সেই সময়, এই সময়! ১১ বছৰ আগতে সেই ঠাইখনতে অলপ জিৰাইছিল, আজি চলিছে শেষ শয়নৰ প্ৰস্তুতি…

সোণাপুৰেই এতিয়া হ'ব শেষ ঠিকনা জুবিন গাৰ্গৰ। প্ৰিয় শিল্পীৰ গানেৰে মুখৰিত হ'ল অন্ত্যেষ্টিক্ৰিয়াস্থলী। ৰঙা চন্দন কাঠেৰে সৎকাৰ কৰা হ'ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। ইতিমধ্যে সোণাপুৰৰ হাতীমূৰা শেষকৃত্যস্থলীত সাজু দুই পুৰোহিত, চাৰি চণ্ডাল। শেষবাৰলৈ প্ৰিয় শিল্পীজনক চাবলৈ সোণাপুৰলৈ ওলাই আহিছে লক্ষ লক্ষ অনুৰাগী।

সেই সময়, এই সময়! ১১ বছৰ আগতে সেই ঠাইখনতে অলপ জিৰাইছিল, আজি চলিছে শেষ শয়নৰ প্ৰস্তুতি...

জুবিন গাৰ্গৰ শেষশয্যা

Published: 

23 Sep 2025 10:30 AM

কোন সতে নো সহ্য কৰিব অসমীয়াই! আজিৰ পৰা যে আৰু প্ৰাণ শিল্পীগৰাকীক মন গ’লেও চাব নোৱাৰিব। আজি নিঠুৰুৱা অসমীয়া। হুমুনিয়াহ কাঢ়ি গাইছে মাথোঁ মায়াবিনীৰ গান। কোনেও সপোনতো কল্পনা নকৰাকৈ অজান দেশলৈ গুচি গ’লগৈ তেওঁ। মহামানৱৰ বিদায় ক্ষণত প্ৰাণভৰি কান্দিছে অনুৰাগীয়ে। উজাগতে কটাইছে প্ৰতিটো নিশা। কি নাছিল তেওঁৰ, ৰূপ, গুণ, নিস্পাপ মনৰ অধিকাৰী। শত-সহস্ৰ অনুৰাগীৰ মনত জীয়াই থাকিব প্ৰাণৰ শিল্পীগৰাকী। আজি সোণাপুৰৰ কমাৰকুছিত ৰাষ্ট্ৰীয় মৰ্যাদাৰে হ’ব শেষকৃত্য।

৫ জনীয়া এটা কমিটীয়ে সম্পন্ন কৰিলে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা। GMCHৰ বাহিৰতো প্ৰাণৰ শিল্পীগৰাকীক শেষবাৰৰ বাবে এপলক ওচৰৰ পৰা চাবলৈ ভিৰ অনুৰাগীৰ ।যেন অলপ সময়ৰ বাবেও এৰি দিব বিচৰা নাই মৰমৰ জুবিনক। দিছে ‘জয় জুবিন দা..’ ধ্বনি । GMCHত মৰোণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পুনৰ সৰুসজাই অভিমুখে অনা হয় হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ নশ্বৰদেহ । এসময়ত পুৰি-চব্জি খাবলৈ GMCHৰ সেই ঠাইলৈ গৈছিল জুবিন। সেই একেদৰে আজিও গৈছে তেওঁ। কিন্তু কায়িকভাৱে নহয়, নীৰৱে গৈ নীৰৱেই ওলাই আহিল শিল্পীগৰাকী। নাখালে পুৰি-চব্জি। প্ৰাণৰ শিল্পীগৰাকীৰ নশ্বৰদেহৰ সৈতে কমাৰকুছীলৈ আগবাঢ়িছে পত্নী গৰিমা শইকীয়া গাৰ্গ, পিতৃ মোহিনী মোহন বৰঠাকুৰ আৰু পৰিয়ালৰ লোক।

সোণাপুৰেই এতিয়া হ’ব শেষ ঠিকনা জুবিন গাৰ্গৰ। প্ৰিয় শিল্পীৰ গানেৰে মুখৰিত হ’ল অন্ত্যেষ্টিক্ৰিয়াস্থলী। ৰঙা চন্দন কাঠেৰে সৎকাৰ কৰা হ’ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। ইতিমধ্যে সোণাপুৰৰ হাতীমূৰা শেষকৃত্যস্থলীত সাজু দুই পুৰোহিত, চাৰি চণ্ডাল। শেষবাৰলৈ প্ৰিয় শিল্পীজনক চাবলৈ সোণাপুৰলৈ ওলাই আহিছে লক্ষ লক্ষ অনুৰাগী। গাইছে জুবিন গাৰ্গৰ প্ৰিয় গীতসমূহ। শেষকৃত্যৰ বাবে হাতীমূৰাত যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। সৰুসজাইৰ পৰা সমদল কৰি নিয়া হ’ব জুবিনৰ নশ্বৰদেহ। শোকাকুল পৰিৱেশত জুবিনৰ বিদায় দিব অনুৰাগীয়ে। প্ৰকৃতিৰ মাজতে জিৰাব প্ৰকৃতি ভাল পোৱা মানুহজনে।

ইয়াৰ মাজতে চৰ্চিত হৈছে আন এক প্ৰসংগ। সেয়া হৈছে জুবিন গাৰ্গৰ শেষ ঠিকনাক লৈ। জুবিনৰ শেষকৃত্যৰ স্থান সোণাপুৰৰ কমাৰকুছি হ’ব বুলি ঘোষণাৰ কৰাৰ পিছতে সামাজিক মাধ্যমত ব্যাপক চৰ্চাত এখন বিশেষ ফটো। ভাইৰেল হোৱা ফটোখনত মৰমৰ জুবিনে কিছুসময়ৰ বাবে প্ৰকৃতিৰ মাজত জিৰণি লোৱা দেখা গৈছে। সেই বিশেষ ফটোখন ১১ বছৰ আগৰ ২০১৪ চনৰ।

এই বছৰৰ শাৰদীয় উৎসৱ সংখ্যা ‘গৰীয়সী’ৰ প্ৰচ্ছদ জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে ৷ এই ফটোখন জ্যেষ্ঠ ফটো সাংবাদিক চামচুল হুদা পাটগিৰিয়ে তুলিছিল। এতিয়া সকলোকে আচৰিত কৰা কথাটো হৈছে সেই ঠাইত যাৰ নিচেই ওচৰতেই আছে জুবিনৰ শেষ শয়নৰ ঠাইকণ। যোৰহাটৰ বিহু অনুষ্ঠানৰ পৰা উভতাৰ পথতে সেই ঠাইখনতে জিৰাইছিল তেওঁ। আৰু আজি তাতে সজোৱা হৈছি তেওঁৰ শেষশয্যা।

লগতে পঢ়ক: আজি প্ৰকৃতিত বিলীন হ’ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গঃ মৰণোত্তৰ পৰীক্ষা সম্পন্ন

এই ৫ টা সাধাৰণ অভ্যাস হ'ব পাৰে হাৰ্ট এটেকৰ কাৰণ! জানক সকলো...
নৱৰাত্ৰিত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!
খজুৱতি, বমি, প্ৰস্ৰাৱৰ ৰং সলনি...কি ৰোগৰ লক্ষণ জানেনে? জানক...
বগা স্ৰাৱ বেছি হ'লে সাৱধান! এয়া কোনো ৰোগৰ সংকেত হ'ব পাৰে!