অসম চুক্তিৰ ৬নং দফাঃ খিলঞ্জীয়াৰ ৰক্ষা কবচৰ বাবে হ’ব লাগিব সংবিধান সংশোধন…
Assam: ''অসমৰ খিলঞ্জীয়াৰ ৰক্ষা কবচৰ কথা বিপ্লৱ শৰ্মা প্ৰতিবেদনত উল্লেখ আছে। ইয়াৰে কেতবোৰ বিষয় কাৰ্যকৰী কৰাৰ বাবে সংবিধান সংশোধনৰো প্ৰয়োজন আছে। আমি সকলো সমাধান সাংবিধানিক হোৱা বিচাৰো"।

অসম চুক্তি
যোৱা ২৫ ছেপ্টেম্বৰত অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক সম্পন্ন হয়। এই বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন অনুসৰি কেইবাটা দফা কাৰ্যকৰী কৰিবলৈ ৰাজ্য চৰকাৰে ইচ্ছা প্ৰকাশ কৰে। ইয়াৰ পাছতে সোমবাৰে এই সন্দৰ্ভত আছুৰ এখন ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুষ্ঠিত হয়। অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰিবলৈ চৰকাৰৰ সৈতে কি আলোচনা আৰু কেনে পন্থা হাতত ল’ব আদিকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত এই সভাত আলোচনা হয়।
বৈঠকৰ অন্তত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে, অসমৰ খিলঞ্জীয়া মানুহক নিজৰ মাতৃভূমিত প্ৰভুত্ব নিশ্চিয়তাৰ বাবে সাংবিধানিক ৰক্ষা কবচ লাগিবই। এই ৰক্ষা কবচ কেনে হ’ব লাগে সেই সম্পৰ্কে অসম চুক্তিৰ ৬ নং দফাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰা বিপ্লৱ শৰ্মা কমিটীয়ে প্ৰতিবেদনত কৈ থৈছে। ন্য়ায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ প্ৰতিটো বিষয় কাৰ্যকৰী কৰি অসমৰ খিলঞ্জীয়াক ৰক্ষা কবচ দিব লাগিব বুলি কয় ভট্টাচাৰ্যই। লগতে কয় যে, যেতিয়ালৈকে এই ৰক্ষা কবচ নিদিয়ে তেতিয়ালৈকে আমি শান্ত নহও। ঘহোঁতে ঘহোঁতে শিলো ক্ষয় যায়, আমিও ঘঁহিয়ে আছো। অসম আৰু আছুই কেৱল ফলাফল বিচাৰে।
তেওঁ কয়, অসমৰ খিলঞ্জীয়াৰ ৰক্ষা কবচৰ কথা বিপ্লৱ শৰ্মা প্ৰতিবেদনত উল্লেখ আছে। ইয়াৰে কেতবোৰ বিষয় কাৰ্যকৰী কৰাৰ বাবে সংবিধান সংশোধনৰো প্ৰয়োজন আছে। আমি সকলো সমাধান সাংবিধানিক হোৱা বিচাৰো। নাগালেণ্ডত ভূমি আৰু সম্পত্তিৰ বিশেষ অধিকাৰ আছে, মিজোৰামত সাংবিধানিক অধিকাৰ আছো। গতিকে আমি সকলো ক্ষেত্ৰত সাংবিধানিক ৰক্ষা কবচ বিচাৰো।
ইয়াৰ লগতে আছুৰ সভাপতি উৎপল শৰ্মাই কয় যে, শেহতীয়াকৈ লখিমপুৰ কেবিনেটত অসম চৰকাৰে অসম চুক্তিৰ ৬ং দফা ৰূপায়নৰ বাবে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ অনুমোদন জনাইছিল। তাৰ পাছতেই আছুক আলোচনাৰ বাবে নিমন্ত্ৰণ জনাইছিল আৰু এই সন্দৰ্ভত আলোচনাও হৈছিল। ২৫ অক্টোবৰত ইয়াক লৈ পৰৱৰ্তী আলোচনা হ’ব। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ দফা কাৰ্যকৰী কৰিবলৈ সংবিধান সংশোধনৰ প্ৰয়োজন আছে। গতিকে এই ক্ষেত্ৰত চৰকাৰক আছুই হেঁচা প্ৰয়োগ কৰিব বুলি কয়।
লগতে কয় যে, বিজেপি, কংগ্ৰেছ, বাঁওপন্থী, এজেপি সকলোৱে অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰিবলৈ সুযোগ পাইছিল। কিন্তু কোনোৱে কৰা নাছিল। বিজেপিয়েও এতিয়াহে এই সন্দৰ্ভত মত প্ৰকাশ কৰিছে। যদি সঁচাকৈ কাৰ্যকৰী কৰিব বিচাৰিছে ভাল কথা, কিন্তু যদি সদিচ্চাৰ অভাৱ দেখো ইয়াৰ বিৰোধিতা কৰিম। আছুৰ সভাপতিগৰাকীয়ে কয় যে, পূৰ্বৰ পৰাই আছুই এই সন্দৰ্ভত মাত মাতি আহিছে, আৰু ভৱিষ্যতেও মাতিব। আন্দোলন আৰু আলোচনা দুয়ো দিশেই খোলা আছে বুলি কয় শৰ্মাই।
উল্লেখ্য যে, কিছুদিন পূৰ্বে হৈ যোৱা বৈঠকত অসম চৰকাৰে কৈছিল যে প্ৰতিবেদনখনত ৰাজ্য চৰকাৰে ৰূপায়ন কৰিব পৰা বিষয় বস্তু আছে ৪০ টা, ৰাজ্য আৰু কেন্দ্ৰ উভয়ৰে হাতত থকা বিষয় বস্তু ১২ টা আৰু সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ হাতত আছে ১৫ টা বিষয়বস্তু। গতিকে ৰাজ্য চৰকাৰৰ হাতত থকা প্ৰতিটো বিষয় কাৰ্যকৰী কৰাৰ চেষ্টা কৰিব বুলি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।