নিজকে হিন্দু বুলি পৰিচয় নিদিব, তেতিয়া অধিক সুৰক্ষিত হৈ থাকিবঃ ইউনুছ

বাংলাদেশৰ হিন্দুসকলৰ ওপৰত এক ডাঙৰ মন্তব্য প্ৰদান কৰে মহম্মদ ইউনুছে। নিজকে হিন্দু বুলি পৰিচয় নিদিয়াৰ পৰামৰ্শ দিয়ে তেওঁ। লগতে ভাৰত সন্দৰ্ভতো মন্তব্য কৰে। তেওঁৰ মতে ভাৰতে কেৱল ভুৱা খবৰ প্ৰচাৰ কৰে।

নিজকে হিন্দু বুলি পৰিচয় নিদিব, তেতিয়া অধিক সুৰক্ষিত হৈ থাকিবঃ ইউনুছ

মহম্মদ ইউনুছ

Published: 

13 Oct 2025 13:01 PM

দিনৰ পাছত দিন ধৰি বাংলাদেশত হিন্দু নিৰ্যাতিত হৈ আহিছে। কিন্তু এই কথা মানি ল’ব বিচৰা নাই বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে। ইয়াৰ বাবে তেওঁ ভাৰতত দোষী সজাইছে। তেওঁ কয় যে, ভুৱা বাতৰি প্ৰচাৰ কৰা ভাৰতৰ বিশেষত্ব। ইয়াৰ লগতে ইউনুছে বাংলাদেশৰ হিন্দু সমাজক এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁ কয় যে, নিজকে হিন্দু বুলি পৰিচয় নিদিব।

বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ আছে মহম্মদ ইউনুছৰ এটা ভিডিঅ’। মেহদী হাছানক দিয়া এটা সাক্ষাৎকাৰত ইউনুছক সোধা হৈছিল যে, আক্ৰমণৰ বিৰুদ্ধে হিন্দুসকলে কৰা প্ৰতিবাদৰ সৈতে কেনেকৈ মোকাবিলা কৰিলে? উত্তৰত তেওঁ কয় যে, এয়া ভুৱা বাতৰি। আপুনি ভুৱা বাতৰিৰ দ্বাৰা প্ৰভাৱিত হ’ব নোৱাৰে। ভুৱা খবৰেই হৈছে ভাৰতৰ বিশেষত্ব।

সংখ্যালঘু হিন্দুৰ ওপৰত হৈ থকা অত্যাচাৰৰ সুৰক্ষাৰ ওপৰত মন্তব্য প্ৰদান কৰি ইউনুছে কয় যে, ”নিজকে হিন্দু সম্প্ৰদায়ৰ বুলি চোৱাৰ পূৰ্বে নিজকে প্ৰথমে বাংলাদেশৰ নাগৰিক হিচাপে চাব লাগে। এই দৃষ্টিভংগীয়ে ঐক্যৰ সৃষ্টি কৰিব”। ইউনুছে আৰু কয়,”মই যেতিয়া সম্প্ৰদায়ৰ নেতাসকলক লগ পাম তেতিয়া মোৰ বাৰ্তা এয়াই হ’ব যে নিজকে হিন্দু বুলি পৰিচয় নিদিব। এনেকৈ সুৰক্ষা নিবিচাৰিব। সদায় ক’ব যে আমি এই দেশৰ নাগৰিক, সেয়ে আমাৰ ৰক্ষা কৰক। ইয়াৰ ফলত আপোনালোক অধিক সুৰক্ষিত হ’ব”।

তেওঁ আৰু কয়, বাংলাদেশৰ হিন্দুসকলে কেতিয়াও অকলশৰীয়া অনুভৱ কৰিব নালাগে। দেশৰ নাগৰিক হিচাপে অধিকাৰ দাবী কৰাৰ পৰামৰ্শ দিয়ে ইউনুছে। হিন্দুসকলৰ ওপৰত অত্যাচাৰৰ ঘটনা সন্দৰ্ভত নোবেল বঁটা বিজয়ী ইউনুছে কয় যে,বেছিভাগ ঘটনা ভূমি সন্দৰ্ভত, স্থানীয় বিবাদ বা ওচৰ-চুবুৰীয়াৰ সমস্যাৰ বাবে হয়। যি ঘটনাসমূহক সাম্প্ৰদায়িক ঘটনা বুলি প্ৰচাৰ কৰা হয়। উল্লেখ্য যে, শ্বেখ হাছিনাই দেশ ত্যাগ কৰাৰ পাছত বাংলাদেশৰ মন্দিৰসমূহ ধ্বংস কৰা হৈছে। কিন্তু এই দাবী খাৰিজ কৰে ইউনুছে। তেওঁ কয় যে, চৰকাৰ বহু সতৰ্ক কাৰণ ভাৰতে এই বিষয়ত অহৰহ হেঁচা সৃষ্টি কৰি আছে।

উল্লেখ্য যে, বাংলাদেশত শ্বেখ হাছিনা চৰকাৰ উৎখাত হোৱাৰ পাছত ইউনুছে মুখ্য উপদেষ্টা হিচাৰে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। ইয়াৰ পাছতে তেওঁ বহু ভাৰত বিৰোধী মন্তব্য কৰি আহিছে। আনকি দেশখনত হিন্দুৰ বিৰুদ্ধে বৃদ্ধি পাইছে নিৰ্যাতনৰ ঘটনা।

 

অন্য খবৰ পঢ়কঃ প্ৰেমিকা আছিল বিবাহিতা আৰু ৩ সন্তানৰ মাতৃ! ক্ষোভত প্ৰেমিকে লৈ আহিল পে’ট্ৰল আৰু পাছত এক ভয়ংকৰ কাণ্ড…

কোনবোৰ খাদ্যই শৰীৰত কলেষ্টেৰল বৃদ্ধি কৰে? জানক...
ময়ূৰৰ পাখি কিতাপৰ মাজত ৰাখিলে কি হয় জানেনে? সবিশেষ...
ধনেৰে উপচি পৰিব সকলো! জানক ৫টা সহজ অভ্যাস...
হ'ব সমস্যা! এইসকল লোকে ভুলতো খালী পেটত খাব নালাগে নহৰু...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...