শিৱসাগৰৰ নাগৰিক সভাক প্ৰশংসা, লগতে মুখ্যমন্ত্ৰীৰ ‘পাগল’ আখ্যাৰ প্ৰত্যুত্তৰত কি ক’লে অখিল গগৈয়ে?

অলপতে অখিল গগৈক “পাগল” বুলি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। তেওঁ কয় য়ে, ভগৱানে তেওঁক জ্ঞান-বুদ্ধি দিয়ক। লগতে শিৱসাগৰৰ নাগৰিক সভাকলৈ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে গগৈয়ে।

শিৱসাগৰৰ নাগৰিক সভাক প্ৰশংসা, লগতে মুখ্যমন্ত্ৰীৰ পাগল আখ্যাৰ প্ৰত্যুত্তৰত কি কলে অখিল গগৈয়ে?

অখিল গগৈৰ সংবাদমেল

Updated On: 

09 Aug 2025 | 07:51 PM

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুমতি উদয় হওক, ইয়াৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। লগতে মুখ্যমন্ত্ৰীক নিজৰ পদৰ মৰ্যাদা বজাই ৰাখিবলৈও আহ্বান জনাইছে ৰাইজৰ দলৰ বিধায়কগৰাকীয়ে। অলপতে মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে শেহতীয়াকৈ অনুষ্ঠিত শিৱসাগৰ নাগৰিক সভাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক অখিল গগৈয়ে। গগৈয়ে আজি এক সংবাদমেল সম্বোধন কৰে।

সংবাদমেল সম্বোধন কৰি গগৈয়ে প্ৰথমেই কথিত মিঞা খেদা আন্দোলন আৰু শিৱসাগৰৰ নাগৰিক সভাৰ স্থিতিকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। বিধায়ক গগৈয়ে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ মাজত শান্তি, ঐক্য, সাম্প্ৰদায়িক সম্প্ৰীতি সুদৃঢ় কৰাৰ বাবে শুকুৰবাৰে অনুষ্ঠিত হোৱা নাগৰিক সভাক প্ৰশংসা কৰে। গগৈয়ে কয় যে, যি সময়ত কিছুমান শক্তিয়ে বিভাজন সৃষ্টিৰ চেষ্টা চলাইছে, সেই সময়ত এই বৈঠকে ভ্ৰাতৃত্ববোধ আৰু সমন্বয়ৰ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে।

তেওঁ কয়,”শিৱসাগৰ সদায় শান্তি আৰু সম্প্ৰীতিৰ ভূমি হৈ আহিছে আৰু থাকিব।” তেওঁ লগতে কয় যে, এই শিৱসাগৰৰ নাগৰিক সভাই অবৈধ বিদেশীৰ দীৰ্ঘদিনীয়া সমস্যাটো সমাধানৰ বাবে এক গঠনমূলক পন্থা দেখুৱাইছে।

তদুপৰি শৃংখল চলিহাৰ শেহতীয়া কাৰ্য-কলাপৰ বিৰুদ্ধে নাগৰিক সভাই লোৱা স্থিতি আৰু চলিহাক এমাহৰ বিশ্ৰাম দিয়াৰ বাবে বীৰ লাচিত সেনাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে অখিল গগৈয়ে। একে সময়তে ইউনুছ তামুলীৰ স্থিতিকো সমালোচনা কৰে অখিল গগৈয়ে।

ভূমি বেদখল সন্দৰ্ভত গগৈয়ে কয় যে, হিন্দু হওৰ বা মুছলমান হওক কোনো সন্দেহযুক্ত বিদেশীক শিৱসাগৰত চৰকাৰী ভূমি দখল কৰিবলৈ দিয়া উচিত নহয়। তেওঁ ৰাজ্য প্ৰশাসনক বেদখলকাৰীৰ বিৰুদ্ধে নিৰপেক্ষ উচ্ছেদ অভিযান চলোৱাৰ লগতে প্ৰকৃত বাসিন্দাসকলক হাৰাশাস্তি নকৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়। একে সময়তে কলিতা আৰু নাথ যোগীকে ধৰি ছয় জনগোষ্ঠীক এছটিৰ মৰ্যাদা প্ৰদানৰ দীৰ্ঘদিনীয়া দাবী পুনৰবাৰ উল্লেখ কৰি বিধায়কগৰাকীয়ে খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষাৰ বাবে ইয়াক অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে।

ইফালে, বিধায়ক গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক “মাফিয়া ৰাজনীতিৰ পথ প্ৰদৰ্শক” বুলি অভিযোগ কৰি কটাক্ষ কৰে আৰু স্বাধীনতা দিৱসৰ পূৰ্বে চলিহা আৰু এজন সহযোগীক মুখ্যমন্ত্ৰীৰ নিৰ্দেশত হিন্দু-মুছলমান সংঘৰ্ষৰ উচটনি দিয়াৰ দায়িত্ব দিয়া বুলিও অভিযোগ উত্থাপন কৰে গগৈয়ে।

অলপতে মুখ্যমন্ত্ৰীয়ে তেওঁক “পাগল” আখ্যা দিয়াকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অখিল গগৈয়ে। তেওঁ কয় যে,কোনো লোকে আন কোনো লোকৰ বিৰুদ্ধে এইধৰণৰ শব্দ ব্যৱহাৰ কৰিব নোৱাৰে। এই ক্ষেত্ৰত জামিনবিহীন গোচৰ ৰুজু হয়। তেওঁ কয়, “মুখ্যমন্ত্ৰীয়ে যেতিয়াই কথা কয় তেতিয়াই বিষ ওলাই আহে। হিমন্ত বিশ্ব শৰ্মাক সৎ বুদ্ধি প্ৰদান কৰিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো।” লগতে মুখ্যমন্ত্ৰীক তেওঁৰ পদৰ মৰ্যাদা বজাই ৰাখিবলৈ আহ্বান জনাই অখিল গগৈয়ে।

লগতে পঢ়ক: সভাৰ মাজতে ওলাই আহিল শৃংখল, শিৱসাগৰৰ নাগৰিক সভাত গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...