মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিঞা শান্তিত থাকিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

মিঞা প্ৰসংগকলৈ গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। মিঞা প্ৰসংগ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মিঞাকলৈ পুনৰ সৰব মুখ্যমন্ত্রী।

মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিঞা শান্তিত থাকিব নোৱাৰেঃ মুখ্যমন্ত্ৰী
Published: 

21 Nov 2025 16:35 PM

২০২৬ চনৰ নিৰ্বাচনৰ বাবে সাজু শাসক বিৰোধী। কঁকালত টঙালি বান্ধিছে সকলো ৰাজনৈতিক দলে। প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্য আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। আনহাতে দলীয় প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলেও নিজা নিজা সমষ্টিত তৎপৰতা আৰম্ভ কৰিছে ।

তাৰ মাজতে এতিয়া মিঞা প্ৰসংগকলৈ গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। মিঞা প্ৰসংগ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মিঞাকলৈ পুনৰ সৰব মুখ্যমন্ত্রী। এইবাৰ মিঞাকলৈ ভৱিষ্যতবাণী কৰিলে মুখ্যমন্ত্রীয়ে।

এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমত মিঞা শান্তিত থাকিব নোৱাৰে। সেইটো চিধা কথা, যিসকল সন্দেহজনক মিঞা তেওঁলোকক কষ্ট দিয়াটোৱেই হৈছে মোৰ কাম। গোৱালপাৰাত উচ্ছেদ হৈ গ’ল। দুই-এদিনতে নগাঁৱত উচ্ছেদ চলিব। সাংবাদিকৰ আগতে দুখ প্ৰকাশ কৰিব লাভ নাই, যিমানে মন্তব্য কৰিব সিমানেই উচ্ছেদ হ’ব।’

ইয়াৰোপৰি মুখ্যমন্ত্ৰীয়ে বিৰোধীক কটাক্ষ কৰি কয় যে, ‘নিৰ্বাচন নহওতেই কংগ্ৰেছে হাত দাঙিলে, যে চৰকাৰ বিজেপিৰে হ’ব। গতিকে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু আমাৰ শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছোঁ।’

ই-পাছপ'ৰ্ট কেনেকৈ লাভ কৰিব ? আবেদনৰ প্ৰক্ৰিয়া জানক
ভৰিৰ পৰা দুৰ্গন্ধ ওলাই নেকি? জানক দূৰ কৰাৰ সহজ উপায়...
থেলাছেমিয়া ৰোগৰ লক্ষণ আৰু কাৰণ কি, জানক সকলো...
এনে সমস্যা হ’ব পাৰে পেটৰ কৰ্কট ৰোগৰ লক্ষণ! বিপদৰ পূৰ্বেই হওক সাৱধান