পাণবজাৰস্থিত পানী টেংকিত ভয়ংকৰ ঘটনা, বাইকৰ পেট্ৰ’ল উলিয়াই যুৱকে কৰিলে ডাঙৰ কাণ্ড…

বিয়লি প্ৰায় ৩ মান বজাত সংঘটিত হৈছিল এই ঘটনাটো। অস্থায়ী কৰ্মচাৰীজন এমাহ ধৰি নাছিল কৰ্মস্থলীত। এমাহৰ পিছত আজি কৰ্মস্থলীলৈ উভতি আহিছিল কৰ্মচাৰীজন। কিন্তু কৰ্তৃপক্ষই দিয়া নাছিল কৰ্মস্থলীত যোগদান কৰিবলৈ।

পাণবজাৰস্থিত পানী টেংকিত ভয়ংকৰ ঘটনা, বাইকৰ পেট্ৰল উলিয়াই যুৱকে কৰিলে ডাঙৰ কাণ্ড...

প্ৰতীকী ছবি

Updated On: 

15 Oct 2025 20:16 PM

মহানগৰীৰ পাণবজাৰস্থিত পানী টেংকিত ভয়ংকৰ ঘটনা। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনস্থ পানী টেংকিত কৰ্মৰত এগৰাকী অস্থায়ী কৰ্মচাৰীয়ে কৰিলে মৃত্যুৰ অপচেষ্টা। আজি যুৱকজনে বাইকৰ পৰা পেট্ৰ’ল ঢালি চৰম পন্থা ল’ব বিচাৰিছিল।

জানিব পৰা মতে ছাইফুল ইছলাম নামৰ অস্থায়ী কৰ্মচাৰীজন এমাহ ধৰি নাছিল কৰ্মস্থলীত। এমাহৰ পিছত আজি কৰ্মস্থলীলৈ উভতি আহিছিল কৰ্মচাৰীজন। কিন্তু কৰ্তৃপক্ষই দিয়া নাছিল কৰ্মস্থলীত যোগদান কৰিবলৈ। যুৱকজনে কৰ্মস্থলীত যোগদান কৰিবলৈ নিদিয়াত মৃত্যুৰ অপচেষ্টা কৰে।

বিয়লি প্ৰায় ৩ মান বজাত সংঘটিত হৈছিল এই ঘটনাটো। বৰ্তমান যুৱকজন সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। প্ৰায় ৫০শতাংশ জ্বলি গৈছে যুৱকজনৰ শৰীৰ। সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে।

Related Stories
প্লাষ্টিকৰ বৰ্তনত খাদ্য খোৱাৰ অভ্যাস আছে নেকি? তেন্তে হওক সাৱধান!
ঘৰ নিৰ্মাণৰ পূৰ্বে বাস্তুৰ এইসমূহ নিয়ম অনুসৰণ কৰাটো দৰকাৰ, নহ'লে বিপদ অনিবাৰ্য!
হঠাতে কেতিয়াবা শ্মশানযাত্ৰা দেখা ভাল নে বেয়া? জানক শাস্ত্ৰই কি কয়...
হ'ব অমংগল! আনৰ পৰা ধাৰ লৈ এইসমূহ বস্তু নথ'ব ঘৰত, জানক...