ৰাজ্যৰ প্ৰতিটো জ্বলন্ত সমস্যাৰ সবল কণ্ঠ হ’ব অগপঃ অতুল বৰা
বছৰৰ শেষৰ দিনটোত অসম গণ পৰিষদে আমবাৰীৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। য'ত মন্ত্ৰী অতুল বৰাই কেইবাটাও ডাঙৰ মন্তব্য কৰে। বৰাই কয় যে, ২০২৬ বৰ্ষটি অগপৰ বাবে হ'ব অপ্ৰতিৰোধ্য যাত্ৰা।

অতুল বৰা
বছৰৰ শেষ দিনটোত গুৱাহাটী আমবাৰীৰ অগপ কাৰ্যালয়ত অনুষ্ঠিত হয় দলটোৰ এক বিশেষ বৈঠক। এই বৈঠকত অংশগ্ৰহণ কৰি অগপৰ সভাপতি অতুল বৰাই ৰাজ্যবাসীক নৱবৰ্ষৰ শুভেচ্ছা জনাই ২০২৬ বৰ্ষটি দলটিৰ বাবে গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। লগতে জনাই যে, শেহতীয়াকৈ অনুষ্ঠিত দিক নিৰ্ণায়ক বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাৰ লক্ষ্য অব্যাহত ৰাখিছে অগপই। শিপাৰ সন্ধান অব্যাহত ৰাখিছে দলটোয়ে।
বৰাই কয় যে, ২০২৬ অগপৰ বাবে হ’ব অপ্ৰতিৰোধ্য যাত্ৰা। এই বৰ্ষটিৰ ভিতৰতে অসম চুক্তি ৰূপায়ণ হ’বলৈ বাকী থকা দফাসমূহো পূৰণ কৰা হ’ব। ইয়াৰ বাবে অগপই গ্ৰহণ কৰিব প্ৰয়োজনীয় পদক্ষেপ। ইয়াৰোপৰি বৰাই কয় যে, ঘৰে ঘৰে সংস্থাপন, ঘৰে ঘৰে উপাৰ্জন শীৰ্ষক কাৰ্যসূচী গ্ৰহণ কৰিব অগপই।
আৰু কয় যে, ৰাজ্যৰ প্ৰতিটো জ্বলন্ত সমস্যাৰ সবল কণ্ঠ হ’ব অগপ। অগপৰ বাবে অপ্ৰতিৰোধ্য যাত্ৰাৰ বৰ্ষ হ’ব ২০২৬। দিছপুৰত আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাবলৈ বদ্ধপৰিকৰ অগপ। বিজেপিৰ সৈতে মিত্ৰতা সন্দৰ্ভত বৰাই কয় যে, ৰাজ্যৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ স্বাৰ্থতে মিত্ৰতাৰ প্ৰয়োজন আছে। ইয়াৰ বাবে বিজেপিৰে স্থাপন কৰা হৈছে মিত্ৰতা। কম সময়ৰ ভিতৰতে বিজেপিৰে পুনৰ সম্পন্ন হ’ব প্ৰাক নিৰ্বাচনী মিত্ৰতা।
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত সন্দৰ্ভত বৰাই কয় যে, মহন্তই নিজৰ ইচ্ছা ব্যক্ত কৰিছে। মহন্তই আগবঢ়োৱা প্ৰস্তাৱৰ প্ৰতি সন্মান জনাইছো। কিন্তু বাস্তৱ পৰিস্থিতিৰ লগত খাপ খুৱাইহে আসন সন্দৰ্ভত হ’ব আলোচনা। এইবাৰ নতুন মুখ বহুতো দেখিব অগপত। উল্লেখ্য যে, মহন্তই ৯০ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ অগপক পৰামৰ্শ দিছিল।
লগতে কয় যে, প্ৰাক্তন ন্যায়াধীশ বি কে শৰ্মা নেতৃত্বাধীন কমিটিয়ে প্ৰদান কৰা ৪০ টা পৰামৰ্শ কাৰ্যকৰী কৰাৰ বাবে ধন ধাৰ্য কৰা হৈছে। ১২ টা পৰামৰ্শ কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰে ৰূপায়ণ কৰিব পাৰে। ১৫ টা পৰামৰ্শ কেৱল কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰিব পাৰে। ইয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰৰে অব্যাহত ৰাখিছে যোগাযোগ। ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত অগপৰ পূৰ্ণ সমৰ্থন আছে। অৱশ্যে বৰ্তমানৰ জনজাতিসকলৰ স্বাৰ্থ চুলিদালৰ সমানো হেৰফেৰ নোহোৱাকৈ সুৰক্ষিত হ’বই লাগিব।
অন্য খবৰ পঢ়কঃ বছৰৰ শেষ দিনটোত অসমৰ ক’ত, কি হ’ল? দিনটোৰ খবৰ…