Anti-Drug Operation in Assam : ৰাজ্যত পুনৰ ২ কোটি টকাৰ ড্ৰাগছসহ দুজনক আটক…
পুনৰ শ্ৰীভূমি জিলাত ২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে । ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্স হেণ্ডেলৰ এটা পোষ্টৰ জৰিয়তে জানিবলৈ দিছে যে, শ্ৰীভূমি জিলাত ২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগে দুজন লোকক আটক কৰিছে আৰক্ষীয়ে ।

প্ৰতীকী ফটো
ৰাজ্যখনক ড্ৰাগছ মুক্ত কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পোষকতা কৰি আহিছে ৰাজ্য চৰকাৰে । একে সময়তে ৰাজ্যত চলি থকা ড্ৰাগছ সৰবৰাহ বন্ধ কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীয়েও পদক্ষেপ গ্ৰহণ কৰি আহিছে । যোৱা দিনবোৰত দেখা গৈছে যে, বিশেষকৈ বৰাক উপত্যকাকে ধৰি মধ্য অসমৰ জিলা কেইখনত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাই সফলতাও লাভ কৰিছে আৰক্ষীয়ে ।
ড্ৰাগছ বিৰোধী অভিযানৰ অংশ হিচাপে পুনৰ শ্ৰীভূমি জিলাত ২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে । ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্স হেণ্ডেলৰ এটা পোষ্টৰ জৰিয়তে জানিবলৈ দিছে যে, শ্ৰীভূমি জিলাত ২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগে দুজন লোকক আটক কৰিছে আৰক্ষীয়ে ।
YABA Tablets Worth ₹2 Crore Seized
In an anti-narcotics operation, @sribhumipolice recovered 10,000 YABA tablets at Sadarashi.
2 peddlers have been arrested in this connection.
Kudos to @assampolice#AssamAgainstDrugs pic.twitter.com/hsfQMi5KDI
— Himanta Biswa Sarma (@himantabiswa) May 12, 2025
মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া অনুসৰি, আৰক্ষীয়ে এক অভিযান চলাই দুজন লোকক আটক কৰাৰ লগতে তেওঁলোকৰ পৰা ১০ হাজাৰ ইয়াবা টেবলেট জব্দ কৰে । ইয়াৰ লগতে এই সফলতাৰ বাবে আৰক্ষীক প্ৰশংসাও কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
ইফালে, যোৱা সপ্তাহত মুখ্যমন্ত্ৰীয়ে এক্সৰ জৰিয়তে জানিবলৈ দিছিল যে, কাছাৰ জিলাত চলোৱা এক অভিযানত ৪.৫ কোটি টকাৰ ড্ৰাগছসহ দুজন ব্যক্তিক আটক কৰিছিল আৰক্ষীয়ে । ইয়াৰ লগতে তেওঁলোকৰ পৰা ৮৪৭ গ্ৰাম হেৰ’ইন আৰু ৪.০৩৫ কেজি আফিং আৰক্ষীয়ে জব্দ কৰা বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছিল।