কোন পথেৰে কিদৰে উদ্ধাৰ কৰা হৈছে ইৰাণত আবদ্ধ ভাৰতীয়ক?
ইৰাণত থকা ভাৰতীয় দূতাবাসে নিজৰ ছ’চিয়েল মিডিয়াত জনাইছে যে তেহৰাণত বসবাস কৰা সকলো ভাৰতীয়ই এতিয়াই দূতাবাসৰ সৈতে যোগাযোগ কৰি নিজৰ ঠিকনা আৰু ফোন নম্বৰ দূতাবাসত জমা দিব লাগে।

প্ৰতীকী ছবি
তেতিয়া মাজৰাতি, ইৰাণৰ প্ৰশাসনিক মহলৰ মাজত বৃদ্ধি পাইছিল পাৰমাণৱিক চুক্তিক লৈ অস্থিৰতা। এই অস্থিৰতা আচলতে আমেৰিকাই সৃষ্টি কৰা। অহৰহ দিয়া হৈছিল সতৰ্কবাণী। বুজাই দিয়া হৈছিল যে যদি কোনোবাই পাৰমাণৱিক বৈঠকত উপস্থিত নাথাকে তেন্তে তাৰ মূল্য দিব লাগিব। ধুমুহাৰ আগৰ নিস্তব্ধতাই বিৰাজ কৰিছিল সমগ্ৰ দেশত।
অৱশ্যে সেয়া আছিল ক্ষণিকৰ বাবে। এঘণ্টাৰ ভিতৰতে ইজৰাইলে ভংগ কৰিলে সেই মৌনতা, গৰজি উঠিল সিংহৰ দৰে। এই অভিযানৰ নাম আছিল ‘অপাৰেচন ৰাইজিং লায়ন’। জানিব পৰা মতে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে মোছাদৰ কৌশলৰ ভিত্তিত সংঘটিত কৰিছিল এই আক্ৰমণ। কিন্তু এই যুঁজখন কোনো পাৰমাণৱিক চুক্তি বা বৈঠকত যোগদানত বাধা দিবলৈ আৰম্ভ কৰা সংঘাত নহয়। ইজৰাইলে দাবী কৰে যে, ‘এয়া তেওঁলোকৰ অস্তিত্ব বজাই ৰখাৰ যুঁজ।’ যুদ্ধত বিধ্বস্ত হোৱা এখন দেশ। সেই দেশখনে আজি যুদ্ধৰ মাজেৰে জীয়াই থাকিব বিচাৰিছে।
ভাৰতৰ আকাশত আশংকাৰ কলীয়া ডাৱৰ। ইজৰাইলৰ সৈতে প্ৰতিৰক্ষাৰ খাতিৰত সু-সম্পৰ্ক ভাৰতৰ। আনহাতে ইৰাণৰ সৈতে সম্পৰ্ক বাণিজ্যৰ খাতিৰত। ২০২৩ বৰ্ষৰ এক পৰিসংখ্য অনুসৰি সেই বছৰত ইৰাণৰ সৈতে মুঠ ১৮০ কোটি মাৰ্কিন ডলাৰৰ ব্যৱসায় কৰিছিল ভাৰতে।
যিদৰে আমদানি কৰিছিল, তেনেদৰে ৰপ্তানিও হৈছিল। সাধাৰণভাৱে তেল, ড্ৰাইফ্ৰুটছ আৰু ৰত্নৰ দৰে পণ্য প্ৰতি বছৰে পশ্চিম এছিয়া তথা মধ্য প্ৰাচ্যৰ এই দেশখনৰ পৰা আমদানি কৰে ভাৰতে।
ইজৰাইল-ইৰাণৰ যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে ভাৰতত বাণিজ্যিক চিন্তাৰ উদ্ৰেক ঘটে। কিন্তু, এটা গুৰুত্বপূৰ্ণ বিষয়ক আওকাণ কৰা হ’ল। বিভিন্ন মহলত কেৱল ব্যৱসায়-বাণিজ্যহে আলোচনাৰ কেন্দ্ৰবিন্দু আছিল। যেতিয়া পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিল, তেতিয়াহে সেই দেশত বসবাস কৰা ভাৰতীয়সকলক লৈ উদ্বেগ বৃদ্ধি পালে।
বৰ্তমান ইৰাণত মুঠ ১০ হাজাৰ ভাৰতীয় নাগৰিক আছে। ইয়াৰে অধিকাংশই ছাত্ৰ-ছাত্ৰী। প্ৰতি বছৰে দেশৰ তিনিটা অঞ্চল হায়দৰাবাদ, লক্ষ্ণৌ আৰু জম্মু-কাশ্মীৰৰ বাসিন্দা ইৰাণলৈ যায়। মূলতঃ সস্তীয়া চিকিৎসা শিক্ষা আৰু তেল শোধনাগাৰত লাভজনক চাকৰিকে ধৰি বিভিন্ন কাৰণত ভাৰতীয়সকলৰ মধ্যপ্ৰাচ্যৰ এই দেশখনলৈ যোৱাৰ প্ৰৱণতা দেখা গৈছে।
এয়া কেৱল আজিৰ কথা নহয়। ১৯২০ চনত দেশৰ স্বাধীনতাৰ প্ৰাকক্ষণত মুঠ ১৮০ টা ভাৰতীয় পৰিয়াল ইৰাণলৈ গৈছিল। আজি সেই সংখ্যা ১০ হাজাৰ হৈছেগৈ। ইতিমধ্যে ইৰাণত থকা ভাৰতীয় দূতাবাসে তাত বসবাস কৰা ভাৰতীয়সকলৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছে। ইটোৰ পিছত সিটোকৈ জাৰি কৰিছে কেইবাটাও নিৰ্দেশনা।
ইৰাণত থকা ভাৰতীয় দূতাবাসে নিজৰ ছ’চিয়েল মিডিয়াত জনাইছে যে তেহৰাণত বসবাস কৰা সকলো ভাৰতীয়ই এতিয়াই দূতাবাসৰ সৈতে যোগাযোগ কৰি নিজৰ ঠিকনা আৰু ফোন নম্বৰ দূতাবাসত জমা দিব লাগে।
কিন্তু নতুন দিল্লীয়ে ভাৰতীয়ক উদ্ধাৰৰ বাবে নিজাববীয়াকৈ কোনো পদক্ষেপ গ্ৰহণ নকৰে নেকি? সেয়া কোনোপধ্যে নহয়। ইতিমধ্যে তাত থকা দূতাবাসে সকলোৰে সৈতে যোগাযোগ কৰি ইৰাণ এৰি অহাৰ উপায় বিচাৰি উলিয়াইছে। যিহেতু যুদ্ধৰ বাবে বিমান সেৱা বন্ধ হৈ আছে, আনকি আকাশমাৰ্গো সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে, সেয়েহে নতুন দিল্লীয়ে জৰুৰীকালীন বিমান প্ৰেৰণ কৰিও ইৰাণত থকা ভাৰতীয়সকলক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। এতিয়া এটাই উপায় আছে।
এই পৰিস্থিতিত এটাই বিকল্প পথ আছে । আৰ্মেনিয়া, যিখন আজাৰবাইজানৰ প্ৰতিবেশী দেশ। আনহাতে, তুৰ্কমেনিস্তান আৰু আফগানিস্তানো আছে। যদিও এই বিকল্পসমূহ উপলব্ধ, নতুন দিল্লীয়ে কোন পথেৰে ইৰাণৰ সকলো ভাৰতীয়ক ওভতাই অনা হ’ব সেই সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা নাই। তেহৰাণৰ সূত্ৰ অনুসৰি দূতাবাসৰ উদ্যোগত কেইবাখনো বাছৰ ব্যৱস্থা কৰা হৈছে। সেই বাছবোৰে ছাত্ৰ-ছাত্ৰীক সীমান্তলৈ লৈ যাব।
সোমবাৰে ইৰাণৰ কুম চহৰৰ পৰা মুঠ ৬০০ ভাৰতীয় ছাত্ৰ-ছাত্ৰীক স্থলপথেৰে তেহৰাণলৈ অনা হয়। ইজৰাইলৰ আক্ৰমণত চহৰখন সম্পূৰ্ণৰূপে ধ্বংস হৈছিল। লগতে সেই ৬০০ জনৰ ভিতৰত ১১০ জনক ইৰাণৰ সীমান্ত পাৰ কৰি আৰ্মেনিয়ালৈ লৈ যোৱা হৈছিল। বৰ্তমান তেওঁলোক নিৰাপদ। পৰিস্থিতি অধিক বিপদজনক হ’লে তেওঁলোকক আৰ্মেনিয়াৰ পৰা নতুন দিল্লীলৈ ঘূৰাই অনা হ’ব বুলি সূত্ৰই প্ৰকাশ কৰিছে। ইতিমধ্যে আৰ্মেনিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰিছে চাউথ ব্লকে। আৰব দেশৰ মাজেৰে এই উদ্ধাৰ অভিযান অব্যাহত থাকিব।