জুবিনৰ গীতৰ নামত প্ৰযোজকৰ পৰা ধন লৈছিল শেখৰজ্যোতিয়ে: দাবী প্ৰসেনজিৎ লাহনৰ

জুবিনৰ সহযোগী শেখৰজ্যোতি গোস্বামী বিৰুদ্ধে উত্থাপন হৈছে এক বিস্ফোৰক অভিযোগ। শেখৰজ্যোতি গোস্বামী বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসমৰ প্রখ্যাত শিল্পী প্রসেনজিৎ লাহনে৷

জুবিনৰ গীতৰ নামত প্ৰযোজকৰ পৰা ধন লৈছিল শেখৰজ্যোতিয়ে: দাবী প্ৰসেনজিৎ লাহনৰ

শিল্পী প্রসেনজিৎ লাহন

Published: 

04 Oct 2025 17:34 PM

ক্ৰমান্বয়ে ৰহস্যঘন হৈ আহিছে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা। SITৰ তদন্ত আগবঢ়াৰ লগে লগে পোহৰলৈ আহিছে বহু নতুন নতুন তথ্য। ইয়াৰ মাজতে জুবিনৰ সহযোগী শেখৰজ্যোতি গোস্বামী বিৰুদ্ধে উত্থাপন হৈছে এক বিস্ফোৰক অভিযোগ। শেখৰজ্যোতি গোস্বামী বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী প্রসেনজিৎ লাহনে ৷

শিল্পীগৰাকীয়ে দাবী কৰে যে, চলি থকা তদন্তত জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু উদ্যোগী শ্যামকানু মহন্তক এই ঘটনাৰ মূল অভিযুক্ত হিচাপে চিনাক্ত কৰা হৈছে। যোৰহাটত জুবিনৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠানৰ দিনাই দুয়োজনকে গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁলোকৰ সমান্তৰালকৈ অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীকো অসম আৰক্ষীয়ে জিম্মাত লোৱা বুলি জানিব পৰা গৈছে।

এই আটাইকেইজন অভিযুক্ত সন্দৰ্ভত লাহনে স্পষ্ট কৰি দিয়ে যে, তেওঁ কেতিয়াও অমৃতপ্ৰভা মহন্তক ব্যক্তিগতভাৱে লগ পোৱা নাছিল। লাহনে কয়,  “তেওঁক শিল্পী যেন নালাগে।” অৱশ্যে তেওঁ শেখৰজ্যোতি গোস্বামীৰ সৈতে কৰ্মসংক্ৰান্তীয় বিষয় সন্দৰ্ভত ব্যক্তিগতভাৱে আৰু ফোনযোগে কেইবাবাৰো মত বিনিময় কৰা বুলি লাহনে জানিবলৈ দিয়ে।

প্রসেনজিৎ লাহনে অভিযোগ কৰে যে জুবিন গাৰ্গৰ ষ্টুডিঅ’ত ৰেকৰ্ডিষ্ট হিচাপে কাম কৰা শেখৰজ্যোতি গোস্বামীয়ে প্ৰতিজন প্ৰযোজকৰ পৰা প্ৰতিটো গীত বাণীবদ্ধ কৰাৰ বাবদ ৩,০০০–৫,০০০ টকা ধন দাবী কৰে। তেওঁ আৰু কয় যে জালুকবাৰীৰ গাড়ীগাঁৱৰ বাসিন্দা গোস্বামীয়ে জুবিনৰ ষ্টুডিঅ’ত ৰেকৰ্ডিঙৰ বাবে অহা-যোৱাৰ খৰচ হিচাপে এই ধন সংগ্ৰহ কৰিছিল।

জুবিন গাৰ্গৰ সংগীতৰ প্ৰতি অতুলনীয় সমৰ্পনৰ বিষয়ে আলোকপাত কৰি লাহনে কয় যে, কণ্ঠশিল্পীগৰাকীয়ে স্বাস্থ্যৰ সৈতে যুঁজিও দৈনিক ৫ৰ পৰা ৬টা গীত ৰেকৰ্ডিং কৰিছিল। তেওঁ পিছলৈ গীত গাব নোৱাৰা হৈ পৰিছিল। লক্ষণীয়ভাৱে তেওঁ উল্লেখ কৰে যে ২০০৫ চনত জুবিনে এবাৰ যোৰহাটৰ ডি চি জি ষ্টুডিঅ’ত এদিনতে ৩৮টা গীত ৰেকৰ্ডিং কৰিছিল। সঠিক নথি-পত্ৰ ৰখা হ’লে এই অভিলেখৰ যোগ্য কৃতিত্ব গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত প্ৰৱেশ কৰিব পাৰিলেহেঁতেন।

নিজৰ অভিজ্ঞতা সম্পৰ্কে লাহনে কয় যে, যোৱা বছৰ তেওঁ প্ৰখ্যাত গীতিকাৰ অৰূপ দত্তৰ সৈতে ৫টা গীত ৰেকৰ্ডিং কৰিছিল, তাৰ পিছত প্ৰডাকচনৰ দায়িত্ব গোস্বামীৰ হাতত অৰ্পণ কৰা হৈছিল। কিন্তু পিছত শেখৰজ্যোতিয়ে কোনো সঁহাৰি নিদিয়াৰ অভিযোগ উত্থাপন কৰে। বাৰে বাৰে তেওঁ ৰেকৰ্ডিঙৰ সময়সূচী পিছুৱাই দিয়াৰ লগতে অসুস্থ বা অনুপলব্ধ হোৱাৰ দৰে অজুহাত দেখুৱাইছিল।

লাহনে আৰু মন্তব্য কৰে যে, জুবিনে শেখৰজ্যোতিৰ সৈতে কাম নকৰিলে হয়তো এতিয়ালৈকে তেওঁ এক লাখ পৰ্যন্ত গীত ৰেকৰ্ডিং কৰিলেহেঁতেন। শেখৰজ্যোতিয়ে মিউজিক ৰেকৰ্ডিঙৰ আঁৰত ব্যৱসায় চলাইছিল আৰু দালালিত লিপ্ত হৈছিল বুলি অভিযোগ উত্থাপন কৰে লাহনে।

সামৰণি বক্তব্যত জুবিন গাৰ্গৰ পেছাদাৰী আৰু ব্যক্তিগত জীৱনৰ সৈতে জড়িত অনিয়মৰ ন্যায্য আৰু স্বচ্ছ তদন্ত নিশ্চিত কৰিবলৈ অসম চৰকাৰলৈ আহ্বান প্ৰসেনজিৎ লাহনৰ। লগতে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীক কঠোৰ শাস্তিৰ দাবী জনাই শিল্পীজনে। তেওঁ কয়, “যদি চৰকাৰে শাস্তি দিব নোৱাৰে, অসমীয়া ৰাইজৰ হাতত এৰি দিয়ক”।

চকু দুৰ্বল হোৱাৰ আৰম্ভণিতে এইসমূহ লক্ষণে দেখা দিয়ে, জানক...
নিশা দেৰিলৈকে মোবাইল ব্যৱহাৰো হ’ব পাৰে নেকি ডায়েবেটিছৰ কাৰণ? বিপদৰ পূৰ্বে জানি লওক এতিয়াই
খালী পেটত অমিতা খালে কি হয় জানেনে? সবিশেষ...
পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...