২০২৬ চনত কেইদিন লাভ কৰিব বন্ধ? বন্ধৰ তালিকাত অনুমোদন দিলে কেবিনেটে, চাওক বৈঠকৰ সিদ্ধান্ত
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত উল্লেখ কৰা মতে আজি বৈঠকত কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আগন্তুক ২০২৬ চনৰ চৰকাৰী ছুটীৰ তালিকাত আজি কেবিনেটে অনুমোদন জনাইছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
আজি অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকৰ পিছতে পূৰ্বৰ দৰেই এক সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ বৈঠকত কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে সদৰী কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত উল্লেখ কৰা মতে আজি বৈঠকত কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আগন্তুক ২০২৬ চনৰ চৰকাৰী ছুটীৰ তালিকাত আজি কেবিনেটে অনুমোদন জনাইছে।
কেবিনেটৰ সিদ্ধান্ত অনুসৰি অহা ২০২৬ চনত ৰাজ্যত মুঠ ৩৫টা গেজেটেড হলিডে অৰ্থাৎ চৰকাৰী বন্ধৰ দিন থাকিব। আনহাতে ৰেষ্ট্ৰিক্টেড হলিডে থাকিব ৩৯টা দিন। সেইদৰে এদিনৰ হাফ হলিডে আৰু NI Actৰ অধীনত ১৯টা হলিডে অৰ্থাৎ বন্ধৰ দিন থাকিব। ইয়াৰ লগতে মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰত বন্ধ থাকিব।
অসম চৰকাৰৰ কৰ্মচাৰীসকলে লাভ কৰা মাতৃ-পিতৃ বন্দনাৰ ছুটীৰ ক্ষেত্ৰতো আগতীয়াকৈ অনুমোদন জনাইছে কেবিনেটে। কৰ্মচাৰীসকলৰ সহায় হোৱাকৈ এই বন্ধৰ দিনকেইটা বন্ধ তালিকাতে সন্নিৱিষ্ট কৰা হৈছে। সেই অনুসৰি অসম চৰকাৰৰ কৰ্মচাৰীসকলে জুলাই মাহৰ ৯,১০,১১ ১২ তাৰিখে বা ২৩, ২৪, ২৫ আৰু ২৬ জুলাই তাৰিখে এই ছুটী লাভ কৰিব।
আজি কেবিনেটে ‘অসমমালা’ৰ তৃতীয় সংস্কৰণত অনুমোদন জনায়। এই আঁচনিৰ জৰিয়তে ৰাজ্যত মুঠ ৮৮৩ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত সদৰী কৰিছে। আঁচনিখনৰ অধীনত বহুকেইটা গুৰুত্বপূৰ্ণ পথ সামৰি লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। এই আঁচনিৰ বাবে কেবিনেটে ৩,২১৭ কোটি টকাৰ অনুমোদন জনাইছে।
ইফালে গুৱাহাটীস্থিত নেহেৰু ষ্টেডিয়াম ভাঙি নতুনকৈ নিৰ্মাণ কৰা হ’ব বুলি সংবাদমেলত তেওঁ উল্লেখ কৰে। এই সন্দৰ্ভত পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি বৰ্তমানৰ ষ্টেডিয়ামখন ভাঙি নতুনকৈ এখন ফুটবল খেলপথাৰ, অনুশীলনৰ বাবে এখন ফুটবল খেলপথাৰ, ইনড’ৰ ষ্টেডিয়াম, চুইমিং পুল নিৰ্মাণ কৰা হ’ব বুলি মুখ্যমগৰাকীয়ে সংবাদমেলত সদৰী কৰে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা মতে এই প্ৰকল্পৰ বাবে নিবিদা আহ্বান কৰা হৈছিল। ইয়াৰ পিছত লাৰ্চন এণ্ড টাৰ্ব’ কোম্পানীয়ে এই প্ৰকল্পৰ বাবে নিবিদা লাভ কৰে। সৰ্বমুঠ ৭৬৫ কোটি টকাৰ ব্যয়েৰে এই প্ৰকল্প নিৰ্মাণ কৰা হ’ব বুলি জানিবলৈ দি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কেবিনেটে এই বাজেটতো অনুমোদন জনায় বুলি উল্লেখ কৰে।