙাপাৰস্থিত লাচিত মৈদামতো ৪০৩ সংখ্যক লাচিত দিৱসটি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তথা যোৰহাট জিলা প্ৰশাসনৰ সহযোগত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় ৷

বিভাগীয় মন্ত্ৰী বিমল বৰা, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, বিধায়ক ৰূপজ্যোতি কুৰ্মীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে। পুৱাই লাচিত মৈডামত সকলোৱে টাই আহোমৰ ৰীতি-নীতিৰে মৈডাম তৰ্পণ কৰি পূজা-অৰ্চনা আগবঢ়াই আৰু লাচিতৰ আদৰ্শেৰে সকলো আগবাঢ়ি যাবলৈ আহ্বান জনায়।

হোলোঙাপাৰৰ লাচিত দিৱস

লাচিত দিৱসৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী বিমল বৰাই কয়, “লাচিত বৰফুকনৰ বীৰত্বৰ কাৰণে আজি অসমত বিভিন্ন জাতি-জনগোষ্ঠী, ভাষাভাষী সকলোৱে একত্ৰিতভাৱে জীৱন-যাপন কৰিবৰ পৰা পৰিৱেশ সৃষ্ট হ’ল। সেইগৰাকী বীৰৰ ত্যাগ আৰু সাহসে সদায় প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সকলোকে উজ্জীৱিত কৰি আহিছে।”

সাংস্কৃতিক কাৰ্যসূচী

“আগ্ৰাসী মোগলসকল ভাৰতৰ বিভিন্ন অংশত শাসন কৰিলেও সম্পূৰ্ণ ভূখণ্ড কেতিয়াও শাসন কৰিব পৰা নাছিল। এই ক্ষেত্ৰত এক দৃঢ় ভূমিকা পালন কৰিছিল মহান অসম সেনাপতি বীৰ লাচিত বৰফুকনে। ঐতিহাসিক শৰাইঘাটৰ যুঁজত জয় লাভ কৰি মোগলৰ আগ্ৰসৰণ ৰোধ কৰিছিল লাচিত বৰফুকনে।” সামাজিক মাধ্যমৰ এটা পোষ্টত এইদৰে কয় বিমল বৰাই।

ইফালে, প্ৰায় ১৫০ কোটি টকা ব্যয় সাপেক্ষে উক্ত স্থানত নিমাৰ্ণ হৈ থকা বীৰ লাচিত বৰফুকন প্ৰকল্পৰ কাম অহা জানুৱাৰী মাহৰ আৰম্ভণিতে শেষ কৰি পৰ্যটকৰ বাবে মুকলি কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই। উক্ত অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনেৰে অনুষ্ঠানটি জীপাল কৰি তোলে।

এলঝেইমাৰৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? এই ৰোগ কিয় হয় জানেনে?
ডায়েবেটিছ ৰোগীৰ বাবে মহৌষধি হালধি! এনে উপকাৰিতাৰ কথা শুনিলে আচৰিত হ’ব আপুনি
গাখীৰ চাহ খালে বৃক্কত পাথৰ অৰ্থাৎ কিডনী ষ্ট’ন হয় নেকি? চাহৰ নিচা আছে যদি চাওক এতিয়াই
পুৱাৰ সময়ত কিয় অধিক লোক হাৰ্ট এটেকৰ সন্মুখীন হয়? জানিলে হ’ব পাৰিব সাৱধান
কেতিয়াৰ পৰা আৰম্ভ হ'ব বাবু আঁচনি?
গৌৰৱ গগৈয়ে পাকিস্তানত চৰকাৰ বনাবঃ মুখ্যমন্ত্ৰী
কংগ্ৰেছক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ
SR সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে ?