গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰীৰ মাজত আছে ডাঙৰ পাৰ্থক্য! জনালে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

কেবিনেট বৈঠকৰ অন্তত অনুষ্ঠিত কৰা সংবাদমেলত সাংবাদিকৰ প্ৰশ্নত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে গৌৰৱ গগৈৰ প্ৰসংগ। কিছুদিনৰ পৰা মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ গৌৰৱ গগৈৰ মাজত তীব্ৰ বাকবিতণ্ডা চলি আছে। পূৰ্বে গৌৰৱ গগৈয়ে কৈছিল মুখ্যমন্ত্ৰী আৰু তেওঁৰ মাজত যথেষ্ঠ পাৰ্থক্য আছে। তাৰ প্ৰত্যুত্তৰত দিয়ে মুখ্যমন্ত্ৰীয়ে।

গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰীৰ মাজত আছে ডাঙৰ পাৰ্থক্য! জনালে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই...

গৌৰৱ গগৈৰ আৰু মুখ্যমন্ত্ৰীৰ মাজত আছে ডাঙৰ পাৰ্থক্য!

Updated On: 

05 Jun 2025 14:00 PM

অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠকখন বুধবাৰে সম্পন্ন হয়। কেবিনেট বৈঠকৰ অন্তত সংবাদমেলযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্তসমূহ সদৰী কৰে। এই সংবাদমেলত গৌৰৱ গগৈ, ৰাহুল গান্ধী আৰু ভূপেন বৰাকলৈ কেইবাটাও মন্তব্য কৰিলে।

কেবিনেট বৈঠকৰ অন্তত অনুষ্ঠিত কৰা সংবাদমেলত সাংবাদিকৰ প্ৰশ্নত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে গৌৰৱ গগৈৰ প্ৰসংগ। কিছুদিনৰ পৰা মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ গৌৰৱ গগৈৰ মাজত তীব্ৰ বাকবিতণ্ডা চলি আছে। পূৰ্বে গৌৰৱ গগৈয়ে কৈছিল মুখ্যমন্ত্ৰী আৰু তেওঁৰ মাজত যথেষ্ঠ পাৰ্থক্য আছে। তাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, ‘একদম পাৰ্থক্য আছে… গৌৰৱ গগৈ আৰু মোৰ মাজত বহুত বেছিয়েই পাৰ্থক্য আছে, মোৰ ঘৰত এটাও বিদেশী নাই। মই কিমান গালি খাই, সংঘৰ্ষ কৰি আজিৰ এই স্থান পাইছোঁ। মোৰ দেউতা কোনো মুখ্যমন্ত্ৰী নাছিল, মই সোণৰ চামুচ লৈ জন্ম হোৱা নাই। সেইবাবে পাৰ্থক্য আছে।’

ইয়াৰোপৰি মুখ্যমন্ত্ৰীয়ে কয়, আমাৰ মাজত থকা মূল পাৰ্থক্যটো হ’ল ঘৰত ভাতৰ থালি কেনেকৈ খায়…এজন ভাৰতীয়ৰ ভাগত ৩ টা বৃটিছৰ ভাগত। কেনেকৈ ঘৰখন চলে মোৰ সেইটোহে জানিবলৈ ইচ্ছা হৈছে।

ৰাহুল গান্ধীৰ প্ৰসংগকলৈ মুখ্যমন্ত্ৰীয়ে কয়, ‘ভাৰত-পাকিস্তানৰ যুদ্ধত ৰাহুল গান্ধীৰ লগতে ৰাহুল গান্ধীৰ পাৰ্টীটোৱে কাক সহয় কৰিলে? ৰাহুল গান্ধীক ভোট দিয়া মানে পাকিস্তানক ভোট দিয়া।’

মুখ্যমন্ত্ৰীয়ে কয়, ‘অসমত আজি ডাঙৰ সিদ্ধান্ত কেৱল বিজেপিয়ে ল’ব পাৰে। অসমত আৰ্ম লাইচেঞ্চ দিম…সেয়া কংগ্ৰেছে ল’ব পাৰিব? বৰদোৱাত উচ্ছেদ, কাজিৰঙাত গড় হত্যা কৰিবলৈ নিদিয়া, প্ৰব্ৰজনকাৰীক বৰপেটা সত্ৰৰ ফালে ৰঙা চকু দেখুৱাব নিদিও, বাল্য বিবাহ ৰোধ এনেবোৰ সিদ্ধান্ত কোনে ল’ব পাৰে? অসমীয়া মানুহে যি বিচাৰে বিজেপিয়ে দিব পাৰে। বিজেপিয়ে যি ৰাজনীতি কৰে সেয়া অসমীয়া মানুহৰ আদৰ্শত ৰাজনীতি কৰে।’

ইয়াৰ মাজতে ভূপেন বৰাক কটাক্ষ কৰি কয়, ‘ভূপেন বৰাৰ এপ্ৰিললৈকে এতিয়াও বহুত অপমানিত হ’বলৈ বাকী আছে। মই আজিয়েই ভৱিষ্যদ্বাণী কৰি দিছোঁ। কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচন হাৰিলেই…এটিয়াও ললিপপ দি কৈ আছে মুখ্যমন্ত্ৰী হ’ব ভূপেন বৰা।’

কি কি আলোচনা হৈছিল কেবিনেটত

কেবিনেট সিদ্ধান্ত অনুসৰি, ৪০০ কোটি টকা ব্যয়ৰে শ্বহীদ কনকলতা বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে মঞ্জুৰী, ডিমা হাচাও ৫ টা পথক ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীতকৰণ, লাখপতি বাইদেউৰ সাহায্য বিতৰণৰ সমষ্টিভিত্তিক তালিকাৰ তাৰিখ,বি টি চিলৈ ৮৪৩ কোটি টকাৰ পুঁজি অনুমোদন, আত্মনিৰ্ভৰ অসম অভিযানত অধীনত ৰাজ্যৰ যুৱকসকলক দুটাকৈ ইনষ্টলমেণ্টত ২ লাখ টকাকৈ প্ৰদানৰ লগতে বহুকেইটা উন্নয়নমূলক কাম হাতত লৈছে। লাখপতি বাইদেউ আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনি ৰূপায়ণৰ বাবে কেবিনেটে পুনৰ ১৪৫০ কোটি টকা অনুমোদন জনায়।

মাছৰ মূৰ খাই ভাল পায় নে? পিছে জানেনে এয়া দেহৰ বাবে ভাল নে বেয়া!
ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে কি কৰিব ? তৎক্ষণাত এই ঘৰৱা উপায় গ্ৰহণ কৰক...
কেৱল শৰীৰটো শীতল কৰাই নহয়, তুলসী গুটি খোৱাৰ উপকাৰিতা কি? জানক
ভাইৰেল ফটো-ভিডিঅ' ইণ্টাৰনেটৰ পৰা নোহোৱা কৰাৰ উপায় কি ? বিপদত পৰা আগতে জানক...