Bhupen Hazarika: ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু আছু, বছৰজোৰা কাৰ্যসূচী ঘোষণা..

Bhupen Hazarika 100th birth Anniversary: ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে আছুয়ে গ্ৰহণ কৰিছে বছৰজোৰা কাৰ্যসূচী । ভাৰতৰত্ন ড' ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে বছৰজুৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ।গুৱাহাটীত অনুষ্ঠিত হোৱা সদৌ অসম ছাত্র সন্থাৰ ৰাজ্যিক কার্যনির্বাহকৰ সভাই যুগুত কৰিছে এই পৰিকল্পনা ।

Bhupen Hazarika: ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ বাবে সাজু আছু, বছৰজোৰা কাৰ্যসূচী ঘোষণা..

All Assam Students Union Will Celebrate 100th Birth Anniversary Of Bharat Ratna Bhupen Hazarika

Updated On: 

27 Aug 2025 19:07 PM

৮ ছেপ্টেম্বৰত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া ওপজা দিন । ৰাজ্যৰ লগতে দেশে-বিদেশতো উদযাপন কৰা হ’ব ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী । সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰিব অসম চৰকাৰে ।

ইফালে ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে আছুৱে গ্ৰহণ কৰিছে বছৰজোৰা কাৰ্যসূচী । ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে বছৰজুৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই । গুৱাহাটীত অনুষ্ঠিত হোৱা সদৌ অসম ছাত্র সন্থাৰ ৰাজ্যিক কার্যনির্বাহকৰ সভাই যুগুত কৰিছে এই পৰিকল্পনা । ছাত্র সন্থাই ড° ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সৈতে যৌথভাৱে ৰূপায়ণ কৰিব কিছু কাৰ্যসূচী।

কাৰ্যসূচী মতে ৮ ছেপ্টেম্বৰত ৰাজ্যজুৰি শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সন্ধিয়া গুৱাহাটীত অনুষ্ঠিত কৰা হ’ব ‘উদ্দীপনা’ অনুষ্ঠান। লগতে সেই দিনটোত সমগ্ৰ ৰাজ্যৰ প্ৰতিখন জিলা সদৰত জিলা ছাত্ৰ সন্থাসমূহে পুৱাৰ ভাগত শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিব। অনুষ্ঠানত ‘মানুহে মানুহৰ বাবে’ গীতটো পৰিৱেশন কৰি সুধাকণ্ঠলৈ শ্রদ্ধাঞ্জলি জনাব ১০০ গৰাকী ছাত্র-ছাত্রী, যুৱক-যুৱতী, শিল্পী, মহিলা, নাগৰিকে।

ইফালে দীঘলীপুখুৰীৰ পাৰত ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিস্থলীত অনুষ্ঠিত হ’ব গুৱাহাটীৰ কাৰ্যসূচী। সন্ধিয়া প্রতিখন আঞ্চলিক ছাত্র সন্থাই নিজ নিজ এলেকাত বস্তি প্রজ্বলন কৰিব। দীঘলীপুখুৰীৰ পাৰত ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিস্থলীত সন্ধিয়া ৬ বজাৰপৰা ‘উদ্দীপনা’ অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব।

অনুষ্ঠানত অসমৰ প্ৰতিখন জিলাৰ একোখন নির্বাচিত মহাবিদ্যালয়ৰ শ্রেষ্ঠ কণ্ঠশিল্পী, বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয় যুৱ মহোৎসৱৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী আৰু গুৱাহাটী মহানগৰীৰ কেইখনমান নির্বাচিত মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীয়ে সুধাকণ্ঠৰ একোটি গীত পৰিৱেশন কৰিব।

ইয়াৰ উপৰিও ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ লগত সংগতি ৰাখি সদৌ অসম ছাত্র সন্থাই প্ৰকাশ কৰিব এখন স্মাৰক গ্রন্থ। ড° ভূপেন হাজৰিকাৰ সান্নিধ্য পোৱা অসমৰ বিভিন্ন অঞ্চলৰ ১০০ গৰাকী ব্যক্তিৰ লেখাৰে এই স্মাৰক গ্রন্থ প্রকাশ কৰা হ’ব ।

লগতে ড° ভূপেন হাজৰিকাৰ জীৱন আৰু সৃষ্টি সম্পর্কত সদৌ অসম ছাত্র সন্থাই গুৱাহাটীত অনুষ্ঠিত কৰিব এখন প্রাইজমানি মুকলি কুইজ প্রতিযোগিতা। ড° ভূপেন হাজৰিকাৰ চিন্তা আৰু সৃষ্টিৰ আধাৰত সদৌ অসম ছাত্র সন্থাই সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত পালন কৰিব ‘ৰং তুলিকাৰ এটা দিন’ ।

সদৌ অসম ছাত্ৰ সন্থা আৰু ড° ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে যৌথভাৱে গ্রহণ কৰিব কিছু কাৰ্যসূচী তাৰ ভিতৰত আছে-

  • প্রতিখন আঞ্চলিক ছাত্ৰ সন্থাৰ এলেকাত কণ কণ ছাত্র-ছাত্রীৰ মাজত চিত্রাংকন প্রতিযোগিতা।
  • অসমৰ প্ৰতিখন জিলা সদৰত আন্তঃ বিদ্যালয় বক্তৃতা প্রতিযোগিতা।
  • অসমৰ প্ৰতিখন জিলা সদৰত আন্তঃ মহাবিদ্যালয় কুইজ প্রতিযোগিতা ।
  • অসমৰ বিশ্ববিদ্যালয়সমূহত ড° ভূপেন হাজৰিকাৰ গীতৰ পর্যালোচনা ।

লগতে পঢ়ক: অসমৰ কিমান শতাংশ মহিলাই মদ্যপান কৰে? শীৰ্ষত উত্তৰ-পূবৰ এইখন ৰাজ্য…

মাহেকীয়াৰ পেটৰ বিষৰ পৰা পাব সকাহ, জানক এই ৫ টা ঘৰুৱা উপায়
ধন-সম্পত্তিৰে উপচি পৰিব ঘৰ, আজিয়েই কৰক এই কাম!
আপুনিও প্লাষ্টিকৰ বটলত পানী খাই নেকি? তেন্তে হ'ব পাৰে এই ডাঙৰ ৰোগ...
বৃক্ক বিকল কৰিব পাৰে এই ৫ বিধ বস্তুই! জানক সকলো...