‘নাৰী বিদ্বেষী তথা অপমানজনক’, মুখ্যমন্ত্ৰীৰ এটা মন্তব্যক লৈ সৰৱ সৰ্বভাৰতীয় মহিলা কংগ্ৰেছ

কংগ্ৰেছৰ দিনত মহিলা প্ৰাৰ্থীৰ চাকৰি লাভৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ । মুখ্যমন্ত্ৰীৰ মন্তব্যক নাৰীবিদ্বেষী বুলি উল্লেখ কৰি ৰাজহুৱাকৈ ক্ষমা বিচৰাৰ দাবী তুলিছে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছে ।

নাৰী বিদ্বেষী তথা অপমানজনক, মুখ্যমন্ত্ৰীৰ এটা মন্তব্যক লৈ সৰৱ সৰ্বভাৰতীয় মহিলা কংগ্ৰেছ

অলকা লাম্বা আৰু হিমন্ত বিশ্ব শৰ্মা

Updated On: 

30 Apr 2025 | 02:36 PM

শেহতীয়া এক বিতৰ্কিত মন্তব্যক লৈ সৰ্বভাৰতীয় মহিলা কংগ্ৰেছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰা দেখা গৈছে, সমগ্ৰ দেশতে নাৰীৰ স্বাভিমানক ভেঙুচালি কৰা “লজ্জাজনক আৰু নাৰীবিদ্বেষী” বক্তব্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে ।

কংগ্ৰেছৰ শাসনকালত মহিলাসকলে চৰকাৰী চাকৰি নিশ্চিত কৰিবলৈ “নিজৰ সতীত্ব হেৰুৱাব লগা” হৈছিল বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে এই বিতৰ্কৰ সৃষ্টি হয় । এই মন্তব্যক “অপমানজনক, দায়িত্বহীন, আৰু গভীৰভাৱে আপত্তিজনক” বুলি অভিহিত কৰি মহিলা কংগ্ৰেছে কয় যে এনে ব্যাপক অভিযোগে লাখ লাখ কঠোৰ পৰিশ্ৰমী মহিলা চাকৰি আকাংক্ষীৰ সততাক অপমান কৰিছে আৰু নিযুক্তি প্ৰতিষ্ঠানৰ বিশ্বাসযোগ্যতাক কলংকিত কৰিছে ।

ইণ্ডিয়া টুডেই প্ৰকাশ কৰা মতে, এক বিবৃতিত মহিলা কংগ্ৰেছে দাবী জনাইছে যে- মুখ্যমন্ত্ৰীয়ে “অপমানজনক মন্তব্য”ৰ বাবে তাৎক্ষণিকভাৱে ৰাজহুৱাকৈ ক্ষমাপ্ৰাৰ্থনা বিচাৰিব লাগে । এনে মতামতে মহিলাৰ প্ৰতি বিজেপিৰ স্থিতি প্ৰতিফলিত কৰিছে নে নাই সেই কথা স্পষ্ট কৰি প্ৰধানমন্ত্ৰীৰ পৰা মন্তব্য বিচাৰে মহিলা কংগ্ৰেছে । অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগক Suo motu গোচৰ ল’বলৈও দাবী জনাইছে মহিলা কংগ্ৰেছে ।

দেশজোৰা প্ৰতিবাদৰ আহ্বান জনাই কংগ্ৰেছ দলৰ মহিলা শাখাই দৃঢ়তাৰে কয় যে ভাৰতীয় ৰাজনীতিত এনে “নাৰীবিদ্বেষী মানসিকতাক” স্বাভাৱিক হ’বলৈ নিদিয়ে । দলটোৱে সমগ্ৰ দেশৰ মহিলাসকলক একত্ৰিত হৈ নাৰীত্বক অপমান বুলি কোৱা মন্তব্যৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে বিশ্বনাথত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ সময়তে মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰাৰ অভিযোগ উঠিছিল । এখন অসমীয়া বাতৰি কাকতত এই বাতৰি প্ৰকাশ পোৱাৰ পাচতে সামাজিক মাধ্যমত ব্যাপক চৰ্চা হোৱা দেখা যায় । বিভিন্নজনে এই মন্তব্যৰ বাবে মুখ্যমন্ত্ৰীক সমালোচনাও কৰিছে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...