প্ৰেম, প্ৰতাৰণা আৰু তাৰ পিছত…. মহানগৰীত পুনৰ যুৱতীৰ ৰহস্যজনক মৃত্যু

শুকুৰবাৰে নিশা জীৱনৰ চৰম সিদ্ধান্ত লৈছিল ইপ্সিতা দাসে। ইফালে কন্যাৰ মৃত্যুক লৈ কেইবাটাও গুৰুত্বৰ অভিযোগ পৰিয়ালৰ লোক। প্ৰেমিকৰ প্ৰবঞ্চনা বলি হৈ আত্মহননৰ পথ বাচি লোৱা বুলি দাবী পৰিয়ালৰ । পৰিয়ালৰ লোকে কোৱা অনুসৰি ডেৰ বছৰ আগৰ পৰা এজন যুৱৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ইপ্সিতাৰ।

প্ৰেম, প্ৰতাৰণা আৰু তাৰ পিছত.... মহানগৰীত পুনৰ যুৱতীৰ ৰহস্যজনক মৃত্যু

ইপ্সিতা দাস

Updated On: 

17 Jun 2025 20:25 PM

মহানগৰীত পুনৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। এইবাৰ নিজৰ বাসগৃহৰ পৰাই উদ্ধাৰ কৰা হৈছে  যুৱতীগৰাকীৰ মৃতদেহ। ভঙাগড়ৰ চিলাৰায় পথত সংঘটিত হৈছে এই ঘটনা। মৃত যুৱতীগৰাকী ২১ বছৰীয়া ইপ্সিতা দাস। নিজ বাসগৃহতে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰক সৃষ্টি হৈছে চাঞ্চল্যৰ।

জানিব পৰা মতে শুকুৰবাৰে নিশা জীৱনৰ চৰম সিদ্ধান্ত লৈছিল ইপ্সিতা দাসে। ইফালে কন্যাৰ মৃত্যুক লৈ কেইবাটাও গুৰুত্বৰ অভিযোগ পৰিয়ালৰ লোক। প্ৰেমিকৰ প্ৰবঞ্চনা বলি হৈ আত্মহননৰ পথ বাচি লোৱা বুলি দাবী পৰিয়ালৰ । পৰিয়ালৰ লোকে কোৱা অনুসৰি ডেৰ বছৰ আগৰ পৰা এজন যুৱৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ইপ্সিতাৰ। সেই যুৱকডজন চানমাৰি পিয়লি ফুকন পথত ঘৰ চিন্টু কলিতা বুলি অভিযোগ উত্থাপন কৰে তেওঁলোকে।

ইপ্সিতাৰ প্ৰেমিক তথা ৩৮ বছৰীয়া যুৱক চিণ্টু কলিতা আছিল ইপ্সিতাৰ দূৰ সম্পৰ্কীয় মোমায়েকৰ বন্ধু। ইয়াৰ উপৰিও ইপ্সিতাক প্ৰেমৰ জালত পেলাই চিণ্টুৱে ধন সম্পত্তি দাবীৰ অভিযোগ উত্থাপন কৰিছে ইপ্সিতাৰ পৰিয়ালে। ইফালে ইপ্সিতাৰ লগত প্ৰেমৰ সম্পৰ্ক থকাৰ পাছতো আন এগৰাগী যুৱতীৰে বিবাহ ঠিক কৰিছিল চিন্তুৱে। এই কথা সহ্য কৰিব পৰা নাছিল ইপ্সিতাৰ। চিন্তুৰ এই কাণ্ডৰ বাবে মানসিকভাৱে ভাঙি পৰিছিল ২১ বছৰীয়া যুৱতীগৰাকী।  যাৰ বাবে যুৱতীগৰাকীয়ে মানসিক নির্যাতনৰ বলি হৈ ইপ্সিতাই চৰমপন্থা লোৱাৰ সন্দেহ পৰিয়ালৰ।

পৰিয়ালৰ লোকে কয়,  “ল’ৰাটোৱে তেওঁৰ ব্লেকমেইল কৰিছে নহ’লে ইপ্সিতা নিজকে শেষ নকৰে। ল’ৰাটোৱে ইপ্সিতাৰ পৰা টকাও দাবী কৰিছিল। ইপ্সিতাই ল’ৰাটোক মামা বুলি মাতে।” ইফালে আৰক্ষীৰ সহায় বিচাৰি যাওঁতে আৰক্ষীয়ে পৰিয়ালক অপদস্ত কৰি উভতাই পঠিওৱাৰ অভিযোগ যুৱতীগৰাকীৰ পৰিয়ালৰ। শীৰ্ষ আৰক্ষী বিষয়াই কোনো সহায় নকৰাৰ অভিযোগ।

ইফালে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ সমীপৱৰ্তী ডিফলু শিৱ মন্দিৰৰ ত্ৰি-জংচনৰ সমীপত সোমবাৰে এগৰাকী অচিনাক্ত কিশোৰীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। যি ঘটনাই স্থানীয় ৰাইজৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। নগাঁৱৰ আৰক্ষী বিষয়াই কোৱা মতে মৃতদেহটো প্ৰত্যক্ষ কৰাৰ লগে লগে কৰ্তৃপক্ষক অৱগত কৰে পথচাৰীয়ে। অৱশ্যে মৃত কিশোৰীগৰাকীৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই।  মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষী ।

প্ৰস্ৰাৱৰ সংক্ৰমণ হ'লে মহিলাৰ ক্ষেত্ৰত কি কি লক্ষণে দেখা দিয়ে ?
মাত্ৰ এই ৪ টা উপদেশ পালন কৰক, কেতিয়াও মুখত শালমইনা সমস্যা নহয়...
মজিয়াত শোৱাৰ অভ্যাস আছে নেকি? ইয়াৰ উপকাৰিতাৰ বিষয়ে জানক
প্ৰতাৰক আৰু বিশ্বাসঘাতক লোকক কেনেকৈ চিনিব পাৰি?