কোনে পাব ৰাজ্যসভালৈ যোৱা টিকট ? আজি বিয়লি বাজপেয়ী ভৱনত বিজপি-অগপৰ গুৰুত্বপূৰ্ণ বৈঠক…

বাজপেয়ী ভৱনত বিজেপি-অগপৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব । এই বৈঠকখন অসমৰ দুখন ৰাজ্যসভাৰ আসনৰ বাবে অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচন কেন্দ্ৰিক বুলি কোৱা হৈছে ।

কোনে পাব ৰাজ্যসভালৈ যোৱা টিকট ? আজি বিয়লি বাজপেয়ী ভৱনত বিজপি-অগপৰ গুৰুত্বপূৰ্ণ বৈঠক...

ৰাজ্যিক বিজেপিৰ কাৰ্যালয়

Updated On: 

30 May 2025 14:28 PM

আজি বিয়লি বাজপেয়ী ভৱনত বিজেপি-অগপৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব । এই বৈঠকখন অসমৰ দুখন ৰাজ্যসভাৰ আসনৰ বাবে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচন কেন্দ্ৰিক বুলি কোৱা হৈছে । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিতি অনুষ্ঠিত হ’ব এই বৈঠক । কোৱা হৈছে যে, ৰাজ্যিক বিজেপি আৰু তেওঁলোকৰ মিত্ৰদল অগপৰ মাজত এই বৈঠকখন অনুষ্ঠিত হ’ব । বৈঠকত অংশগ্ৰহণ কৰিব অগপৰ সভাপতি অতুল বৰাৰ লগতে দুয়োটা দলৰ শীৰ্ষ কেইবাগৰাকী নেতাই ।

উল্লেখ্য যে, জুন মাহত খালী হ’বলগীয়া অসমৰ দুয়োখন ৰাজ্যসভাৰ আসন বিজেপি আৰু অগপৰ হাতত আছে । অসম গণ পৰিষদৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিজেপিৰ মিছন ৰঞ্জন দাসৰ কাৰ্যকাল শেষ হোৱাৰ পাছতে অসমৰ দুয়োখন আসন খালী হ’ব । ইতিমধ্যে খালী হ’বলগীয়া ৰাজ্যসভাৰ দুয়োখন আসন অক্ষুণ্ণ ৰাখিবলৈ বিচাৰিব ১২৬ জনীয়া অসম বিধানসভাৰ ৮৪ খন আসন নিজৰ হাতত ৰখা বিজেপি নেতৃত্বাধীন এন ডি এয়ে।

অসমৰ দুখন আৰু তামিলনাডুৰ ৬ খন, মুঠ ৮ খন ৰাজ্যসভা আসনৰ বাবে অহা ১৯ জুনত অনুষ্ঠিত হ’ব ৰাজ্যসভা নিৰ্বাচন । ২ জুনত ৰাজ্যসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰিব নিৰ্বাচন আয়োগে । মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ৯ জুন। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১২ জুন। নিৰ্বাচন অনুষ্ঠিত হোৱাৰ দিনাই ঘোষণা কৰা হ’ব ফলাফল।

মনকৰিবলগীয়া যে, এই দুয়োখনৰ বাবে আজিৰ অনুষ্ঠিত হ’বলগীয়া অগপ আৰু বিজেপিৰ মিত্ৰদলৰ বৈঠকখন অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । চৰ্চা হৈছে কোনটো দলে কোনজন প্ৰাৰ্থীক ৰাজ্যসভালৈ প্ৰক্ষেপ কৰিব সেই সিদ্ধান্ত হয়তো আজিৰ এই বৈঠকতে লোৱা হ’ব ।

বিভিন্ন সূত্ৰ দাবী কৰিছে যে, অগপৰ হাতত থকা আসনখনৰ বাবে দলটোৱে এইবাৰ নতুন প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি চৰ্চা হৈছে । এই আসনখনৰ বাবে অগপৰ কেইবাগৰাকী নেতাৰ নাম চৰ্চাত আছে । তেওঁলোকৰ ভিতৰত বিশেষকৈ চৰ্চাত আছে সত্যব্ৰত কলিতা, অপূৰ্ব ভট্টাচাৰ্য আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নাম । ইফালে, দলটোৱে এই আসনখনৰ বাবে পুনৰ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যকে প্ৰক্ষেপ কৰিব নেকি সেই লৈয়ো চৰ্চা নোহোৱা নহয় ।

ইফালে, বিজেপিৰ কেইগৰাকী নেতাই ৰাজ্যসভালৈ যাবলৈ মন মেলিছে বুলি খবৰ প্ৰকাশ পাইছে । বিশেষভাৱে চৰ্চাত আছে ৰাজেন গোঁহাইৰ নাম । লগতে চৰ্চাত আছে বৰাকৰ ৰাজদ্বীপ ৰয় আৰু পল্লৱ লোচন দাসৰ নাম । একে সময়তে বিজেপিয়ে এইবাৰ ৰাজ্যসভালৈ মহিলা প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পাৰে বুলিও চৰ্চা নোহোৱা নহয় ।

হাড় শক্তিশালী কৰিবলৈ কি খাব লাগে? সবিশেষ জানক
দৈনিক কেইকাপ চাহ খায় আপুনি? এই পৰিমাণতকৈ অধিক খালে হ’ব পাৰে এনে চিন্তনীয় সমস্যা…
আওকাণ নকৰিব, ইউৰিক এচিডৰ বৃদ্ধিৰ লক্ষণসমূহ জানক...
খাদ্য খোৱাৰ পিছত কিয় আমাৰ টোপনি আহে! জানেনে ইয়াৰ আঁৰৰ কাৰণ?