Akhil Gogoi vs Himanta Biswa Sarma: বিবাহ বিচ্ছেদৰ প্ৰতিজ্ঞা মুখ্যমন্ত্ৰীৰ, অখিল গগৈয়েহে বচাব পাৰিব ‘শৰ্মাৰ সংসাৰ’ !
আপুনি কেতিয়াবা ভাবিছে নে যে, দুয়োজন নেতা এটা দলত যদি থাকে তেতিয়া কি হ'ব ? এটা দলত অখিল গগৈ আৰু হিমন্ত বিশ্ব শৰ্মা, নামেই যাৰ পৰিচয় ! অৱশ্যে মঙলবাৰে সাংবাদিকৰ এটা প্ৰশ্ন উত্তৰত মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত খুহুঁতীয়া মন্তব্য প্ৰকাশ কৰিছে ।

অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ আৰু মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ আদৰ্শগত সংঘাত প্ৰায় সকলোৱে প্ৰত্য়ক্ষ কৰি আহিছে । বিধানসভাতে হওক বা বিধানসভাৰ বাহিৰতে হওক বা নিৰ্বাচনী প্ৰচাৰতে হওক ইজনে সিজনক তীক্ষ্ণ সমালোচনা কৰে । সময়ে সময়ে দুয়োজনৰে মাজৰ বিভিন্ন বিষয়ৰ বিতৰ্কবোৰত পৰিয়ালৰ সদস্যসকলো জড়িত হৈ পৰে । অৱশ্যে এক কথাত ক’বলৈ গ’লে, বৰ্তমান সময়ৰ অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত এই দুয়োগৰাকী প্ৰভাৱশালী নেতা হিচাপে পৰিগণিত হৈছে ।
দুয়োজন নেতা এটা দলত থকা সম্ভৱ নে ?
এনে পৰিস্থিতিত আপুনি কেতিয়াবা ভাবিছে নে যে, দুয়োজন নেতা এটা দলত যদি থাকে তেতিয়া কি হ’ব ? এটা দলত অখিল গগৈ আৰু হিমন্ত বিশ্ব শৰ্মা, নামেই যাৰ পৰিচয় ! অৱশ্যে মঙলবাৰে সাংবাদিকৰ এটা প্ৰশ্ন উত্তৰত মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত খুহুঁতীয়া মন্তব্য প্ৰকাশ কৰিছে । তেওঁ এক প্ৰকাৰে এটা দলত দুয়োজন নেতা থকাটো অসম্ভৱ বুলিয়ে স্পষ্ট কৰি দিছে ।
সাংবাদিকৰ প্ৰশ্ন উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, যদি অখিল গগৈয়ে বিজেপিত যোগদান কৰে, তেন্তে তেওঁ পত্নীক বিবাহ বিচ্ছেদ কৰি ৰাইজৰ দলত যোগদান কৰিব লাগিব। অৰ্থাৎ অখিল গগৈ বিজেপিলৈ গ’লে পৰিবাৰৰ সৈতে বিবাহ বিচ্ছেদ হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ! ইয়াৰ পূৰ্বেও এবাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল, “কেৱল তেওঁ মোৰ মানুহজনীৰ পিছত লাগি থাকে।”
মোৰ বিবাহ বিচ্ছেদ হ’ব : মুখ্যমন্ত্ৰী
“অখিল গগৈ আৰু মই একেলগে বিজেপিত থাকিব নোৱাৰো । যদি সেয়া হয় তেতিয়া মোৰ ঘৰত বিবাহ বিচ্ছেদ হ’ব । সেই কাৰণে অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দললৈ যাব লাগিব । বিজেপিয়ে তেওঁক ল’ব পাৰিব । সেই ক্ষেত্ৰত মই আপত্তি কৰিব নোৱাৰো । তেওঁ বিজেপিয়ে ল’লে ঘৰত মই বিবাহ বিচ্ছেদ কৰিব লাগিব । মই বিজেপিত থকালৈকে এই ধৰণৰ জল্পনা-কল্পনা কৰিব নালাগে । মই নথকাৰ পিছত তেওঁক বিজেপিত ল’ব পাৰে । এই ক্ষেত্ৰত মই কোনো কথা নকওঁ ।” এইদৰে নিজৰ মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।